অসম

assam

ETV Bharat / state

‘কা’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কালৈ আহ্বান বিশিষ্ট সংগীত পৰিচালক মানস ৰবীনৰ ! - Manas Robin on Caa - MANAS ROBIN ON CAA

Manas Robin on CAA: জুবিন গাৰ্গৰ পিচতে ‘কা’ সন্দৰ্ভত পোষ্ট বিশিষ্ট সংগীত পৰিচালক মানস ৰবীনৰ । ‘কা’ ৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান শিল্পীগৰাকীৰ ।

Etv Bharat
Etv Bharat

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 1:31 PM IST

গুৱাহাটী, 27 মাৰ্চ:দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ ‘কা’ ৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ ‘কা’ ৰ বিৰুদ্ধে সবল প্ৰতিবাদী স্থিতি গ্ৰহণ কৰি আহিছে বিশিষ্ট সংগীত পৰিচালক, কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ মানস ৰবীনে । ভিন্ন সময়ত ‘কা’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি অহা পৰিলক্ষিত হৈছে শিল্পীগৰাকীক । শেহতীয়াকৈ স্পৰ্শকাতৰ বিষয়টোক লৈ পুনৰ সৰৱ হোৱা দেখা গৈছে মানস ৰবীনক ৷ পিচে সমান্তৰালকৈ কাৰোবাক নিজৰ মন্তব্যৰ লক্ষ্য কৰি ল’লে নেকি মানস ৰবীনে ?

দৰাচলতে মঙলবাৰে কণ্ঠশিল্পী মানস ৰবীনে সামাজিক মাধ্যমযোগে আগবঢ়ায় এটা পোষ্ট ৷ পোষ্টযোগে মানস ৰবীনে উল্লেখ কৰে,‘কা’ মই নামানো বুলি কৈ দিলেই বা ফেচবুকত এলাইন লিখি দিলেই মোৰ বা আপোনাৰ দায়িত্ব শেষ নেকি ? ‘কা’ এখন আইন । এখন আইন প্ৰণয়ন কৰে চৰকাৰে । 'কা'-ৰ বিৰোধিতা কৰা মানে চৰকাৰৰো বিৰোধিতা কৰা । এহাতে চৰকাৰক সমৰ্থন কৰি আনহাতে ‘কা’ ৰ বিৰোধিতা কৰাটো মোৰ বা আপোনাৰ চূড়ান্ত সুবিধাবাদ আৰু জাতিধ্বংসী স্থিতিৰ বাদে আন একো নহয় । সময় থাকো‍ঁতেই স্থিতি স্পষ্ট কৰক । নহ'লে ইতিহাসে কাকো ক্ষমা নকৰিব ।"

‘কা’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান বিশিষ্ট সংগীত পৰিচাল মানস ৰবীনৰ

শিল্পীগৰাকীৰ এই সামাজিক পোষ্টটোৱে নেটিজেনৰ মাজত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ পিচে যিটো কথাই সকলোৰে মাজত চৰ্চা লাভ কৰিছে সেয়া হ’ল কাক উদ্দেশ্যি মানস ৰবীনৰ এই পোষ্ট ?

লক্ষণীয় বিষয় যে, মঙলবাৰে কণ্ঠশিল্পী জুবিন গাৰ্গে 'কা’ সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰি সামাজিক মাধ্যমযোগে আগবঢ়াইছিল এটা ফেচবুক পোষ্ট । পোষ্টটোত জুবিনে লিখিছিল, " ‘কা’ ৰ ক্ষেত্ৰত মোৰ স্থিতি একেই আছে, ‘কা’ কেতিয়াও মানি লোৱা নহয় । এইখন এখন অদৰকাৰী আইন । মই ৰাজনীতি কৰা মানুহ নহয় । মই ৰাজনীতি বেয়া পাওঁ । মই 'কা' বিৰোধ কৰিছিলোঁ আৰু তাত কোনো লৰ-চৰ নাই । কোন মানুহ কোন পার্টীত আছে মই নাজানো । মই নিজৰ জেগাত আছোঁ । যদি মানুহে মোক নুবুজে, তেনেহ'লে মোৰ উপায় নাই । মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম ।"

ইয়াৰোপৰি, 'কা' ৰ বিৰোধিতা কৰি ৰাজপথৰ বিপৰীতে মঞ্চত অথবা ছ'চিয়েল মিডিয়াৰ যোগেৰে ‘কা’ ৰ প্ৰতিবাদ কৰি যাব বুলি শিল্পী জুবিন গাৰ্গে উল্লেখ কৰিছিল । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এই ফেচবুক পোষ্টৰ পাছতেই ‘কা’ সন্দৰ্ভত মানস ৰবীনে আগবঢ়োৱা পোষ্টে সামাজিক মাধ্যমত বিশেষ খলকনি তোলা পৰিলক্ষিত হৈছে

লগতে পঢ়ক:ৰাজপথত নহয়, মঞ্চ-ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰিব জুবিন গাৰ্গে - Zubeen Garg on CAA Protest

ABOUT THE AUTHOR

...view details