অসম

assam

নৰসিংহ পাতৰ বাবেই সৃষ্টি হ'ল লংকাকাণ্ডৰ - shocking case in dergaon

By ETV Bharat Assamese Team

Published : May 3, 2024, 10:12 PM IST

shocking case in Dergaon : গোলাঘাটৰ দেৰগাঁৱত আজৱ কাণ্ড ৷ নৰসিংহ পাত ছিঙিবলৈ গৈ চুবুৰীয়াৰ মাজত দুৰ্বাদল কাজিয়া ৷

man thrashed for curry leaves in Dergaon
নৰসিংহ পাতৰ বাবেই সৃষ্টি হ'ল লংকাকাণ্ডৰ (etv bharat assam)

নৰসিংহ পাতৰ বাবেই সৃষ্টি হ'ল লংকাকাণ্ডৰ (etv bharat assam)

গোলাঘাট, 3 মে’ : গোলাঘাটৰ দেৰগাঁৱৰ ছগুৰি নামকনুৱা গাঁৱত আজৱ ঘটনা সংঘটিত হৈছে ৷ সামান্য কথাতে দুঘৰ লোকৰ ঘৰত দুৰ্বাদল কাজিয়াৰ সৃষ্টি হয় ৷ গাঁৱখনৰ একাংশ উত্তেজিত ৰাইজ ওলাই আহি আক্ৰমণ কৰে ইছলাম হুছেইন নামৰ ব্যক্তিজনৰ বাসগৃহত । ইমানতো ক্ষান্ত নাথাকি গঞাই ভাঙি চুৰমাৰ কৰে বাসগৃহটোৰ দুৱাৰ-খিৰিকী ।

ঘটনাৰ বিৱৰণী অনুসৰি, তিনিদিনৰ পূৰ্বে নজৰুল হুছেইন নামৰ যুৱকজনে বিয়লি সময়ত পত্নীক পকৰী খাবলৈ মন যোৱা বুলি কোৱা তেওঁ স্বামীক নৰসিংহৰ পাত ছিঙিবলৈ কয় ৷ পত্নীৰ কথা অনুসৰি, নজৰুলে নিজৰ বাৰীৰ পৰাই নৰসিংহৰ পাত চিঙিবলৈ গৈছিল । নজৰুলে পাত চিঙি ঘৰলৈ অহাৰ পাচত বাৰীৰ ঢাপতে লাগি থকা প্ৰতিৱেশীৰ বাসগৃহটোৰ আখতাৰ আলী ওলাই আহি চোৰৰ সন্দেহত নজৰুলক প্ৰশ্ন কৰে ৷

আখতাৰে নজৰুলক তামোল চোৰ কৰিবলৈ যোৱা বুলি কথাৰ কটাকটি কৰে ৷ এই তৰ্কই পিছলৈ ভয়ানক মাৰপিটলৈ পৰিৱৰ্তিত হয় । এই মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নজৰুল হুছেইন ।

তাৰ পিচতে পৰিয়ালৰ লোকে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰি আঘাতপ্ৰাপ্ত যুৱকজনক যোৰহাটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পৰৱৰ্তী সময়ত নজৰুল কিছু সুস্থ হোৱাত শুকুৰবাৰে ঘৰলৈ যুৱকজনক পৰিয়ালে ঘৰলৈ লৈ আনে ।

এই ঘটনাৰ পিচতেই নজৰুলৰ পৰিয়ালৰ লোকে এজাহাৰ দিয়াৰ পাচতো দেৰগাঁও আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত হিচাপে উল্লেখ কৰা যুৱকজন তথা পৰিয়ালটোৰ ওপৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা নোলোৱাত আইন হাতত তুলি ল'লে একাংশ ৰাইজে ।

বহুসংখ্যক ৰাইজে অভিযুক্তজনৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰি সৃষ্টি কৰে লংকাকাণ্ড । এই উত্তপ্ত পৰিস্থিতি অধিক ভয়ানক হোৱাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় দুটাকৈ আৰক্ষীৰ দল ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ৰাইজৰ অভিযোগ আৰক্ষীয়ে অৱহেলা কৰাৰ বাবেই এই ঘটনা হ’বলৈ পালে ৷

লগতে পঢ়ক:খানাপাৰাত পুনৰ STF ৰ ড্ৰাগছ বিৰোধী অভিযান, মহিলাসহ এজনক গ্ৰেপ্তাৰ - Anti drugs operation

ABOUT THE AUTHOR

...view details