গুৱাহাটী, ৬ এপ্ৰিল:গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । পৰকীয়া প্ৰেমৰ সন্দেহত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে স্বামীয়ে । স্বামীয়ে তিনিচেও কৰিলে নিজ পত্নীক । জ্যোতিকুছিৰ ধপলীয়াত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো । ইয়াৰ পাচতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে ফটাশিল আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত স্বামীক ৷
শুকুৰবাৰৰ মাজনিশা সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো ৷ অভিযুক্ত স্বামীয়ে দাবী কৰি মতে, পত্নী দীপালী পোড্ডাৰে দীৰ্ঘদিন ধৰি অন্য যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক চলাই আহিছিল । পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্কে জানিব পাৰি স্বামী লক্ষণ বিশ্বাসে বাৰম্বাৰ মানা কৰাৰ লগতে সৰ্তকও কৰি আহিছিল ৷ কিন্তু স্বামীৰ কোনো কথা মনা নাছিল পত্নীয়ে ৷ স্বামীৰ বাৰম্বাৰ সকীয়নীৰ পাচতো পত্নীয়ে এই সম্পৰ্ক বৰ্তাই আহিছিল ৷
অৱশেষত শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত পত্নী দীপালী পোড্ডাৰে প্ৰেমিকৰ লগত কথা পাতি থকা গম পাই স্বামীয়ে শহুৰেকৰ ঘৰলৈ আহি দীপালীক খুকুৰীৰে কাটি তিনি টুকুৰা কৰে ৷ পত্নীক টুকুৰা-টুকুৰ কৰাৰ পাচত কটা মূৰ লৈ আৰক্ষী থানালৈ অহাৰ সময়তে পত্নীৰ পৰিয়ালে দেখা পাই লগে লগে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত ফটাশিল আৰক্ষী উপস্থিত হৈ অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰে আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
জানিব পৰা মতে আজি পুৱা আৰক্ষীয়ে অভিযুক্ত স্বামী লক্ষণৰ স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷ সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ স্থানীয় লোকে সদৰী কৰা মতে লক্ষণ ঘৰ কোকৰাঝাৰত ৷ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য ৷ মদৰ নিচাত স্বামী লক্ষণে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় লোক তথা দীপালীৰ পৰিয়ালে ৷
লগতে পঢ়ক:Brutally murder case: দুই সন্তানসহ পত্নীক হত্যা কৰি পুতি থ’লে ঘৰৰ চৌহদত