অসম

assam

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 7:41 PM IST

ETV Bharat / state

মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনলৈ ভৌগোলিক স্বীকৃতি

Majuli GI Tag : জি আই মাৰ্ক লাভ কৰিছে মাজুলীৰ দুই আপুৰুগীয়া শিল্পই । মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনে লাভ কৰিলে ভৌগোলিক স্বীকৃতি ।

Majuli GI Tag
মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনলৈ ভৌগোলিক স্বীকৃতি

মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনলৈ ভৌগোলিক স্বীকৃতি

মাজুলী, 3 মাৰ্চ : মাজুলীবাসীলৈ সুখবৰ ৷ মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনে লাভ কৰিলে ভৌগোলিক স্বীকৃতি । বহুতো পৰীক্ষা নিৰীক্ষণৰ পাচত জি আই মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ দুই আপুৰুগীয়া শিল্পই । দুজনা গুৰুৰ অমৰ সৃষ্টি ভাওনাৰ অতিমানৱ চৰিত্ৰত প্ৰাকৃতিকভাৱে তৈয়াৰী মুখাশিল্প ব্যৱহৃত হয় । মাজুলীৰ চামগুৰি সত্ৰকে ধৰি সত্ৰসমূহত এই মুখা পৰম্পৰাগতভাৱে নিৰ্মান হৈ আহিছে ।

নতুন চামগুৰি সত্ৰৰ মুখাশিল্পী পদ্মশ্ৰী সংগীত নাটক অকাডেমি বঁটাপ্ৰাপ্তক হেমচন্দ্ৰ গোস্বামীয়ে এই মুখা শিল্পীৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আজীৱন নিজকে উৎসৰ্গা কৰিছে । এতিয়া বিশ্বজনীন হৈছে মুখাশিল্প । বৃটিছ মিউজিয়াম, ফান্স মিউজিয়াম, আমেৰিকা মিউজিয়াম, দিল্লীৰ নেশ্যনেল মিউজিয়ামত সংৰক্ষিত হৈছে মুখাশিল্প । ভাৰত চৰকাৰৰ ফালৰ পৰা বহুতো পৰীক্ষা-নিৰীক্ষাৰ শেষত এই দুই ঐতিহাসিক সম্পদে ভৌগোলিক স্কীকৃতি লাভ কৰে ৷

এই খবৰৰ পিচতে উৎফুল্লিত হৈছে হেমচন্দ্ৰ গোস্বামী ৷ হেমচন্দ্ৰ গোস্বামীৰ উপৰিও কেইখনো সত্ৰৰ বৈষ্ণৱ যেনে উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ দীপক বৰুৱা এই শিল্পৰ লগত জড়িত ।

আনহাতে গুৰু দুজনাৰ আন এক অমৰ সৃষ্টি হৈছে সাঁচিপাতৰ পুথি । সাঁচিগছৰ বাকলিৰ পৰা হেঙুল হাইতেল, মাতিমাহ, ঔটেঙা, আদি প্ৰাকৃতিক ভাৱে সাচিপাতৰ পুথি চিত্ৰ প্ৰস্তুত কৰাতো অতিকৈ কঠিন । বৰ্তমান বিলুপ্তি প্ৰায় এই পুথি চিত্ৰ অংকন মাজুলীৰ সত্ৰসমূহত বৰ্তমানেও প্ৰচলিত । প্ৰাকৃতিক সামগ্ৰীৰে পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা সাঁচিপাতৰ চিত্ৰ অংকনেও GI Tag লাভ কৰাত শিল্পীসকল উৎফুল্লিত হৈছে।

বিশেষকৈ গড়মূৰ সত্ৰৰ মৃদুল বৰুৱাই এই চিত্ৰ অংকনৰ বাবে নিজকে উৎসৰ্গিত কৰি আহিছে ৷ তেওঁ গুৰগৃহ সাজি শ শ ছাত্র-ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে। কেৱল সাঁচিপাত প্ৰস্তুত আৰু অংকন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা শিল্পী মৃদুল বৰুৱাও উৎফুল্লিত হৈ পৰিছে এই স্বীকৃতিৰ বাবে । মৃদুল বৰুৱাৰ ওপৰিও উত্তৰ কমলাবাৰী সত্ৰৰ ৰাজীৱ কাকতিও এই পুথিচিত্ৰ অংকনৰ লগত জড়িত ।

লগতে পঢ়ক:হঠাৎ যেন কদৰ বাঢ়িছে কাজিনেমুৰ !

ABOUT THE AUTHOR

...view details