গুৱাহাটী,১৮ এপ্ৰিল:শুকুৰবাৰে অসমৰ ৫ টা লোকসভা সমষ্টিত আৰম্ভ হ’ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । নিৰ্বাচন সম্পূৰ্ণৰূপে নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি ঘোষণা কৰাৰ পাচৰে পৰা সক্ৰিয় কৰি তোলে ফ্লায়িং স্কোৱাডক । বৃহস্পতিবাৰৰ পুৱা ৯ বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি নিৰ্বাচনী আচৰণ-বিধি ভংগৰ মুঠ ১১৩টা গোচৰ-অভিযোগ লাভ কৰিছে আয়োগে ৷
তাৰে ১০৮ টা অভিযোগ-গোচৰ আয়োগে নিষ্পত্তি কৰিছে । ৫ টা গোচৰ এতিয়াও অমীমাংসিত অৱস্থাত আছে । মুঠ ১১৩ টা গোচৰৰ ৭ টা গোচৰ বা অভিযোগক গুৰুতৰ হিচাপে বিবেচনা কৰা হৈছে । আনহাতে নিৰ্বাচনৰ খৰচ পৰ্যবেক্ষণ বিভাগে বৃহস্পতিবাৰৰ পুৱা ৯ বজা পৰ্যন্ত ১৬৮ কোটি টকা মূল্যৰ নগদ ধন, সুৰা, ড্ৰাগছ, মূল্যবান সম্পত্তি আদি জব্দ কৰিছে ৷ ইয়াৰে ১৫.৩ কোটি টকা নগদ ধন জব্দ কৰিছে ।
আনহাতে ৰাজ্যজুৰি ৬.৯৭ লাখ লিটাৰ সুৰা জব্দ কৰা হৈছে । এই সুৰাখিনিৰ মূল্য ২১.৭৫ কোটি টকা হ'ব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰিও ১০২.৮ কোটি টকা মূল্যৰ ড্ৰাগছ জাতীয় নিচাযুক্ত দ্ৰব্য জব্দ কৰা হৈছে । লগতে মূল্যবান ধাতু জব্দ কৰা হৈছে ২৮.১ কোটি টকাৰ । আনহাতে নিৰ্বাচনী আচৰণ-বিধি বলৱৎ কৰাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে মুঠ ২৬ টা মাৰণাস্ত্ৰ জব্দ কৰা হৈছে । কাৰ্টিজ/বিস্ফোৰক জব্দ কৰা হৈছে ৭২ টা ।