অসম

assam

ETV Bharat / state

ছেমিকণ্ডাক্টৰ প্ৰকল্প বাৰু হৈ যাব; কিন্তু অসমৰ লঘু উদ্যোগীৰ বাবে কি কৰিছে ৰাজ্য চৰকাৰে ?

Small entrepreneurs in Assam: ৰাজ্যৰ লঘু উদ্যোগ খণ্ডৰ অৱস্থা কেনে ? উদ্যোগ খণ্ডৰৰ বিনোয়োগ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কি কি নীতি গ্ৰহণ কৰিছে ?

By ETV Bharat Assamese Team

Published : 5 hours ago

Small entrepreneurs in Assam
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ (Assam CM FB page)

গুৱাহাটী, ৯ অক্টোবৰ: কোনো এখন ৰাজ্য, দেশ বা ভৌগোলিক ভূ-খণ্ডৰ অৰ্থনৈতিক বিকাশৰ বাবে উদ্যোগিক বিকাশ মেৰুদণ্ড স্বৰূপ । অসমৰ ঔদ্যোগিক খণ্ডলৈ শেহতীয়াভাৱে আশাৰ বতৰা কঢ়িয়াই আনিছে জাগীৰোডৰ নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পই । কিন্তু অসমৰ গুৰু উদ্যোগৰ বিপৰীতে ৰাজ্যৰ লঘু উদ্যোগ খণ্ডৰ অৱস্থা কেনে ? সাম্প্ৰতিক অসমৰ লঘু উদ্যোগৰ অৱস্থা কেনে ? উদ্যোগ খণ্ডৰৰ বিনোয়োগ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কি কি নীতি গ্ৰহণ কৰিছে ?

অসমত লঘু উদ্যোগ কিমান আছে ?

অসমৰ উদ্যোগ, বাণিজ্য বিভাগে অসম বিধানসভাত দাখিল কৰা তথ্য অনুসৰি অসমত ভাৰত চৰকাৰৰ উদ্যম পোর্টেলৰ তথ্য মতে মুঠ ৯,৪৯৯ টা লঘু উদ্যোগ পঞ্জীভুক্ত হৈ আছে । বিপৰীতে গুৰু উদ্যোগৰ ক্ষেত্ৰত বিনিয়োগকাৰীক উৎসাহিত কৰিবৰ বাবে অসম চৰকাৰে বিভিন্ন ধৰণৰ নীতি হাতত লৈ অহা দেখা গৈছে ৷ এনে নীতিৰ ভিতৰত অৰ্ধপৰিবাহী নীতি, ২০২৩ উল্লেখনীয় । টাটা ইলেক্ট্রনিক্স লিমিটেডে ২৭০০০ কোটি টকাৰ বিনিয়োগৰ জৰিয়তে অসমত টাটা ছেমিণ্ডাক্টৰ আৰু টেষ্টিং প্রকল্পৰ নির্মাণ কাৰ্য আৰম্ভ কৰিছে ।

অসমৰ লঘু উদ্যোগৰ তথ্য (Assam Govt Data)

এই উদ্যোগটোক অসম চৰকাৰে অসম (ইলেক্ট্রনিক্স) অর্ধপৰিবাহী নীতি, ২০২৩ ৰ জৰিয়তে ৰাজ সাহায্য প্রদান কৰিব । অসম চৰকাৰে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি এই প্রকল্পটোরে স্বদেশীভাৱে বিকাশিত প্রযুক্তি ব্যৱহাৰ কৰি প্রতিদিনে ৪.৮৩ কোটি চিপ উৎপাদন কৰিব । লগতে, এই প্রকল্পটোত ২৫,০০০ জন লোকে প্রত্যক্ষভাৱে নিযুক্তি পাব । মুঠ ৩০,০০০ জন লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব জাগীৰোডৰ এই প্ৰকল্পত ৷

লঘু উদ্যোগক উৎসাহিত কৰিবৰ বাবে কি কৰিছে অসম চৰকাৰে ?

অসমত বৰ্তমান নিৱনুৱাৰ সংখ্যা চৰকাৰী নিয়োগ বিনিময় প’ৰ্টেল অনুসৰি নিৱনুৱাৰ সংখ্যা ৩৩,৫৯,১৭৬ জন । নিৱনুৱা সমস্যা সমাধান কৰা উদ্দেশ্যেৰে অসমৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগে বিভিন্ন সময়ত বিভিন্ন আঁচনি গ্রহণ কৰি লঘু আৰু গুৰু উদ্যোগক উৎসাহিত কৰি অহা দেখা গৈছে ।

অসমৰ লঘু উদ্যোগৰ তথ্য (Assam Govt Data)

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান

ৰাজ্যৰ নিবনুৱা সমস্যাৰ সমাধান আৰু ৰাজ্যৰ সর্বাংগীন অগ্রগতিৰ পোষকতা কৰাৰ লক্ষ্যৰে এই আঁচনিখন লোৱা হৈছিল । আবেদনকাৰীৰ বিপৰীতে কিছু সংখ্যকহে এই আঁচনিয়ে সামৰি লোৱা দেখা গ’ল ।
এই আঁচনিৰ অধীনত

১. সাধাৰণ ডিগ্রীধাৰী ২ লাখ ঋণ দিয়া হয় । এই দুই লাখৰ ১ লাখ আর্থিক সাহার্য্য আৰু ১ লাখ সুদবিহীন ঋণ ৷
২. পেছাদাৰী ডিগ্রীধাৰীক ৫ লাখ টকাৰ ঋণ দিয়া হয় । এই ৫ লাখ ঋণৰ ২.৫ লাখ আর্থিক সাহায্য আৰু ২.৫ লাখ সুদবিহীন ঋণ।

অনুদানৰ লগতে প্রশিক্ষণ কার্যসূচীৰ যোগেদি প্ৰশিক্ষণৰ ব্যৱস্থাও আছে এই আঁচনিত । 'মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান' আঁচনিখন ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে আবেদনৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হৈছিল ৷ পৰৱৰ্তী সময়ত এই আঁচনিৰ বাবে অনলাইনযোগে ১,০৪,০৯১ খন আবেদন লাভ কৰিছিল । আবেদনৰ সমূহৰ মাজৰ পৰা এইবছৰৰ ১৫ মার্চত আনুষ্ঠানিকভাৱে ১০০ জন আবেদনকাৰীক বাচনি কৰি মুঠ ১,৫০,৩২,৫০০,০০ টকা মুকলি কৰি দিয়ে অসম চৰকাৰে ।

অসমৰ লঘু উদ্যোগৰ তথ্য (Assam Govt Data)

আনহাতে যোৱা ৩০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ২৫ সহস্ৰাধিক যুৱ উদ্যোগীৰ একাউণ্টলৈ মুঠ ৫১০ কোটি টকা প্রদান কৰে অসম চৰকাৰে । এই সমৰ্থনে আমাৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ ব্যৱসায়িক যাত্ৰাক সুদৃঢ় আৰু সম্প্ৰসাৰিত কৰাত গুৰুত্বপূর্ণ সহযোগিতা আগবঢ়াব ।

অসম উদ্যোগিক বিকাশ আৰু বিনিয়োগ নীতি ২০১৯ :

অসমত নিবনুৱা সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ উদ্যোগিক বিকাশ আৰু বিনিয়োগ নীতি, ২০১৯ ৰ অধীনত বিভিন্ন উদ্যোগ গোটক সামগ্রী আৰু সেৱা কৰ ৰেহাইকে আদি কৰি আন আন বিত্তীয় সাহায্য প্রদানৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে । অসম চৰকাৰৰ এইসমূহ সাহায্য লাভ কৰাৰ এটা গুৰুত্বপূর্ণ চর্ত হ’ল- প্রবন্ধন (Managerial) পর্যায়ত ন্যূনতম ৮০% আৰু অপ্রবন্ধন (Non-Managerial) পর্যায়ত ন্যূনতম ৯০% কর্মচাৰী অসমৰ স্থানীয় হ'ব লাগিব ।

অসম উদ্যোগিক বিকাশ আৰু বিনিয়োগ নীতি ২০১৯ ৰ অধীনত মাত্ৰ ২১১২ জনৰ কৰ্মসংস্থাপন :

২০১৯ চনৰ ১ ছেপ্টেম্বৰত ঔদ্যোগিক বিকাশ আৰু বিনিয়োগ নীতি, ২০১৯ প্ৰৱৰ্তনৰ পৰা যোৱা আগষ্ট মাহলৈ মুঠ ১৬৯ টা উদ্যোগিক গোটক এই নীতিৰ অধীনত যোগ্যতাৰ প্রমাণপত্র প্রদান কৰা হৈছে । এই উদ্যোগ গোট সমূহে ২১১২ জন স্থানীয় যুৱক-যুৱতীক কর্মসংস্থাপন প্রদান কৰিছে । মুঠ ২১১২ জন যুৱক-যুৱতীৰ ভিতৰত ৩০২ জনে প্রবন্ধন পৰ্যায়ত আৰু ১৯১০ জন অপ্রবন্ধন পর্যায়ত কর্মসংস্থাপন লাভ কৰিছে ।

অসমৰ লঘু উদ্যোগৰ তথ্য (Assam Govt Data)

এবছৰত ১৩,৫৬৫.৭০ কোটি টকাৰ মুঠ বিনিয়োগ:

উদ্যোগ মন্ত্ৰী বিমল বড়াই জনোৱা তথ্য অনুসৰি অসম ঔদ্যোগিক বিকাশ আৰু বিনিয়োগ নীতি ২০১৯ (সংশোধনী)ৰ অধীনত যোৱা ১ বছৰত ২১ টা বৃহৎ গোটৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে অসম চৰকাৰৰ ৷ যাৰ ফলত ৰাজ্যত ১৩,৫৬৫.৭০ কোটি টকাৰ মুঠ বিনিয়োগ হৈছে । ইয়াৰ ফলত অসমত মুঠ ১৭,৪৬৪ জনৰ সংস্থাপন হ’ব ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ ইতিমধ্যে কেবিনেটে আন ৪টা বৃহৎ গোটক অনুমোদন জনাইছে আৰু ইয়াৰ মুঠ বিনিয়োগ মূল্য হ’ব ৫৫১ কোটি টকা । ইয়াৰ জৰিয়তে মুঠ ১২৫৩ জন নিৱনুৱাৰ নিয়োগৰ সুবিধা হ’ব বুলি মন্তব্য উদ্যোগমন্ত্ৰীজনৰ ।

অসম ঋণ নিশ্চয়তা আঁচনি:

এই আঁচনিৰ জৰিয়তে ৰাজাৰ ক্ষুদ্র উদ্যোগীসকলক আমানত প্ৰদানৰ প্রয়োজন নোহোৱাকৈ বেংকৰ পৰা ঋণপ্রাপ্তিৰ সুবিধা আছে । এই আঁচনিৰ অধীনত ঋণ লোৱাজনৰ শ্রেণীৰ ওপৰত নিৰ্ভৰ কৰি ঋণৰ পৰিমাণৰ ৭৫-৮৫% ৰাষ্ট্রীয় ঋণ নিশ্চয়তা সংস্থা (চিজিটিএমএছই)ৰ দ্বাৰা নিশ্চিত কৰা হয় । বাকী ১৫-২৫% নিশ্চয়তা অসম চৰকাৰে প্ৰদান কৰে । অর্থাৎ যদি কোনো উদ্যোগীয়ে ঋণ পৰিশোধ কৰিব নোৱাৰে তেন্তে বেংকসমূহ এই আঁচনিৰ জৰিয়তে সুৰক্ষিত হৈ থাকে, যাৰ ফলত তেওঁলোকে ক্ষুদ্র উদ্যোগীসকলক অধিক সহজে ঋণ দিবলৈ উৎসাহিত হয় । এই আঁচনিখন ২০২৩ চনৰ ০১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হৈছে ।

চলিত বছৰৰ ৩১ মে’লৈ এই আঁচনিৰ অধীনত নিশ্চয়তা কভাৰেজ (Guarantee coverage) এনে ধৰণৰ:

১. নিশ্চয়তা আবেদনৰ সংখ্যা ৩৯,৫৭৮ খন
২. সামৰি লোৱা ধনৰ পৰিমাণ ৪.৩৬৬ কোটি

মুখ্যমন্ত্রীৰ থলুৱা উদ্যোগ বিকাশ আঁচনি :
অসমৰ বিভিন্ন হস্তশিল্প, যেনে- মৃৎশিল্প, বাঁহ-বেতৰ সামগ্রী প্রস্তুতকৰণ, কাঠৰ ভাস্কর্য শিল্প, শীতল পাটি, গহনা শিল্প, পানী মেটেকাৰ সামগ্রী প্রস্তুতকৰণ, কাঁহ-পিতল শিল্প, আতচবাজী, হস্ততাঁত শিল্প, মুখাশিল্প আদিৰ উন্নয়নৰ বাবে তথা এইবোৰৰ লগত জড়িত শিল্পী-কাৰিকৰসকলৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰে ২০১৯ চনত মুখ্যমন্ত্রীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিখনৰ শুভাৰম্ভ কৰিছিল ।

এইখন আঁচনিৰ জৰিয়তে শিল্পী গোটৰ পঞ্জীয়নকৃত সমবায় সমিতিলৈ মূলত সঁজুলি আৰু যন্ত্র-পাতি ক্রয়ৰ বাবে আৰু কর্মগৃহ নিৰ্মাণৰ বাবে আর্থিক সাহায্য দিয়া হয় । ইয়াৰ উপৰিও এই আঁচনিৰ অধীনত শিল্প গোটৰ প্ৰয়োজনীয় কেঁচা সামগ্ৰী ভঁৰালৰ বাবে, শিল্পীৰ প্ৰশিক্ষণৰ বাবে আৰু প্ৰচাৰৰ বাবে সাহায্য প্রদানৰ ব্যৱস্থা আছে ।

এই আঁচনিৰ অধীনত ২০২১-২২ বত্তীয় বৰ্ষত মুঠ ৬ খন জিলাত ৫২৬ গৰাকী থলুৱা শিল্পীক ৭৯,৯৯,৯৩৪.০০ টকা সাহাৰ্য প্ৰদান কৰা হয় ৷ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ১১ খন জিলাৰ ১২৬১ জন থলুৱা শিল্পীক ১,৫১,৯৯,২৯২.০০ টকা আর্থিক সাহায্য দিয়া হয় ৷ অসম বিধান সভাত উদ্যোগ মন্ত্ৰী বিমল বড়াই দাখিল কৰিছে এই তথ্য ।

এই সমূহ হ’ল অসম চৰকাৰে গুৰু উদ্যোগৰ লগতে লঘু উদ্যোগৰ বিকাশৰ বাবে লোৱা পদক্ষেপ সমূহৰ ভিতৰত অন্যতম পদক্ষেপ । কিন্তু বৃহৎ সংখ্যক নিৱনুৱাৰ বিপৰীতে এইখিনি পদক্ষেপে নিবনুৱা সমস্যা সমাধানত কিমান সফলতা আনি দিব তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিভিন্ন মহলে ৷

লগতে পঢ়ক:পৰিস্থিতি ভয়াৱহ ! ৩৩ লক্ষাধিক নিবনুৱাৰ তালিকাত ৭ লক্ষাধিক স্নাতক, লক্ষাধিক স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ নাম

কেনেদৰে চলিছে ৰাজ্যৰ বিয়াগোম পৰিবহণ আৰু বন বিভাগ; কিয় চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰ‍াজহ

আত্মনিৰ্ভৰ অসম : ২৫,২৩৮ গৰাকী উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তি বিতৰণ মুখ্যমন্ত্ৰীৰ - Atmanirbhar Assam 2024

ABOUT THE AUTHOR

...view details