অসম

assam

ETV Bharat / state

ভাগৰি-জুগৰি শুই পৰিল বনৰজা - LEOPARD IN KALIABAR

আতংকৰ সৃষ্টি কৰা বনৰজা এতিয়া লেবেজান । সমুখত চিকাৰ দেখিও শুই পৰিছে ঢেকীয়াপতীয়া ।

Leopard that caused panic is now in a state of shock in Kaliabar
ভাগৰি-জুগৰি শুই পৰিল বনৰজা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 11:07 PM IST

কলিয়াবৰ:অৱশেষত ভাগৰুৱা-লেবেজান হৈ পৰি ৰ'ল বনৰজা । বুধবাৰে পুৱাৰে পৰা বন বিভাগ আৰু ৰাইজৰ খেদা খাই ভাগৰুৱা আৰু অসুস্থ অৱস্থাত কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ কেৰিবাকৰিৰ কলঙৰ পাৰত বনৰজা শুই পৰিছে । দীৰ্ঘসময় দৌৰি-দৌৰি কৰাৰ পিছত ভাগৰুৱা বনৰজাই বুধবাৰে দিনৰ ভাগত পানী খাবলৈ জাঁপ দিছিল কলঙত । সেই সময়তে একাংশ লোকে পানীলৈ শিল দলিয়াই খেদাৰ চেষ্টা কৰে বনৰজাক ।

এতিয়াও দিনটো দৌৰি-ঢাপৰি কলঙৰ পাৰত লেবেজান হৈ শুই আছে বনৰজা । বনৰজাক চাবলৈ ভিৰ কৰিছে শতাধিক লোকে । বাঘটো খেদিবলৈ কেৰিবাকৰিৰ স্থানীয় শংকিত ৰাইজে দাবী জনাইছে । এই দাবীৰ প্ৰতি সঁহাৰি জনাই শুই পৰা বাঘটোক এক্সকেভেটৰৰ সহায়ত বন বিভাগে বিয়লি খেদিবলৈ চেষ্টা কৰে যদিও বনৰজাক খেদিবলৈ গৈ থমকি ৰয় বন বিভাগৰ কৰ্মী ।

ভাগৰি-জুগৰি শুই পৰিল বনৰজা (ETV Bharat Assam)

একেবাৰে ওচৰ পোৱাৰ পাছতো বাঘে কোনোধৰণৰ প্ৰতিক্ৰিয়া নেদেখুৱাই শুই থকাত চিন্তিত হৈ পৰিছে বন বিভাগ । বন বিভাগৰ তৰফৰ পৰা জনোৱা মতে, ভাগৰুৱা হোৱাৰ বাবেই বাঘটোৱে জিৰণি লৈছে । ইতিমধ্যে, বাঘটো উদ্ধাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ পাণবাৰী বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰা হৈছে । পাণবাৰীৰ পৰা উদ্ধাৰকাৰী দলটো আহি পালে বাঘটো উদ্ধাৰ কৰিব পৰা যাব । তদুপৰি, বাঘটোৰ চকুত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে ।

এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী দিলীপ নাথে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – "কিছুদিনৰ পৰা কলিয়াবৰ অঞ্চলত ঢেকীয়াপতীয়া বাঘে উপদ্ৰৱ চলাই আছে যদিও নগাঁও জিলা বন বিষয়াৰ নেতৃত্বত বন বিভাগ বিফল হোৱাটো দুৰ্ভাগ্যজনক কথা । এতিয়া কলিয়াবৰত উপদ্ৰৱ চলাই থকা বাঘটো ভাগৰুৱা হৈ পৰি আছে । মুখ্যমন্ত্ৰী, বন মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য বন সংৰক্ষক বিষয়াক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ ।"

তেওঁ লগতে কয়,"নগাঁৱৰ জিলা বন বিষয়া সুভাষ কদমৰ তত্বাৱধানত ধিঙত এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যু হ'ল । জাগীৰোডত ৰে'লৰ খুন্দাত মৃত্যু হোৱা হাতীটোৰ বিষয়ত বন বিভাগে এখন এজাহাৰ দিবলৈ সক্ষম নহ'ল । সেইজন বন বিষয়াৰ নেতৃত্বতে আজি কলিয়াবৰৰ বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বা খেদি পঠিয়াবলৈ সক্ষম নহ'ল । অৱশেষত এটা বাঘ আঘাতপ্ৰাপ্ত হ'ল । সেয়ে এনে আপুৰুগীয়া সম্পদৰ সুৰক্ষা দিব নোৱৰা জিলা বন বিষয়াগৰাকীৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে । কলিয়াবৰৰ যিটো বাঘ ইতিমধ্যে আঘাতপ্ৰাপ্ত হ'ল সি কেৱল জিলা বন বিষয়াৰ গাফিলতি ।"

লগতে পঢ়ক:হাতী-বাঘে ত্ৰাসিত কৰিছে কলিয়াবৰবাসীক: প্ৰশাসনে জাৰি কৰিলে সতৰ্কতা

ABOUT THE AUTHOR

...view details