অসম

assam

ETV Bharat / state

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ আত্মহনন

MLA Manab Deka: ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাৰ মৃতদেহ ।

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 1:03 PM IST

MLA Manab Deka
লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ আত্মহনন (ETV Bharat)

লখিমপুৰ,১৩ অক্টোবৰ :দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰত চাঞ্চল্যকৰ ঘটনা । লখিমপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাৰ ভাতৃৰ আত্মহনন । দুৰ্গা পূজাক লৈ সকলো ব্যস্ত হৈ থকাৰ মাজতে এই খবৰে লখিমপুৰবাসীক শোকস্তব্ধ কৰিছে ।

মানৱ ডেকাৰ ভাতৃৰ আত্মহত্যা

লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই শনিবাৰে চৰম পন্থা হাতত লয় । নিশা প্ৰায় ১১ মান বজাত এই ঘটনা সংঘটিত হয় । ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কল্যাণ ডেকাৰ মৃতদেহ । জানিব পৰা মতে সেই সময়ত ঘৰত কোনো নাছিল । বিধায়কজনৰ সৈতে লখিমপুৰৰ বাসগৃহতে আছিল ভাতৃ কল্যাণ ডেকা আছিল । পূজা উপলক্ষে বিধায়ক মানৱ ডেকাৰ পৰিয়াল বাহিৰলৈ ওলাই গৈছিল । সেই সময়তে মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই চৰম পন্থা হাতত লয় ।

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ আত্মহনন (ETV Bharat)

মানসিক ৰোগত ভুগি আছিল কল্যাণ ডেকা

এগৰাকী চিকিৎসকে জনোৱা মতে দীৰ্ঘদিন ধৰি মানসিক অৱস্থা দুৰ্বল আছিল কল্যাণৰ । হতাশাত ভুগি আছিল তেওঁ । বিগত ৫ বছৰ মানৰ পৰা তেওঁ 'বাই পোলাৰ ডিপ্ৰেচন' নামৰ মানসিক ৰোগত আক্ৰান্ত হৈ আছিল বুলি চিকিৎসকে জনাইছে ।

চিকিৎসক চামিউল আখটাৰ বৰবৰাই জনোৱা মতে কেইবছৰ মানৰ পৰা তেওঁৰ চিকিৎসাও চলি আছিল । চিকিৎসা চলি থকাৰ মাজতে এই ঘটনাটো সংঘটিত হয় । মানসিক অস্থিৰতাৰ বাবেই তেওঁ এই ঘটনা সংঘটিত কৰিছে বুলি সকলোৱে সন্দেহ কৰিছে । ইফালে অপ্ৰত্যাশিত ঘটনাটোক লৈ লখিমপুৰত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে । বিভিন্নজনে এই ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে লগতে তেওঁ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :এখন বিশেষ আদৰ্শ আৰক্ষী চকীত উপস্থিত হাজাৰ হাজাৰ লোক

ABOUT THE AUTHOR

...view details