মৰাণ: আজিও নগা দুৰ্বৃত্তৰ কৱলত অসমৰ চৰাইদেউ জিলাৰ নামতোলাৰ ব্যৱসায়ী মুছলেক আলী । ২৫ তাৰিখে সন্ধিয়া নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰিছিল মুছলেক আলীৰ নামৰ অসমৰ ব্যৱসায়ীক । মুছলেক আলী নামৰ লোকজনক নিজ ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়ত সোমবাৰে সন্ধিয়া নামতোলা আৰক্ষী থানাৰ পৰা ১০০ মিটাৰ আঁতৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি এখন বগা ৰঙৰ টাটা চুম’ত লৈ গৈছিল ।
ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি গৈছিল দুৰ্বৃত্তৰ দলটোৱে । এই অপহৰণৰ ঘটনা বন্দী হৈছিল চি চি টিভিত । নগা দুৰ্বৃত্তই গুলীচালনা কৰি নাগালেণ্ডৰ পৰা আহি অসমৰ ভূমিত সংঘটিত কৰা ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হৈছে । ঘটনাৰ পাছৰে পৰা IGP জিৎমল দলেৰ লগতে বহু কেইজন আৰক্ষীৰ শীৰ্ষ বিষয়াই পৰিস্থিতি বুজ লৈছে যদিও অসমৰ ব্যৱসায়ীকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । অপহৰণকাৰীয়ে অপহৃত মুছলেক আলীৰ কেইবাটাও ভিডিঅ' বাৰ্তা ইতিমধ্যে ৰাজহুৱা কৰি জানিবলৈ দিছে মুছলেক আলীয়ে ড্ৰাগছ ব্যৱসায় কৰা বাবে অপহৰণ কৰা বুলি ।
নাগালেণ্ডৰ কন্যাক ইউনিয়ন আলোচনাত মিলিত হ'ল অসমৰ দল- সংগঠনৰ সৈতে:
শুকুৰবাৰে মুছলেক আলীক মুক্তি কৰি দিয়াৰ দাবীত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰিছিল অসমৰ দল-সংগঠনে । অসমৰ ব্যৱসায়ীক অপহৰণৰ প্ৰতিবাদত পুৱা ৫ বজাৰ পৰা নামতোলাত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰি বন্ধ কৰি দিছিল যাতায়ত । পথ অৱৰোধৰ ফলত সম্পূৰ্ণৰূপে অচল হৈ পৰিছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাৰ সৈতে যাতায়ত । ইয়াৰ পাছতে দুই ৰাজ্য প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হয় সমগ্ৰ ঘটনাক লৈ ।