গুৱাহাটী: অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ ক্ষেত্ৰত পশ্চিমবংগৰ শান্তি নিকেতন বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা, অসমকন্যা ড৹ সংগীতা শইকীয়াই গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল । তেওঁৰ নিৰলস প্ৰচেষ্টা আৰু পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰ আৰু সাহিত্য সভাৰ উদ্যোগত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে । অসমীয়া ভাষাক জগত সভাত স্থান দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটোক কেনেদৰে আগবঢ়াই নিছিল সেই বিষয়ে ড৹ সংগীতা শইকীয়াৰে ইটিভি ভাৰতৰ সাংবাদিক কুলগীতা সাউদৰ এক বিশেষ সাক্ষাৎকাৰ ।
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত আপুনি কিদৰে অৰিহনা যোগাইছিল ? এইক্ষেত্ৰত প্ৰত্যাহ্বান আৰু অনুপ্ৰেৰণা কি আছিল ?
অসমীয়া ভাষাও যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ বাবে উপযুক্ত তথা যোগ্য সেই কথাটো মনলৈ আহিছিল ওডিয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰাৰ দিনা ৷ অসমীয়া ভাষাৰ জন্মৰ প্ৰায় সমসাময়িক কালতে জন্ম লাভ কৰা ওডিয়া ভাষাই যদি কেন্দ্ৰীয় চৰকাৰ প্ৰদত্ত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিব পাৰে, তেনেহ’লে অসমীয়াইনো কিয় নোৱাৰিব- তেনে এটা মনোভাৱেৰে মই যাৱতীয় তথ্যৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু ইণ্টাৰনেটৰ যোগেদি কেন্দ্ৰীয় চৰকাৰৰ ধ্ৰুপদী ভাষা নীতি তথা চৰ্তাৱলীৰ সবিশেষ লাভ কৰিলোঁ ৷
বিশ্বভাৰতী, শান্তি নিকেতনত অনাঅসমীয়া ছাত্ৰ-ছাত্ৰীক বুজাবলৈ আৰু লগতে অধ্যাপক-অধ্যাপিকাসকলৰ সৈতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি সম্পৰ্কীয় বিভিন্ন আলোচনা অথবা সততে হোৱা আলোচনাচক্ৰৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থত সততে চকু ফুৰাবলগীয়া হৈছিল বাবে তেনে কেইখনমান গ্ৰন্থ আমাৰ সংগ্ৰহত আছিল ৷ যেনে- Early Inscriptions of Assam (মুকুন্দ মাধৱ শৰ্মা), অসমীয়া সাহিত্যৰ বুৰঞ্জী, প্ৰথম ভাগ (সম্পাদনা, বিশ্বেশ্বৰ হাজৰিকা), অসমীয়া জাতিৰ ইতিবৃত্ত (ড৹ নগেন শইকীয়া), কামৰূপ শাসনাৱলী, প্ৰাচ্য শাসনাৱলী, বিশ্বলিপিৰ ভূমিকা আদি গ্ৰন্থ তন্ন তন্নকৈ পৰীক্ষা কৰি ভাৰত চৰকাৰৰ চৰ্তানুসৰি অসমীয়া ভাষাৰ থাকিবলগীয়া প্ৰাচীনত্ব সম্পৰ্কে নিশ্চিত হৈছিলোঁ ৷ অসমীয়া ভাষাই আৱেদন কৰিলে ধ্ৰুপদী ভাষা হ’বগৈ বুলি মনতো আশাৰ সঞ্চাৰ হৈছিল ৷
লগতে পঢ়ক:মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি
২০১৫ চনত ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা এখন আলোচনাচক্ৰত উপস্থিত থকাৰ সূত্ৰে কেৱল ওডিয়া ভাষাৰেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰে শ্ৰেষ্ঠ এগৰাকী খ্যাতনামা ভাষাবিদ অধ্যাপক ড৹ দেৱীপ্ৰসন্ন পট্টনায়ক(কেন্দ্ৰীয় ভাষা সংস্থান, মহীশূৰৰ প্ৰতিস্থাপক নিৰ্দেশক)ৰ ওডিয়া ভাষাৰ প্ৰতিবেদনখন তেখেতৰ বাসভৱনত গ্ৰন্থাকাৰে দেখাৰ সৌভাগ্য হৈছিল ৷ সেইখন দেখাৰ পাছত মোৰ সপোনটোৱে যেন বিমূৰ্ত সপোনৰ পৰা এক আকাৰ পাবলৈ আৰম্ভ কৰিলে ৷
উল্লেখযোগ্য যে ড৹ দেৱীপ্ৰসন্ন পট্টনায়কৰ পাণ্ডিত্যক আজিও সকলো স্তৰৰ ৰাজনীতিবিদে মানি চলে ৷ ৰাজনৈতিক প্ৰভাৱ নাথাকিলে কেৱল এনেধৰণৰ এখন বিস্তাৰিত তথ্য-সমলযুক্ত তথা যুক্তিনিৰ্ভৰ গ্ৰন্থ ৰচনা কৰিলেও কামটো হোৱাৰ সম্ভাৱনা ক্ষীণ ৷ ভাষা-পাণ্ডিত্যৰ সুবাদেৰে অধ্যাপক পট্টনায়ক ৰাজনৈতিকভাৱেও এগৰাকী প্ৰভাৱশালী ব্যক্তি ৷ সেয়ে অসমীয়া ভাষাৰ সমগ্ৰ কামটো কেনেকৈ সুচাৰুৰূপে কৰিব পাৰি চিন্তা-চৰ্চা কৰি সবিস্তাৰে প্ৰতিবেদন আকাৰে লিখি উলিয়ালোঁ আৰু বিষয়টো আগবঢ়াই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই তদানীন্তন মুখ্যমন্ত্ৰীলৈ ১৮ নৱেম্বৰ, ২০১৬ তাৰিখে পত্ৰৰূপে প্ৰেৰণ কৰিলোঁ ৷
মোৰ বিস্তাৰিত প্ৰতিবেদনৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ে চিঠিখন সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰে ( সম্ভৱতঃ ধ্ৰুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰদান কৰে বাবে মোৰ পত্ৰৰ যোগেদি প্ৰেৰণ কৰা প্ৰস্তাৱটোও অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰথমে পঠিয়ায়) ৷ কিন্তু ২০১৭ চনৰ ১ এপ্ৰিলত বিষয়টো উচ্চ শিক্ষাৰ সৈতেহে সম্পৰ্কিত বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগে উচ্চ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰে ৷
বৰ্তমানৰ মুখ্যমন্ত্ৰীয়েই আছিল সেই সময়ৰ শিক্ষা মন্ত্ৰী ৷ চিঠিৰ আকাৰত মুখ্যমন্ত্ৰীলৈ মোৰ প্ৰস্তাৱটো পঠিওৱাৰ পাছতো অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ আমোলা-বিষয়াসকলক বাৰে বাৰে সাক্ষাৎ কৰি ধ্ৰুপদী ভাষা আৰু ইয়াৰ স্বীকৃতিৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাই বিষয়টোত তৎপৰতা দেখুৱাবলৈ অনুৰোধ জনাবলগীয়া হৈছিল ৷ আনহাতে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱৰ কথাখিনিয়েই প্ৰবন্ধ আকাৰে ৭ জানুৱাৰী, ২০১৭ চনত অসমীয়া প্ৰতিদিনৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ হৈছিল "অসমীয়া ভাষাই কেতিয়া লাভ কৰিব ধ্ৰুপদী ভাষাৰ মৰ্যাদা" শিৰোনামেৰে ৷ এইটো অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি বিষয়ক প্ৰথমটো লেখা ৷
লগতে পঢ়ক:অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ?
২০১৯ চনত বিশ্বভাৰতী শান্তি নিকেতনত নামভৰ্তি কৰা এগৰাকী গৱেষিকাক গৱেষণাৰ বিষয় হিচাপে দিছিলোঁ- “অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ উপাদান" বিষয়টো ৷ এইটোৱেই অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি সম্পৰ্কীয় প্ৰথম গৱেষণা, যিটো বৰ্তমান সমাপ্ত হোৱাৰ দিশত ৷ তেনেদৰে ২০২০ চনত সাতসৰী আলোচনীত মই লিখা "অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা লাভৰ সম্ভাৱনীয়তা" শীৰ্ষক আন এটা প্ৰবন্ধও প্ৰকাশ হয় ৷
২০১৫ চনৰে পৰা ২০১৯ চনলৈ বিভিন্ন শিক্ষাবিদ, ভাষাবিদ, লিপিবিদ, নৃতত্ত্ববিদ, লোক-সংস্কৃতিবিদক লগ ধৰি অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা লাভ সন্দৰ্ভত তেওঁলোকৰ মতামত, কামটো আগবঢ়োৱাৰ ক্ষেত্ৰত তেখেতসকলৰ সহায় সহযোগিতা পাম নে নাপাম ইত্যাদি আলোচনা কৰিছিলোঁ ৷ অন্নদাচৰণ ভাগৱতী ছাৰ আৰু বীৰেন দত্ত ছাৰৰ পৰা মৃদু ধমক খাবলগীয়া হৈছিল ভাষাৰ বিশেষজ্ঞক নধৰি তেখেতসকলক আমনি কৰাৰ বাবে; যদিও কথাটো শুনি তেখেতসকলো আনন্দিত হৈছিল ৷ আনহাতে ভাষাবিদ, লিপিবিদ, সাহিত্যৰ বুৰঞ্জী প্ৰণেতা বিশ্বেশ্বৰ হাজৰিকা ছাৰ অৱসাদত ভুগি থকা অৱস্থাতো বৰ সুখী হৈছিল আৰু সহযোগ কৰাৰ আশ্বাস দিছিল ৷ তেনেদৰে ড৹ হীৰেন গোহাঁই ছাৰ আৰু ড৹ নগেন শইকীয়া ছাৰে দেখুওৱা আগ্ৰহ আৰু সহযোগিতাৰ আশ্বাসেও মোৰ মনত আশাৰ সঞ্চাৰ কৰিছিল ৷
ৰাজনীতিৰ সৈতে যুক্ত নোহোৱাকৈ আৰু লগতে সহকৰ্মী নথকা বিশ্বভাৰতীৰ অসমীয়া বিভাগত কাম কৰি বিষয়টোৰ গুৰুত্ব আৰু কঠিনতা দুয়োটাই ভালদৰে বুজি উঠিছিলোঁ ৷ এইটো যে অকলশৰীয়াকৈ কৰা কাম নহয় এটা দলগত কামহে সেইটো ভালদৰেই বুজি পাইছিলোঁ ৷ কথাটো চৰকাৰী কৰ্তৃপক্ষকো বাৰম্বাৰ বুজোৱা হৈছিল ৷ কিন্তু দীৰ্ঘদিন ধৰি কথাটো চৰকাৰী পক্ষৰ ফালৰ পৰা আগনবঢ়া দেখি সেই সময়ত নতুনকৈ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হোৱা কুলধৰ শইকীয়াকো জনোৱা হ’ল আৰু তেখেতৰ আগ্ৰহত সমুদায় তথ্যপাতি অৰ্পণ কৰি কেনেকৈ কামত আগবাঢ়িব লাগিব তাৰ সবিশেষ বিস্তাৰিতভাৱে বৰ্ণনা কৰা হ’ল ৷
২০২৪ চনৰ প্ৰথম ভাগলৈকে অসংখ্যবাৰ তেখেতৰ সৈতে টেলিফোনিক কথা-বতৰা আৰু এবাৰ সাক্ষাৎ হৈছিল আৰু কামবোৰ কেনেদৰে কোন পৰ্য্যায়লৈকে আগবাঢ়িছে তেখেতেও আমাক জনাইছিল ৷ আমিও এইক্ষেত্ৰত যে চৰকাৰী হেঁচা অপৰিহাৰ্য্য সেইটো বাৰে বাৰে উল্লেখ কৰিছিলোঁ ৷
আনহাতে মোৰ প্ৰস্তাৱসম্বলিত চিঠিৰ বাবেই কেতিয়াবা অকলশৰে, কেতিয়াবা মোৰ সৈতে মোৰ গৃহস্থ কুশলেও সাংস্কৃতিক পৰিক্ৰমা বিভাগ, উচ্চ শিক্ষা সঞ্চালকালয়, পুৰাতত্ত্ব বিভাগ, ৰাজ্যিক সংগ্ৰহালয়, সচিবালয়লৈ অহা-যোৱা কৰিয়েই আছিল আৰু সেই সময়ৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, সাংস্কৃতিক পৰিক্ৰমা আৰু প্ৰাথমিক শিক্ষাৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মাধুৰিমা বৰুৱা আদি বিভিন্ন ব্যক্তিক লগ ধৰি কথাটোৰ মহত্ত্ব বুজাই কামটো কৰা প্ৰসংগত তাগিদা দিছিল ৷
আনন্দৰাম বৰুৱা ভাষা, কলা সংস্থাৰ সঞ্চালক দিলীপ কলিতা, ২০১৯ চনত সেই সময়ৰ মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, ভাৰতীয় ইতিহাস প্ৰণয়ন সমিতিৰ সচিব হেমন্ত ধিং হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড৹ জগদীশ পাটগিৰী আদি যিসকলে শান্তি নিকেতন ভ্ৰমণ কৰিবলৈ আহি অসমীয়া বিভাগত পদাৰ্পণ কৰিছিল, সকলোকে মোৰ প্ৰবন্ধপাতিসমূহ অৰ্পণ কৰি এই বিষয়ে চৰকাৰৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছিলোঁ ৷
ঠিক তেনেদৰেই ২০২২ চনৰ জুলাই মাহত শান্তি নিকেতনলৈ অহা সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনকো ধ্ৰুপদী ভাষাৰ বিষয়টো সবিস্তাৰেৰে জনাই, সকলো প্ৰবন্ধ, তথ্যপাতি ইত্যাদি অৰ্পণ কৰিছিলোঁ বিষয়টো বিধানসভাত গুৰুত্বসহকাৰে উত্থাপন কৰিবলৈ অনুৰোধ জনাই ৷ তেওঁ আমাৰ অনুৰোধ ৰক্ষা কৰি অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ প্ৰসংগটো বিধানসভাত উপস্থাপন কৰাৰ কিছুদিনৰ ভিতৰতেই সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰসংগটো ৰাজ্যসভাত উত্থাপন কৰি প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাতেই ভাষণ দিয়ে ৷
অসম সাহিত্য সভাৰ প্ৰতিবেদনৰ লগতে চৰকাৰী পক্ষৰ পৰা প্ৰেৰণ কৰা প্ৰতিবেদনৰ ভিত্তিত অসমীয়া ভাষাই অৱশেষত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে ২০২৪ চনৰ ৩ অক্টোবৰৰ সন্ধিয়া ৷ বিশ্বভাৰতী, শান্তি নিকেতনৰ অনাঅসমীয়া বহুভাষিক পৰিৱেশত তামিল, সংস্কৃত, পালি, প্ৰাকৃত, বাংলা আৰু মাৰাঠী বিভাগৰ সহকৰ্মীৰে পৰিবেষ্টিত হৈ অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি পোৱাৰ আনন্দ মই সগৌৰৱেৰে উপভোগ কৰিছোঁ ৷ সপোন বাস্তৱায়িত হোৱাত মই সঁচাই আনন্দিত ৷ অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰাৰ সুদীৰ্ঘ যাত্ৰাপথৰ এগৰাকী সামান্য সৈনিক হ’বলৈ পাই মই আজি গৌৰৱান্বিত ৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক সৰ্বভাৰতীয় স্তৰতেই কেৱল নহয়, বিশ্বৰ শিক্ষানুষ্ঠানসমূহলৈ অধ্যয়নৰ বিষয় আৰু বিভাগ হিচাপে লৈ যাব পাৰিলেহে আচলতে আমাৰ শ্ৰম সাৰ্থক হ’ব ৷
ধ্ৰুপদী ভাষাৰ তাৎপৰ্য কি ?
ধ্ৰুপদী ভাষাৰ তাৎপৰ্য হ'ল- যিবোৰ ভাষাৰ প্ৰাচীনত্ব, বিশেষ সাংস্কৃতিক, ঐতিহাসিক, আৰু সাহিত্যিক মূল্য থাকে সেইবোৰ ভাষাই ধ্ৰুপদী ভাষা । ধ্ৰুপদী ভাষা বুলিলে এটা ভাষাক স্বীকৃতিৰ বাবে থকা চৰ্তসমূহ পূৰণ কৰাৰ সপক্ষে যথোচিত প্ৰমাণ, যুক্তি, উচ্চস্তৰৰ লিখিত নিদৰ্শন থকা তথা উচ্চ সাহিত্যিক মানদণ্ডসম্পন্ন ভাষাকে বুজায় ।
সাধাৰণতে, ধ্ৰুপদী ভাষা বুলিলে তলত উল্লেখ কৰা বৈশিষ্ট্যযুক্ত ভাষাসমূহ নিৰ্দেশ কৰে-
ক) প্ৰাচীনত্ব: ভাষাটোৰ উৎপত্তি, লিখিত নিদৰ্শন আৰু সাহিত্য প্ৰাচীন হোৱাটো ধ্ৰুপদী মৰ্যাদাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ । ভাৰত চৰকাৰৰ স্বীকৃতিৰ বাবে ভাষাটোৰ লিখিত সমল কমেও ১৫০০ৰ পৰা ২০০০ বছৰীয়া অথবা ততোধিক পুৰণি হ'ব লাগিব ।
খ) সমৃদ্ধ সাহিত্য পৰম্পৰা: ভাষাটোৰ অতি উচ্চ পৰ্যায়ৰ বা মহৎ বুলি গণ্য কৰিবপৰা লিখিত সমল, পাঠ বা সাহিত্য তথা নিজস্ব সাহিত্যিক ঐতিহ্য পৰম্পৰা থাকিব লাগিব ।
গ) নিৰৱচ্ছিন্ন ঐতিহ্য: ধ্ৰুপদী স্বীকৃতি দাবী কৰা ভাষাৰ প্ৰাচীন লিখিত সমল, সাহিত্য আৰু সংস্কৃতি বৰ্তমানেও চৰ্চা তথা অধ্যয়নৰ বা বিষয়বস্তুৰূপে চলি থাকিব লাগিব ৷
ঘ) প্ৰাচীন ৰূপৰ পৰা বিৱৰ্তিত অথবা আধুনিক ৰূপৰ স্তৰভেদে পৃথকতা: বিকাশ বা বিৱৰ্তনৰ স্তৰত একোটা ভাষাৰ ৰূপৰ ভিন্নতা বিভিন্ন কাৰণত ঘটিব পাৰে ৷ ধ্ৰুপদী বুলি চিহ্নিত একোটা ভাষাৰ প্ৰাচীনতম ৰূপৰ সৈতে বৰ্তমানৰ ৰূপৰ পাৰ্থক্য থাকিব লাগিব ৷
বিশ্বৰ ভাষাসমূহৰ তুলনামূলক প্ৰেক্ষাপটত লেটিন, গ্ৰীক, চীনা, পাৰ্চী, সংস্কৃত, পালি, তামিল আদি ধ্ৰুপদী বৈশিষ্ট্যসম্পন্ন ভাষা । ভাৰতত সংস্কৃত, তামিল, কন্নাড়া, তেলুগু, মালায়ালম, ওডিয়া, অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়া হৈছে । ধ্ৰুপদী ভাষা একোটা জাতিৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ ।
ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভেৰে অসমীয়া ভাষা কিদৰে উপকৃত হ'ব ?
ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত অসমীয়া ভাষা বিভিন্ন ধৰণেৰে উপকৃত হ’ব ৷
উদাহৰণস্বৰূপে-
ক) গৱেষণা আৰু অধ্যয়নৰ ক্ষেত্ৰত উন্নয়ন:
ধ্ৰুপদী ভাষাৰ মর্যাদা লাভ কৰা ভাষাসমূহৰ গৱেষণা আৰু অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশাল ধনৰাশি প্ৰদান কৰে । এই ধনৰাশিৰে অসমীয়াৰ প্ৰাচীনতম সাহিত্য, ভাষাৰ উৎস আৰু বিকাশৰ ওপৰত সুচিন্তিত আৰু গভীৰ স্তৰৰ গৱেষণা সম্ভৱ হ’ব । ধ্ৰুপদী অসমীয়া অধ্যয়ন উৎকৰ্ষতা কেন্দ্ৰ কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰিব ৷