নগাঁও, 13 ফেব্ৰুৱাৰী: সোমবাৰে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থখন পূৰ্ণাংগ বাজেট দাখিল কৰা হয় । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ৰাজ্য চৰকাৰৰ বাজেটক লৈ বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ ই টিভি ভাৰতৰ সন্মুখত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে ।
বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটে কোনো স্তৰৰ লোককে কোনো উপকাৰ নকৰে বুলি উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জিতেন বৰাই । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰা বুলি সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেৱল নিৰ্বাচনীমুখী বাজেট দাখিল কৰা বুলিও কটাক্ষ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
সোমবাৰে দাখিল কৰা বাজেটত কেৱল হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্য চৰকাৰে কেৱল চমক দিয়াৰ চেষ্টা কৰা বুলিও সমালোচনা কৰে কৃষক সংগঠনটোৱে । আনকি নিবনুৱা সমস্যা সমাধানৰ বাবে বাজেটত বিশেষ একো উল্লেখ নকৰা বুলিও কটাক্ষ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ।