গুৱাহাটী : সোণালী সূতাৰ দেশ খ্যাত অসমৰ পাট-মুগা বস্ত্ৰশিল্পই বহন কৰি আহিছে অসমীয়াৰ স্বাভিমান আৰু ঐতিহ্য । অসমৰ বহু গ্ৰামাঞ্চলৰ অধিকাংশ লোকৰে জীৱিকাৰ অন্যতম উৎস হৈছে মুগা পালন ৷ অসমীয়াৰ সাতামপুৰুষীয়া এক পৰম্পৰা তথা পূৰ্বপুৰুষানুক্ৰমে চলি অহা এক পদ্ধতি হ’ল মুগা পালন ।
এই পদ্ধতিৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ অন্যতম পাট-মুগাৰ সূতা, মেখেলা-চাদৰ আদি তৈয়াৰ হৈ আহিছে । মুগা পালনেৰে স্বাৱলম্বী হৈ উঠিছে গ্ৰামাঞ্চলৰ বহু লোক । আমগুৰিৰ বৰাহীবাৰী সঁচ উন্নয়ন প্ৰকল্পত বিভিন্ন অসুবিধাৰ মাজেৰে মুগা পালকসকলে মুগা পালন কৰি থকাৰ লগতে খোৱাপানী, মুগা ৰখা জালিঘৰ, মুগাপালক থকা ঘৰৰ সমস্যাৰ মাজেৰে মুগা পালন কৰি আহিছে ।
অভিযোগ অনুসৰি, ৰাজ্যৰ ৰেচম বিভাগে মুগা পালকসকলক পৰ্যাপ্ত সুবিধা প্ৰদান নকৰিলেও মুগা পালকসকলে সাতামপুৰুষীয়া পৰম্পৰা ধৰি ৰাখিছে ৷ সোণালী সূতাৰ দেশ নামেৰে খ্যাত অসমৰ মুগা পালকক আজিও ৰেচম বিভাগে পৰ্যাপ্ত সুবিধা প্ৰদান কৰা নাই বুলি ভিন্ন সময়ত অভিযোগ উঠে । সীমিত সুবিধাৰে মুগাপালকে মুগা পালন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজে স্বাৱলম্বী হ’বৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
বিশ্বজুৰি সমাদৃত অসমৰ মুগা । অসমৰ মুগাশিল্পই ইতিমধ্যে ভৌগলিক সূচাংক (GI Tag) লাভ কৰিবলৈ সমৰ্থ হৈছে । অসমৰ ভৌগলিক পৰিৱেশ আৰু অনুকূল জলবায়ুই অসমক সোণালী সুতাৰ দেশ হিচাবে গঢ়ি তুলিছে । গুৱাহাটী মহানগৰীৰৰ প্ৰদূষণৰ মাজতো খানাপাৰাস্থিত চৰকাৰী মুগা সঁচ পামে ৰাজ্যৰ মুগা কৃষকক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।
এই বিষয় সন্দৰ্ভত ‘‘Demonstrator cum ic assistant manager’’ সুজিত বৰ্মনে কয়, ‘‘মুগা সঁচ পামখনত এইবেলি কতিয়া বাহত ৫০০ গ্ৰাম মুগা কণী পামৰ নিজা চোমনিত পালন কৰিছে । ইতিমধ্যে পকিবলৈ আৰম্ভ কৰা নিৰোগী পূৰঠ মুগাৰ শ্ৰী-বৃদ্ধি আৰু সক্ৰিয়তাৰ ভিত্তিত অধিক লাভ আশা কৰা হৈছে ।’’
‘‘পামখনে আনুমানিক ২০-২৫ হাজাৰ সঁচুৱা মুগালাট উৎপাদন কৰিবলৈ সক্ষম হ'ব । ইয়াৰ পৰা মুগা কৃষকসকলক কি ধৰণে সহায় কৰিব পৰা যায়, তাৰো চিন্তা চৰ্চা কৰা হৈছে । যোৱা বছৰো ইয়াতে মুগা পালন কৰা হৈছিল যদিও প্ৰদূষণৰ বাবে কৃতাৰ্থ হ'ব নোৱাৰিলো । কিন্তু এইবাৰ আমি সফল হৈছো । পামখনত বছৰত তিনিবাৰ মুগা কৰা হয় ।’’ সুজিত বৰ্মনে কয় ৷
‘‘বৰ্তমান পামখনত কাতিয়া মুগা কৰা হৈছে । নৱেম্বৰ ডিচেম্বত কতিয়া মুগা বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা হয় । গৰমৰ দিনত পলু পালনত ২৩-২৫ দিন সময়ৰ প্ৰয়োজন হয় আৰু শীতত ৪৫ দিন সময় লাগে ।" তেওঁ কয় ৷
- ৰাজ্যত কিমান মুগা খেতিয়ক আছে ?