গুৱাহাটী :দিছপুৰত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত অসম কেবিনেটৰ সাপ্তাহান্তিক নিয়মীয়া বৈঠকত লোৱা হয় এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাষ্ট্ৰ ভূটান ভ্ৰমণ সামৰি আহি প্ৰথম দিনাই অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত কৰে কেবিনেটৰ এখন বৈঠক । য'ত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ পুনৰুজ্জীৱিতকৰণ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ গাঁৱৰ সংশোধনী, উত্তৰ গুৱাহাটীত ন্যায়িক টাউনশ্বিপ, মিছন বসুন্ধৰা ৩.oৰ অধীনত বিশেষ ব্যৱস্থা কৰা আদি এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডক পুনৰুজ্জীৱিতকৰণ :
ডিব্ৰুগড়ৰ নামৰূপত এক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেড গেছ-আধাৰিত ইউৰিয়া উৎপাদনত নিয়োজিত হৈ আছে । সময়ৰ আহ্বানৰ সৈতে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াৰ কার্যকলাপ আৰু উৎপাদন বৃদ্ধি কৰাৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা আছিল ৷ সেয়ে ইয়াৰ উৎপাদন কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেটে নামৰূপ-৪ গোট নিৰ্মাণৰ বাবে যৌথ পদক্ষেপত ১,২৭২ কোটি মূল্যৰ ৪০ শতাংশ ইকুইটি বিনিয়োগৰ অনুমোদন জনায় ৷
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ গাঁৱৰ সংশোধনী :
অসম চৰকাৰৰ কেবিনেটে বৃহস্পতিবাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসূচিত তালিকাৰ কিছু গাঁৱত 'সোণোৱাল অংশ' অন্তর্ভুক্ত কৰাৰ বাবে সংশোধনত অনুমোদন জনায় ।
উত্তৰ গুৱাহাটীত ন্যায়িক টাউনশ্বিপ :
উত্তৰ গুৱাহাটীৰ ৰংমহলত এখন অত্যাধুনিক ন্যায়িক টাউনশ্বিপ নিৰ্মাণৰ সুবিধাৰ হেতু কেবিনেটে পট্টা ভূমি অধিগ্রহণৰ বাবে অনা-প্রশাসনিক অনুমোদন হিচাপে বিত্তীয় অনুমোদন জনায় ৷ এই টাউনশ্বিপে সৰ্বাংগীন ন্যায়িক আন্তঃগাঁথনি, আবাসিক ব্যৱস্থা, অত্যাৱশ্যকীয় সা-সুবিধা, সুৰক্ষা ব্যৱস্থা ইত্যাদি সুনিশ্চিত কৰিব ৷
মিছন বসুন্ধৰা ৩.oৰ অধীনত বিশেষ ব্যৱস্থা :