ডিফু ১, মাৰ্চ :কৃষিকর্মত নিয়োজিত হৈছে এতিয়া প্ৰায় দুহেজাৰ বিদ্ৰোহী ৷ লক্ষ্য নিজকে আত্মনিৰ্ভৰ কৰি তোলা ৷ প্ৰায় দুটা দশক ধৰি বন্দুক-বাৰুদেৰে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি এখন স্বায়ত্তশাসিত অথবা এখন পূর্ণাংগ ৰাজ্যৰ দাবীৰে পাহাৰীয়া দুয়োখন জিলা উত্তাল কৰি ৰখা প্ৰায় দুহেজাৰ বিদ্ৰোহীয়ে এতিয়া নামি পৰিছে কৃষিকৰ্মত ৷
এই ক্ষেতিৰত তেওঁলোকক প্ৰত্যক্ষভাৱে সহায় কৰিছে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ প্ৰায় দুহেজাৰ বিদ্ৰোহীয়ে কৃষিকর্মত নিয়োজিত হৈ দেখুৱাইছে অন্য এক আদর্শ ।
উল্লেখ্য যে, ২০২১ চনত জিলাখনৰ ৬ টাকৈ বিদ্ৰোহী সংগঠনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল । শান্তি চুক্তি স্বাক্ষৰ কৰা ১৯২৬ গৰাকী কেডাৰক একত্ৰিত কৰি এই ৬ বিদ্ৰোহী সংগঠনৰ নেতৃত্বই গঠন কৰিছিল কাৰ্বি এক্স ৰিভলিউশ্যনাৰী নামৰ এখন ঐক্যমঞ্চ ।
এই ঐক্যমঞ্চৰ জৰিয়তে জিলা প্ৰশাসন তথা জিলা আৰক্ষীৰ সহযোগত ডিফুৰ পাঁচ মাইলত স্থাপন কৰা এখন স্থানীয় প্ৰজাতিৰ কুকুৰা ফার্মৰ পৰা ১০০ কুকুৰা বজাৰত বৃহস্পতিবাৰে বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হয় । এই অনুষ্ঠানত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া ।
বিদ্ৰোহী ঐক্যমঞ্চৰ অন্যতম নেতা লংকি বেয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘শান্তি চুক্তিৰ দুটা বছৰলৈ আমি একো কৰিব পৰা নাছিলো । অসম আৰক্ষীৰ এডিজিপি হিৰেণ নাথৰ উৎসাহ আৰু জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই আগবঢ়াইছে প্ৰত্যক্ষ সহযোগ ৷ যাৰ ফলত কৃষিকর্মৰে আমি নিজকে আত্মনির্ভশীল কৰি তুলিবলৈ কৃষি বিপ্লৱ কৰিবলৈ সাহস লাভ কৰিলো’’ ।
লগতে পঢ়ক :পদিনা খেতিৰেই মাহিলী লাখ টকা উপাৰ্জন মৰ্মে কলিতাৰ
তেওঁ আৰু কয়, ‘‘বিশেষকৈ জিলা আৰক্ষী অধীক্ষক শইকীয়াই আমাক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই এইখন ফার্মখন গঢ়ি তোলাত সফল কৰি তুলিলে । আমি এইখন ফাৰ্মৰ উপৰিও বোকাজান মহকুমাৰ কুলি গাঁৱত এখন কৃষি পামো গঢ় দিছো । উক্ত কৃষি ফার্মত আলুকে ধৰি বিভিন্ন ধৰণৰ পাচলি খেতি কৰি আমি এতিয়া সফলতাৰ মুখ দেখিছো । আমি এতিয়া উপলব্ধি কৰিছো যে এনে কৃষিকর্ম আৰু ফার্মৰ জৰিয়তে আমি আত্মনির্ভশীল হৈ আমাৰ পৰিয়াল পৰিচালনা কৰাৰ লগতে সমাজৰ বাবে অর্থনৈতিক অৱদান আগবঢ়াবলৈ সক্ষম হ'ম’’ ।