নলবাৰী:আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাৱলৈ ধৰিছে ৮০/৯০ দশকৰ পূৰ্বৰ এক মধুৰ স্মৃতি। মানৱ সমাজত কংক্ৰিটমুখী প্ৰতিযোগিতাৰ মাজতো গ্ৰামাঞ্চলৰ এক সুকীয়া স্মৃতি আজিও সজীৱ হৈ আছে নলবাৰী জিলাত । নলবাৰী জিলাত আৱাসগৃহ ৰূপে আজোককাৰ দিনৰে পৰাম্পৰাগত খেৰী ঘৰত এতিয়াও জীৱন নিৰ্বাহ কৰি আছে এটি পৰিয়ালে । জিলাখনৰ হামলাকুৰ গাঁৱৰ জিয়াৰ আলীৰ একমাত্ৰ বসতিস্থলৰূপে তেওঁৰ পৰিয়ালৰ সৈতে খেৰী ঘৰৰ চালিৰ তলতেই কৰি আছে জীৱন নিৰ্বাহ ।
"মানুহ বোৰ আধুনিক হ'ল, হেৰাই গ'ল ল'ৰালিৰ বহু মধুৰ স্মৃতি !" গাঁৱৰ চুবুৰীৰ সকলোৱে একেলগ হৈ খেৰীৰ ঘৰৰ খেৰ গথা ছবিবোৰ হেৰাই গ'ল ! তাক যেন হেৰাই যাবলৈ নিদিয়ে নলবাৰীৰ হামলাকুৰৰ জীয়াৰ আলী আৰু তেওঁৰ পৰিয়ালে । উল্লেখযোগ্য যে নলবাৰী জিলাৰ গ্ৰামাঞ্চলত বিলুপ্ত প্ৰায় খেৰী ঘৰ । জীয়াৰ আলীৰ এই খেৰী ঘৰটোৱে এতিয়া নৱ-প্ৰজন্মৰ বাবেও এক নেদেখা স্মৃতিসদৃশ হৈ পৰিছে । সেয়েহে আৰিকুছি-লোহাৰকাঠা মূল পথেৰে অহা যোৱা কৰা পথচাৰীয়ে এখন্তেক ৰৈ ফটো উঠে বুলিও আমাক জানিবলৈ দিয়ে জিয়াৰৰ পত্নী চকিনা বেগমে ।
গোলকীয় উষ্ণতায়ো জিয়াৰ আলীৰ পৰিয়ালৰ ওপৰত একো প্ৰভাৱ নেপেলাই বুলি জানিবলৈ দিয়ে চকিনা বেগমে । কিন্ত দুখৰ বিষয় এয়াই যে বিজেপি চৰকাৰৰ চবকা সাথ চবকা বিকাশে আজিলৈ চুই নগ'ল জিয়াৰ আলীৰ পৰিয়ালক । বাৰিষাকালত যদিও বাধা-বিঘিনি আহে তথাপিও বৰ্তমান সময়চোৱাত থকাৰ বাবে এটি চৰকাৰী আৱাস গৃহ লাভ নকৰিলে জিয়াৰ আলীৰ পৰিয়ালে । ইয়াকে লৈ দুখ প্ৰকাশ কৰি পত্নী চকিনা বেগমে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱালৈ অলপ সহায়ৰ আহ্বান জনায় ।