যোৰহাট:এদিন পূৰ্বে যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ বাবে এটি ৩মহীয়া শিশু আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে । এই ঘটনা সন্দৰ্ভত সোমবাৰে যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ঘটনাৰ আঁৰৰ কাহিনী ব্য়াখ্য়া কৰাত ঘটনাটোৱে লৈছে নতুন মোৰ ।
অভিযোগৰ ভিত্তিতহে চলোৱা হৈছিল তালাচী
জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেলত শ্বেতাংক মিশ্ৰ কয় যে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ লাভ কৰা নাই । যোৰহাট আৰক্ষীয়ে অংকুৰ দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল । সেই ড্ৰাগছ সৰবৰাহকাৰীৰ ভাষ্যৰ ভিত্তিত ভোগদৈ আৰক্ষীৰ উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ নেতৃত্বত এটা দল বৰিগাঁৱৰ মহিলাগৰাকীৰ ঘৰত তালাচী চলাবলৈ গৈছিল । এই তালাচী অভিযানৰ সময়তে উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইয়ে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে তেওঁৰ ৩ মহীয়া শিশুটিও আঘাতপ্ৰাপ্ত হোৱাৰ এক অভিযোগ উত্থাপন কৰিছিল ।
সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰাৰম্ভিক তদন্তত বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰে । তালাচীৰ সময়ৰ ভিডিঅ' ফুটেজত উপ-পৰিদৰ্শকগৰাকীয়ে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্ত কৰা কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই । তদুপৰি উপ-পৰিদৰ্শক বৰ্ণালী গোহাঁইৰ সপক্ষে দুগৰাকীকৈ সাক্ষী থকাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।