যোৰহাট, 15 জুন :দৰমহাৰ টকাৰে পেট নভৰে একাংশ লুভীয়া চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ৷ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনায়ো যেন গা লৰাব পৰা নাই একাংশ দুৰ্নীতিপৰায়ণ বিষয়াৰ ৷ প্ৰায়ে উৎকোচ লৈ হাত দঙা চৰকাৰী বিষয়াৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ স্থান যোৰহাট ৷
দুনীৰ্তি নিৰ্বাৰক শাখাৰ জালত বনবিভাগৰ ৰেঞ্জাৰ ইকবাল আহমেদ (ETV Bharat Assam) উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাত দাঙিবলৈ বাধ্য হ’ল দুৰ্নীতিৰ সদাগৰ হিচাবে পৰিচিত ৰেঞ্জাৰ ইকবাল আহমেদ ৷ শনিবাৰে শনিৰ দশা ভাল নাছিল ইকবালৰ ৷ যোৰহাট বন বিভাগক একপ্ৰকাৰে দুৰ্নীতিৰ সাম্ৰাজ্যলৈ পৰিণত কৰা আঞ্চলিক বন বিষয়া তথা ৰেঞ্জাৰ ইকবাল আহমেদক আজি (শনিবাৰ) নগদ ধনসহ হাতে-লোটে কাৰ্যালয়ৰ ভিতৰতে আটক কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ।
লগতে পঢ়ক :উৎকোচ লৈ ৰাজহ বিভাগৰ জ্য়েষ্ঠ সহায়ক গ্ৰেপ্তাৰ
অভিযোগ অনুসৰি, এজন ব্যক্তিৰ পৰা দ্বিতীয় কিস্তিৰ ধন লোৱাৰ সময়তে ৰেঞ্জাৰ ইকবাল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰে । এইগৰাকী দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰাৰ লগে লগে যোৰহাট বন বিভাগৰ একাংশ লোক উৎফুল্লিত হৈ পৰে ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি যোৰহাট বন বিভাগৰ ভিতৰচ’ৰাত চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে এইগৰাকী ৰেঞ্জাৰ ইকবাল আহমেদে এজন ব্যক্তিক টিম্বাৰৰ লাইচেন্স প্ৰদান কৰাৰ বিনিময়ত ৪ লাখ টকা দাবী কৰিছিল । ব্যক্তিগৰাকীয়ে অনুজ্ঞাপত্ৰ লাভ কৰাৰ বিনিময়ত প্ৰথম কিস্তিত প্ৰায় ৩ লাখ টকা প্ৰদান কৰে ৷ আজি শেষৰটো কিস্তিৰ ধন দিবলৈ আহিছিল ব্যক্তিগৰাকীয়ে ৷ এই শেষৰটো কিস্তিৰ ধন লোৱাৰ সময়তে ৰেঞ্জাৰ ইকবালক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :পাঁচ হাজাৰ টকাৰ লোভত গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল আৰফদ আলম
অভিযোগ অনুসৰি, এইগৰাকী বিষয়াৰ পৃষ্ঠপোষকতাত যোৰহাটত গঢ়ি উঠিছিল শিল, বালি আদিৰ ছিণ্ডিকেট ৷ ফলত তেওঁ নামে বেনামে গঢ়ি তুলিছিল পৰ্বতসম সম্পত্তিৰ পাহাৰ । আনহাতে এইগৰাকী বিষয়া আটক হোৱাৰ লগে লগে যোৰহাটবাসী একপ্ৰকাৰ উৎফুল্লিত হৈ পৰিছে । কাৰণ যোৰহাট বন বিভাগৰ বাবেই কেইবাজনো যুৱক অকালতে মৃত্যুমুখত পৰিছিল বুলিও গুৰুতৰ অভিযোগ উথাপিত হৈ আহিছে ।
তদন্তৰ অন্তত পৰৱৰ্তী পৰ্যায়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷ ৰেঞ্জাৰ ইকবাল আহমেদৰ সৈতে আৰু কোনোবা ৰৌ-বৰালি পৰিবনে জালত সেয়াহে হ’ব লক্ষণীয় ৷
লগতে পঢ়ক :চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ, এজনক আটক - BJP leader held