জোনাই: জোনাইৰ তৰাজান পথাৰৰ গৰগৰ নৈৰ পাৰত কৃষিকৰ্মৰে আদৰ্শ কৃষক হোৱাৰ সপোন ৰচিছে জোনাইৰ ১ নং মূৰ্কংচেলেক গাঁৱৰ উদ্যমী যুৱক তিলেশ্বৰ পাইটে । গৰগৰ নৈৰ পাৰৰ চাৰি বিঘা ভূমিত পাঁচশ জোপা উন্নত জাতৰ বগৰীৰ খেতিৰে বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন উদ্যমী যুৱক তিলেশ্বৰ পাইটে ।
চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি বা বহিৰাজ্যলৈ গৈ সময় নষ্ট নকৰি জোনাইৰ ১ নং মূৰ্কংচেলেক গাঁৱৰ তিলেশ্বৰ পাইট নামৰ যুৱকজনে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে বিগত তিনিছৰৰ পৰা কৰি আহিছে উন্নত জাতৰ বগৰীৰ খেতি । কেমি জেলেম পঞ্চায়তৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বগৰী খেতি আৰম্ভ কৰি তিনি বছৰে ভাল ফল পোৱাত তিলেশ্বৰ পাইটৰ ওঁঠত বিৰিঙিছে সফলতাৰ হাঁহি ৷
উল্লেখ্য যে বগৰী খেতিৰে তিলেশ্বৰ পাইতে নিজৰ লগতে উক্ত বগৰী খেতিত বহুজনক কৰ্ম-সংস্থাপন দিবলৈ দিবলৈ সক্ষম হৈছে । কেৱল বগৰী খেতিয়েই নহয়, উদ্যমী যুৱক তিলেশ্বৰ পাইতে সময় সাপেক্ষে আলু, কবি, জলকীয়া আদি বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰিও বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা ।