অসম

assam

ETV Bharat / state

জি এছ টিত অতিষ্ঠ ব্যৱসায়ীৰ যুটীয়া কৰ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও - Businessmen Protest in Tezpur - BUSINESSMEN PROTEST IN TEZPUR

Tezpur Protest : উত্তৰ অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ তেজপুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত জি এছ টিৰ নামত দীৰ্ঘদিনৰে পৰা চৰকাৰী সূত্ৰই মাধমাৰ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ এনে মাধমাৰৰ পৰা পৰিত্ৰাণ পাবলৈয়ে মঙলবাৰে ক্ষুব্ধ ব্যৱসায়ীসকলে ৰাজ্যিক যুটীয়া কৰ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে ৷

BUSINESSMEN PROTEST IN TEZPUR
তেজপুৰত ব্যৱসায়ীৰ প্ৰতিবাদ (Source : Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:05 PM IST

তেজপুৰ, 28 মে’:ব্যৱসায় এৰি ৰাজপথত ব্যৱসায়ী ৷ তেজপুৰত দেখা গৈছে এই দৃশ্য ৷ প্ৰচণ্ড বৰষুণৰ মাজতে মঙলবাৰৰ দিনটোত তেজপুৰৰ একাংশ ব্যৱসায়ীয়ে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

তেজপুৰত যুটীয়া কৰ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও (Source : Etv Bharat Assam)

ঘটনাৰ বিৱৰণী অনুসৰি, জি এছ টি অৰ্থাৎ গুডছ এণ্ড ছাৰ্ভিচ টেক্সৰ নাম শুনিলেই এতিয়া সাতজাপ মাৰি উঠা হৈছে একাংশ মধ্যবিত্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ৷ উত্তৰ অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ তেজপুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত জি এছ টিৰ নামত দীৰ্ঘদিনৰে পৰা চৰকাৰী সূত্ৰই মাধমাৰ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ এনে মাধমাৰৰ পৰা পৰিত্ৰাণ পাবলৈয়ে মঙলবাৰে ক্ষুব্ধ ব্যৱসায়ীসকলে ৰাজ্যিক যুটীয়া কৰ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে ৷ ব্যৱসায়ীসকলে তেওঁলোকৰ পত্ৰসমূহ কাৰ্যালয়ত দাখিল কৰি জবাবদিহি কৰে বিভাগীয় বিষয়াক ৷ প্ৰায় তিনি হাজাৰ ব্যৱসায়ীয়ে ৰঙাপৰা, ঢেকিয়াজুলি, বালিপৰা আদি অঞ্চলৰ পৰা আহি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:ডিআৰডিঅ'ৰ অধ্যক্ষসহ শীৰ্ষ বিষয়াৰ তেজপুৰ ভ্ৰমণ - DRDO Chairman Tezpur Visit

ব্যৱসায়ীসকলে অভিযোগ উত্থাপন কৰা অনুসৰি, বিগত পাঁচবছৰৰ সুদৰ লগতে অতিৰিক্ত জৰিমনা জাপি দি চৰকাৰে তেওঁলোকৰ ওপৰত মাধমাৰ শোধাইছে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ এই অৱস্থা দেশৰ ভিতৰত কেৱল অসমতে সংঘটিত হৈছে ৷ হায়দৰাবাদৰ পৰা আমদানিকৃত এক চফ্‌টৱেৰ ব্যৱহাৰ কৰাৰ পাচৰ পৰে উদ্ভৱ হৈছে এই সমস্যা ৷

উল্লেখ্য যে, ২০১৭ চনৰ ১ জুলাইৰ পৰা সমগ্ৰ দেশতে বলৱৎ কৰা হৈছিল জি এছ টি ৷ এই জি এছ টি আদায়ৰ বাবে এক বিশেষ প’ৰ্টেলৰ ব্যৱস্থা কৰা হৈছিল ৷ এই প’ৰ্টেল আৰম্ভণিৰে পৰা বৰ্তমান পৰ্যন্ত কেইবাবাৰো উন্নীতকৰণ হৈছে ৷ কিন্তু বিগত ক’ভিড মহামাৰীৰ সময়ত বহুসংখ্যক ব্যৱসায়ীয়ে এই জি এছ টি দাখিল কৰাত পলম হৈছিল ৷ যাৰ বাবে তেওঁলোকে পৰৱৰ্তী সময়ত অতিৰিক্ত ধন পৰিশোধ কৰিছিল ৷ কিন্ত এই অতিৰিক্ত পৰিমাণৰ জি এছ টি দাখিলৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই নিৰ্দিষ্ট মাচুলৰ লগত জৰিমনা বিহি মুঠ পাঁচ বছৰৰ নিয়মীয়া সুদৰ লগতে চক্ৰবৃদ্ধি সুদ জমা দিবলৈ জাৰি কৰিছিল এক জাননী ৷

আনহাতে, যিসকলে এই জি এছ টি প্ৰেক্টিছনাৰ, তেওঁলোকে বিষয় সন্দৰ্ভত কয় যে, কেন্দ্ৰীয় জি এছ টিৰ তৰফৰ পৰা প্ৰতিখন জাননীত ইয়াৰ উত্তৰ-প্ৰত্যুত্তৰ দিবলৈ পত্ৰ প্ৰেৰণ কৰে আৰু তাৰ বাবে বান্ধি দিয়া হয় নিৰ্দিষ্ট সময়সীমা ৷ কিন্ত দুৰ্ভাগ্যজনকভাৱে ৰাজ্যিক জি এছ টিৰ তৰফৰ পৰা এনেধৰণৰ কোনো নিৰ্দেশ জাৰি নকৰি অধিক ধন আদায় কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলি মন্তব্য কৰে ৷ তেওঁলোকে লগতে কয় যে, সকলো টেক্সৰ বাবে ৰিভাইছ কৰাৰ সুবিধা আছে ৷ কিন্তু একমাত্ৰ ৰাজ্যিক জি এছ টিত সেই সুবিধা নাই ৷ ব্যৱসায়ীসকলে কৰ প্ৰদান কৰাৰ পিচতো কৰ আইন ৭৪ ৰ অধীনত ভুৱা সজোৱা বুলি ব্যৱসায়ীসকলে ব্যক্ত কৰে ৷

লগতে পঢ়ক:জি আই টেগ লাভ কৰা তেজপুৰৰ লিচুৰ সোৱাদ আপুনি বাৰু লৈছে নে ? - Tezpur Litchi Story

ABOUT THE AUTHOR

...view details