অসম

assam

ETV Bharat / state

জে এম চি এইচত সাময়িকভাৱে বন্ধ সন্ধিয়াৰ অ’ পি ডি সেৱা - JORHAT MEDICAL COLLEGE HOSPITAL

জে এম চি এইচত সন্ধিয়াৰ অ’ পি ডি সেৱা আৰম্ভ কৰাৰ মাত্ৰ দুদিনৰ পাছতেই এই সেৱা বন্ধ ৷

DME Dr Anup Kumar Barman
অসম স্বাস্থ্য শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ ডাঃ অনুপ কুমাৰ বৰ্মন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 9:00 PM IST

যোৰহাট:সাময়িকভাৱে বন্ধ হ’ল যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চমুকৈ জে এম চি এইচৰ সন্ধিয়া অ’ পি ডি সেৱা ৷ স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে বুধবাৰে চিকিৎসালয়খনত উপস্থিত হৈ সদৰী কৰে এই কথা ৷ উল্লেখ্য যে, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কাৰ্যনিৰ্বাহক কমিটীৰ সিদ্ধান্ত মতে যোৱা ২৮ অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছিল সন্ধিয়াৰ বিশেষ অ’ পি ডি সেৱা আৰু এই অ’ পি ডি সেৱা আছিল পেইড ।

সপ্তাহত দুটা দিনৰ বাবে সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ এই বিশেষ অ’ পি ডি সেৱাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু ৰাজ্যৰ ভিতৰত প্ৰথম যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হোৱা এই ব্যৱস্থাক লৈ বিভিন্ন স্তৰত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই বিশেষ অ’ পি ডি সেৱা ল'বলৈ এজন ৰোগীয়ে ৪০০ টকা মাচুল দিব লগা হৈছিল । এই মাচুলৰ পৰিমাণক লৈ সৰ্বস্তৰৰ ৰাইজৰ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷

অসম স্বাস্থ্য শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ ডাঃ অনুপ কুমাৰ বৰ্মন (ETV Bharat Assam)

সমগ্ৰ বিষয়টোৰ অনুসন্ধান কৰিবলৈ বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হয় স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন । তেওঁ কয়, "সন্ধিয়া অ’ পি ডি সেৱাৰ উদ্দেশ্য আছিল মহৎ ৷ কিন্তু ভুলধৰণে এই সেৱাৰ বিষয়ে ৰাইজৰ মাজত বিয়পি পৰিছিল আৰু আজিৰ পৰা সাময়িকভাৱে সন্ধিয়া অ’ পি ডি সেৱা বন্ধ কৰা হৈছে ৷"

তেওঁ লগতে এই গোটেই বিষয়টো অনুসন্ধান কৰি থকাৰ কথাও জানিবলৈ দিয়ে ৷ আনহাতে যদি চিকিৎসালয়খনৰ চিকিৎসক আৰু বিষয়া-কৰ্মচাৰীয়ে গাফিলতি কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা ইংগিত দিয়ে সঞ্চালকগৰাকীয়ে । তেওঁ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে বিভিন্ন আনুষংগিক কাম-কাজৰ বাবেহে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই এই পেইড সন্ধিয়া অ’ পি ডি সেৱা আৰম্ভ কৰা হৈছিল বুলি জানিবলৈ দিয়ে । আনহাতে পূৰ্বৰ দৰে অন্য সেৱাসমূহ চলি থাকিব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:জে এম চি এইচতো বৃদ্ধি চিকিৎসা সেৱা মাচুল; পঞ্জীয়নৰ পৰা অস্ত্ৰোপচাৰলৈ সকলোতে সীমাহীন হাৰত মাচুল বৃদ্ধি - Jorhat Medical College Hospital

ABOUT THE AUTHOR

...view details