অসম

assam

ETV Bharat / state

প্লাষ্টিকমুক্ত জাতিংগা মহোৎসৱৰ প্ৰস্তুতি

অক্টোবৰত বেছিকৈ পৰিভ্ৰমী চৰাই আহে জাতিংগা আৰু দহিং গাঁৱলৈ । এই সময়তেই আয়োজন কৰা হয় মহোৎসৱৰ ।

Dima Hasao Tourism Department
জাতিংগা মহোৎসৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 6:40 PM IST

হাফলং:অহা ৮ আৰু ৯ নৱেম্বৰত অনুষ্ঠিত হ'ব জাতিংগা মহোৎসৱ । কি কি থাকিব জাতিংগা মহোৎসৱত এই সন্দৰ্ভত ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগৰ অধ্যক্ষ জশৃংদাও ফংলোই এক সংবাদমেল যোগে সদৰী কৰিছে । জাতিংগা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে থকা খেলপথাৰত অনুষ্ঠিতব্য় এই মহোৎসৱ হ'ব প্লাষ্টিকমুক্ত ।

ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগৰ অধ্যক্ষগৰাকীয়ে এই সন্দৰ্ভত কয়,"এইবাৰ পৰিভ্ৰমী চৰাই উদ্ধাৰ আৰু পুনৰ্বাসন এই বিষয়বস্তু হিচাপে লৈ জাতিংগা মহোৎসৱ অনুষ্ঠিত হ'ব । মহোৎসৱস্থলীত কোনো লোকে কোনো ধৰণৰ প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ কৰিব নোৱাৰিব । জাতিংগা মহোৎসৱত পৰ্যটকসকলৰ বাবে থাকিব 'পেইণ্ট বল ৱাল ক্লাইম্বিং জিপলাইন ৰোপ শ্লিং ৱাক' । তদুপৰি ইয়াত থাকিব ডিমা হাছাও জিলাৰ সকলো জাতি-জনগোষ্ঠীৰ হস্ততাত শিল্প আৰু থলুৱা খাদ্যৰ বিপণি । থাকিব সাংস্কৃতিক অনুষ্ঠান । এই অনুষ্ঠানত থাকিব মুম্বাইৰ প্ৰখ্যাত সংগীত শিল্পী নিৰজ শ্ৰীধৰৰ লগতে পৰিক্ৰমা ৰক বেণ্ড ।"

জাতিংগা মহোৎসৱ (ETV Bharat Assam)

জশৃংদাও ফংলোই পুনৰ কয়," পৰ্যটকসকলে স্থানীয় থলুৱা খাদ্যৰ সোৱাদ ল'ব পাৰিব জাতিংগা মহোৎসৱত । এই মহোৎসৱৰ উপৰি ১৩,১৪ আৰু ১৫ ডিচেম্বৰত উমৰাংচ'ত ফেলকন মহোৎসৱ অনুষ্ঠিত হ'ব । এই মহোৎসৱৰ বাবে এতিয়াৰে পৰা ডিমা হাছাও জিলাৰ সকলো হোটেল, গেষ্ট হাউছ বুকিং কৰি থৈছে পৰ্যটকসকলে । এই দুই মহোৎসৱত বহুতো পৰ্যটক আহে ।"

তেওঁ কয়,"অক্টোবৰত বেছিকৈ পৰিভ্ৰমী চৰাই আহে জাতিংগা আৰু দহিং গাঁৱত । এইবাৰ বেছি পৰিমাণে দহিং গাঁৱত দেশ-বিদেশৰ পৰা পৰিভ্ৰমী চৰাই আহিছে আৰু এই চৰাই অহাৰ দৃশ্য একমাত্ৰ নিশাই প্ৰত্যক্ষ কৰিব পাৰিব পৰ্যটকসকলে ।"

উমৰাংচ'ত বিয়লি পাঁচ বজামানৰ পৰা লাখে লাখে আমুৰ ফেলকন চৰাই দেখিবলৈ পোৱা যায় বুলি মন্ত্যব কৰি জশৃংদাও ফংলোৱে পুনৰ কয়," ডিমা হাছাও জিলাত অহা প্ৰতিজন পৰ্যটকক ভালকৈ আদৰণি জনোৱাৰ বাবে স্থানীয় ৰাইজক আহ্বান জনাইছো । আমি যদি বাহিৰৰ পৰা অহা পৰ্যটকসকলৰ লগতে ভাল ব্যৱহাৰ কৰো তেনেহ'লে ইয়াৰ পৰা ভাল বাৰ্তা লৈ যাব পৰ্যটকসকলে ।"

লগতে পঢ়ক:ৰাস পালেহিয়েই...দৰ্শকক নতুন ধৰণে চমক দিবলৈ সাজু মাজুলীৰ অৰ্ধশতাধিক ৰাস মঞ্চ

পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব

ABOUT THE AUTHOR

...view details