হাফলং : অন্তিম পৰ্যায়ত জাতিংগা মহোৎসৱৰ প্ৰস্তুতি পৰ্ব । এইবাৰ ষষ্ঠ সংখ্যক জাতিংগা মহোৎসৱ উদ্বোধন কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত জাতিংগা মহোৎসৱত এইবাৰ তাৰকাৰ সমাবেশ ঘটিব ।
8 আৰু 9 নৱেম্বৰত জাতিংগা মহোৎসৱত সংগীতানুষ্ঠান পৰিবেশন কৰিব ব'ম্বে ভাইকিঙৰ নিৰজ শ্ৰীধৰ পৰিক্ৰমা বেণ্ড ঋতু পাঠক, ঋতু ৰিবা ডিভাইন কানেকচন আদিকে ধৰি বিভিন্ন বেণ্ডে । পৰিভ্ৰমী চৰাই উদ্ধাৰ আৰু পুনৰ্বাসনক বিষয়বস্তু হিচাপে লৈ এইবাৰ জাতিংগা মহোৎসৱ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে থকা পথাৰত অনুষ্ঠিত হ'ব ।
8 নৱেম্বৰৰ পৰা জাতিংগা মহোৎসৱ (ETV Bharat Assam) এই মহোৎসৱৰ বাবে সম্পূৰ্ণ বাবে সাজু হৈ উঠিছে পাহাৰীয়া জিলা ডিমা হাছাও । দুদিনীয়া এই জাতিংগা মহোৎসৱৰ প্ৰৱেশ মূল্য হৈছে 500 টকা । এই প্ৰৱেশ পত্ৰ পৰ্যটন বিভাগৰ ইনফৰ্মেচন চেণ্টাৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব ।
আনহাতে, এইবাৰ জাতিংগা মহোৎসৱ হ'ব সম্পূৰ্ণ প্লাষ্টিকমুক্ত । মহোৎসৱলৈ অহা কোনো লোকে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব । ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ অধ্যক্ষ জশৃংদাও ফংলোৱে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় ।
তেওঁ কয়, "জাতিংগা মহোৎসৱৰ অনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব শুকুৰবাৰে দিনৰ 11 বজাত । বিয়লি তিনি বজাৰ পৰা বিভিন্ন অনুষ্ঠান আৰম্ভ হ'ব । ইতিমধ্যে ডিমা হাছাও জিলাৰ জাতিংগা মহোৎসৱ উপভোগ কৰাৰ বাবে বাহিৰৰ পৰা প্ৰচুৰ পৰ্যটক আহি উপস্থিত হৈছে হাফলঙত । হাফলং চহৰত থকা বিভিন্ন হোটেল, গেষ্ট হাউছ, হোম ষ্টে' সকলো বুকিং হৈছে ।"
তেওঁ লগতে কয়, "ইয়াৰ উপৰি জাতিংগা মহোৎসৱস্থলীত পৰ্যটকসকলৰ বাবে অত্যাধুনিক টেণ্টৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে এই টেণ্টসমূহো বুকিং হৈছে । জাতিংগা মহোৎসৱলৈ অহা পৰ্যটকসকলে ডিমা হাছাও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ হস্তনিৰ্মিত সামগ্ৰী ক্ৰয় কৰিব পাৰিব আৰু জনজাতীয় থলুৱা খাদ্যৰ স্বাদ ল'ব পাৰিব ।
উল্লেখ্য যে জাতিংগা মহোৎসৱক লৈ বৰ্তমান সমগ্ৰ পাহাৰীয়া জিলাখনতে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে ।