অসম

assam

ঢেকীয়াখোৱা বৰনামঘৰ-মইনাপৰীয়া নামঘৰত জন্মাষ্টমী - Krishna Janmashtami 2024

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 3:31 PM IST

Janmashtami 2024 : আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী । ৰাজ্য়ৰ বিভিন্ন মন্দিৰ, নামঘৰ আদিত ভক্তসকলে আয়োজন কৰিছে কৃষ্ণৰ জন্মাষ্টমীৰ । নাম প্ৰসংগৰে মুখৰিত ৰাজ্য় ।

Krishna Janmashtami in Assam
শ্ৰীকৃষ্ণৰ জন্মাষ্টমী (ETV Bharat Assam)

টীয়ক, ২৬আগষ্ট :আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কৃষ্ণৰ জন্মাষ্টমীৰ ব্যাপক আয়োজন কৰা হৈছে । ৰাজ্য়ৰ বিভিন্ন মন্দিৰ, নামঘৰ আদিত কৃষ্ণৰ জন্মাষ্টমীৰ আয়োজনক লৈ পুৱাৰে পৰাই ভক্তসকলৰ মাজত দেখা গৈছে ব্য়স্ততা । ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰ অষ্টমী তিথিত হৈছিল ।

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী (ETV Bharat Assam)
  • মইনাপৰীয়া নামঘৰত জন্মাষ্টমী :

টীয়কৰ ঐতিহাসিক নৃসিংহ মহাপ্ৰভুখ্যাত মইনাপৰীয়া নামঘৰত জন্মাষ্টমী উপলক্ষত পুৱাই নাম প্ৰসংগৰে আৰম্ভ কৰে দিনযোৰা কাৰ্যসূচীৰ । দুপৰীয়াৰ পুনৰ নাম প্ৰসংগৰ লগতে জন্মাষ্টমী উপলক্ষত সন্ধিয়ালৈ স্থানীয় মহিলাসকলৰ দ্বাৰা দিহা নাম প্ৰদৰ্শনৰ দিহা কৰিছে ।

উল্লেখ্য যে, নৃসিংহ মহাপ্ৰভুখ্যাত এই পীঠলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ পুৱাৰে পৰা জন্মাষ্টমী উপলক্ষে হাতে হাতে শৰাই নৈবদ্য লৈ আগমণ ঘটিছে । সকলোৱে নিজ নিজ মনোকামনা পুৰণৰ মানসেৰে নেদেখাজনৰ চৰণত শৰণাপন্ন হৈছে ।

  • ঢেকীয়াখোৱা বৰনামঘৰত ঘোষাপাঠ :

ইপিনে, আজি পুৱাৰে পৰা ঢেকীয়াখোৱা বৰনামঘৰত নাম প্ৰসংগৰ উপৰি খোল প্ৰসংগ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগমত দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে ঢেকীয়াখোৱা বৰনামঘৰ । জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৱে হাতে হাতে ধূপ নৈবদ্য লৈ নেদেখাজনৰ চৰণত শৰণাপন্ন হয় ।

পুৱা প্ৰাতঃপ্ৰসংগকে ধৰি কৃষ্ণ নৃত্য, দিহানাম আদি বিভিন্ন আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাচতে মূল নাম আৰু সন্ধিয়ালৈ জন্মাষ্টমী উপলক্ষে ঘোষাপাঠ কাৰ্যসূচী ৰূপায়ণ কৰিব । বৰনামঘৰ পৰিচালনা সমিতিয়ে অক্ষয় বন্তিৰ পৰা সকলোকে আজিৰ এই বিশেষ দিনটোত আশীৰ্বাদ প্ৰদান কৰিছে ।

লগতে পঢ়ক:বেংগালুৰুৰ নামঘৰত কৃষ্ণৰ জন্মাষ্টমী পালন প্ৰৱাসী অসমীয়াৰ - Krishna Janmashtami 2024

জন্মাষ্টমীৰ দিনা কৰক এই উপায়, দূৰ আপোনাৰ জীৱনৰ এইসমূহ সমস্যা - Astro Tips

জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ আৰাধনা কৰাৰ সময়ত পৰিধান কৰক এই ৰঙৰ বস্ত্ৰ: জানি লওক মহত্ব - Janmashtami 2024

ABOUT THE AUTHOR

...view details