অসম

assam

ETV Bharat / state

জল জীৱন আঁচনিৰ নামত যোগান ধৰিছে বোকাপানী ! - Water Supply Scheme In Lakhimpur - WATER SUPPLY SCHEME IN LAKHIMPUR

Jal Jeevan Mission : লখিমপুৰত জল জীৱন আঁচনিৰ নামত প্ৰহসন । বিশুদ্ধ খোৱা পানীৰ সলনি ৰাইজক যোগান ধৰিছে বোকাপানী । আঁচনিখনত বোকা বালি ব্যবহাৰ কৰি ফিল্টাৰ কৰাৰ বাবে বোকাপানী ওলোৱা বুলি অভিযোগ উত্থাপন কৰে লখিমপুৰৰ বগীবিল অঞ্চলবাসীয়ে ।

Jal Jeevan Mission provides dirty drinking water at Bogibeel in Lakhimpur
জল জীৱন আঁচনিৰ নামত যোগান ধৰিছে বোকাপানী ! (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 5, 2024, 9:52 AM IST

জল জীৱন আঁচনিৰ নামত যোগান ধৰিছে বোকাপানী ! (ETV Bharat Assam)

লখিমপুৰ, ৫ মে' : বিভিন্ন সময়ত ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে জল-জীৱন মিছন আঁচনিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে । কেতিয়াবা যদি নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই খহি পৰিছে আঁচনিৰ দেৱাল, আন কেতিয়াবা আকৌ দেখা গৈছে ভূতবাংলালৈ পৰিণত হৈছে জল-জীৱন মিছন আঁচনিৰ গৃহ । ইয়াৰ মাজতে পোহৰলৈ আহিছে বিশুদ্ধ খোৱাপানী যোগানৰ নামত লেতেৰা পানী যোগান ধৰাৰ খবৰ ।

এইবাৰৰ স্থান লখিমপুৰ । লখিমপুৰত জল জীৱন আঁচনিৰ পৰা ৰাইজে লাভ কৰিছে কেৱল বোকা পানী । ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ কেন্দ্রীয় আঁচনি জল জীৱন মিছনৰ সুফলৰ বিষয়ে সততে সভাই সমিতিয়ে চৰকাৰীভাৱে ঘোষণা কৰি অহা হৈছে । কিন্তু প্ৰকৃততে জল জীৱন আঁচনিৰ পৰা ৰাইজ উপকৃত হৈছে নে নাই সেয়া চাবলৈ চৰকাৰৰ আহৰি নাই । চৰকাৰৰ অমনোযোগিতাৰ বাবে কেতবোৰ জল জীৱন মিচনৰ আঁচনিৰ পৰা ৰাইজ উপকৃত হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে ।

জল জীৱন মিচনৰ পৰা বোকা পানী ওলোৱাৰ অভিযোগ ৰাইজৰ । লখিমপুৰৰ বগীবিল জল জীৱন মিচনৰ আঁচনিখনৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰে এই অভিযোগ । ৰাইজৰ অভিযোগ অনুসৰি আঁচনিখনৰ পৰা ৰাইজে বিশুদ্ধ পানীৰ পৰিৱৰ্তে খাবলগীয়া হৈছে বোকাপানীহে । পথৰ কাষৰ পাইপসমূহৰ পৰা বিভিন্ন ঠাইত পানী নিৰ্গত হৈ থকা পৰিলক্ষিত হয় । আঁচনিখনত বোকা বালি ব্যবহাৰ কৰি ফিল্টাৰ কৰা বাবে বোকা পানী ওলাইছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ।

স্থানীয় ৰাইজৰ জনোৱা অনুসৰি ফিল্টাৰত ঠিকাদাৰে বোকা বালি ব্যৱহাৰ কৰিবলৈ লওতে কোনো কোনোৱে মানা কৰিছিল যদিও ঠিকাদাৰে সেই কথাত গুৰুত্ব নিদিলে । যাৰ বাবে ৰাইজে এতিয়া বিশুদ্ধ পানীৰ সলনি সেৱন কৰিবলগীয়া হৈছে বোকাপানীহে । ৰাইজে এই ক্ষেত্ৰত মুখ্যমন্ত্রীৰ হস্তক্ষেপৰ দাবী কৰি এক তদন্ত কৰিবলৈ আহ্বান জনাই ।

লগতে পঢ়ক:পানী যোগান আঁচনিৰ টেংকীত কুকুৰৰ মৃতদেহ - Water Supply Scheme In Jorhat

জুৰিৰ পানীৰেই তৃষ্ণা নিবাৰণ হাতীগাঁও চাহ বাগিচাৰ ৰাইজৰ

ABOUT THE AUTHOR

...view details