গুৱাহাটী:বহু প্ৰতীক্ষাৰ অন্তত শুকুৰবাৰে মুক্তি পালে অসমীয়া ছবি 'জয় হনুমেন' । ৰাজ্য প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিলে অসমীয়া ছবি 'জয় হনুমেন' এ । পুৱাৰে পৰা ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ।
অসমৰ বিভিন্ন ঠাইত মুক্তি লাভ কৰাৰ লগতে দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, নয়ডা আৰু গোৱা চহৰতো মুক্তি লাভ কৰিছে ছবিখন ।
ছবিখন মুক্তিৰ দিনাই মহানগৰীৰ বহুকেইটা ছবিগৃহত দৰ্শকৰ কাষত থিয় হয় টীম 'জয় হনুমেন' । মহানগৰীৰ অনুৰাধা ছবিগৃহত 'জয় হনুমেন'ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে উপস্থিত হয় কয় ছবিখনৰ সন্দৰ্ভত কিছু কথা । 'জয় হনুমেন' ছবিখনৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়,"প্ৰথম কথা হ'ল আজি মোৰ মুখত হাঁহি ওলাইছে । আজি বহুত দিনৰ পৰা মোৰ মুখত হাঁহি নাছিল, এটা চিন্তা আছিল যে কি হ'ব কি নহ'ব ।"