গুৱাহাটী, ১৮ মে’ : অসম ৰাজ্যিক পৰিবহণ নিগমৰ সৈতে অসমবাসীৰ আবেগ জড়িত হৈ আছে । দূৰন্ত গঁড়ৰ প্ৰতীক চিহ্নৰে ৰঙা ৰঙৰ বাছসমূহৰে এটা সময়ত অসম ৰাজ্যিক পৰিবহণ নিগম এটা লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছিল । অসমৰ গ্ৰামাঞ্চলক চহৰ-নগৰৰ সৈতে সংযোগ কৰা যাতায়াতৰ সেতু ৰঙা বাছৰ আৱেগ সম্বলিত অসম ৰাজ্যিক পৰিবহণ নিগম বন্ধ হ'বলৈ যেন আৰু বেছি দিন নাই ।
উন্নয়নৰ জয়গান গোৱা বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত মৃত্যুমুখী হ’বলৈ ধৰিছে অসম ৰাজ্যিক পৰিবহণ নিগম । নিজৰ বাছ নিলাম কৰি ব্যক্তিগত বাছ চলাই কমিছন সংগ্ৰহ কৰা ৰাজ্যিক পৰিবহণ নিগমে শেহতীয়াকৈ পৰ্যায়ক্ৰমে কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদানৰ নীতি কাৰ্যকৰী কৰিছে । সেই অনুসৰি ৩১ মাৰ্চত পৰিবহণ নিগমে ৮৩ গৰাকী কৰ্মচাৰীক প্ৰদান কৰিছে স্বেচ্ছামূলক অৱসৰ ।
লগতে পঢ়ক:কোনে অন্ধকাৰলৈ ঠেলিছে পৰিবহন নিগমৰ ১২৫০ গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ভৱিষ্যৎ ?
ইয়াৰ পূৰ্বে বিগত বৰ্ষত নিগমৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈছিল ২৬০ গৰাকী কৰ্মচাৰীয়ে । একমাত্ৰ লোকচানৰ দোহাই দি কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰৰ দিশে ঠেলি দিছে নিগম কৰ্তৃপক্ষই । ইফালে নিজৰ অধীনত ব্যক্তিগত খণ্ডৰ বাছ চলাই কমিছন আদায় কৰা পৰিবহণ নিগমে স্বেচ্ছামূলক অৱসৰ লোৱা কৰ্মচাৰীসকলক এককালীন পাঁচ লাখ টকা প্ৰদানৰ নীতি লৈছে । ইয়াৰ পৰৱৰ্তী সময়ত এই কৰ্মচাৰীসকলক অন্যান্য অৱসৰকালীন ভাত্তা প্ৰদান কৰিব বুলি আশ্বাস দিছে ।
পিচে এইদৰে পৰ্যায়ক্ৰমে কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰা কাৰ্যই নিগমৰ ভৱিষ্যতক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে । কাৰণ শেহতীয়াকৈ ৮৩ গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰাৰ পিচত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীৰ সংখ্যা ৫০০ জনলৈ হ্ৰাস পাইছে । চলিত বছৰতে নিগমে আৰু একাংশ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰিব বুলি জনা গৈছে । ইয়াৰ বাবে এককালীন অৱসৰৰ ভাত্তা দিবলৈয়ো সাজু হৈছে নিগম ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত পৰিবহন নিগমত সৰ্বাধিক লোকচান
উল্লেখ্য যে স্থায়ী কৰ্মচাৰীৰ বিপৰীতে পৰিবহণ নিগমত বৰ্তমান ঠিকাভিত্তিত ২,৩০০ গৰাকী কৰ্মচাৰী আছে । লক্ষ্যণীয় বিষয় যে অসম ৰাজ্যিক পৰিবহণ নিগমে ইয়াৰ পূৰ্বে ৭৭১ গৰাকী কৰ্মচাৰীক অবৈধ নিযুক্তিৰ দোহাই দি আঁতৰ কৰিছিল । সম্প্ৰতি এই ৭৭১ গৰাকী কৰ্মচাৰীৰ ভৱিষ্যৎ ন্যায়ালয়ৰ মজিয়াত ওলমি আছে ।