ETV Bharat / state

বছৰৰ পহিলা পুৱাতে বালিলেছা কালী দেৱালয়ত ভক্তৰ লানি নিছিগা সোঁত - HAPPY NEW YEAR 2025

নৱবৰ্ষৰ সৰ্বাংগীণ মংগল কামনাৰে নলবাৰীৰ বালিলেছা কালী দেৱালয়ত মাৰ চৰণত ভক্তৰ প্ৰাৰ্থনা । বছৰৰ পহিলা পুৱাতেই ভক্তৰ উথপথপত বিৰ দি বাট নোপোৱা পৰিৱেশ দেৱালয়ত ।

Devotees throng to Balilesa at Kali Devalaya on New Year
বালিলেছা কালী দেৱালয়ত ভক্তৰ লানি নিছিগা সোঁত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 5:07 PM IST

নলবাৰী: প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে পাৰ হৈ গ'ল আন এটি বছৰ । পোৱা নোপোৱা, হাঁহি কান্দোন, সুখ দুখৰ মাজেৰে বিশ্ববাসীয়ে এটা বছৰ অতিক্ৰম কৰি আন এটি নৱবৰ্ষত খোজ পেলালে । কেলেণ্ডাৰৰ পাতত সংযোজিত হ'ল আৰু এটি নতুন বছৰ । নতুন বৰ্ষৰ পহিলা দিনটোতেই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো ভিন্ন মঠ-মন্দিৰ, দেৱালয়, নামঘৰত দেখা গৈছে ভক্তসকলৰ ভিৰ । মনত অযুত আশা লৈ নতুন বছৰটিৰ কুশল কামনা কৰি নলবাৰীতো বিভিন্ন ধৰ্মীয় স্থানত নেদেখাজনক জনাইছে প্ৰাৰ্থনা ।

একেই পৰিৱেশ দেখা গৈছে নলবাৰীৰ বালিলেছা কালী দেৱালয়ত । নতুন বছৰৰ পহিলা দিনটোতেই ভক্তৰ ভিৰত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হ'ল নামনি অসমৰ ইতিহাস প্ৰসিদ্ধ বালিলেছা কালী দেৱালয়ত । হাতত ধূপ-নৈবদ্য লৈ মা কালীৰ শ্ৰী চৰণত সেৱা জনালে ভক্তপ্ৰাণ ৰাইজে । বিচাৰিলে আশিস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা ভক্তসকলে নতুন দিন নতুন বছৰত সমৃদ্ধিশালী হোৱাৰ কামনাৰে জনালে প্ৰাৰ্থনা ।

বালিলেছা কালী দেৱালয়ত ভক্তৰ লানি নিছিগা সোঁত (ETV Bharat Assam)

উজনি-নামনিৰ ভিন্ন প্ৰান্তৰৰ লোকে এই দেৱালয়ত বছৰটিৰ মংগল কামনাৰ অৰ্থে চাকি শৰাই আগবঢ়াই মা কালীৰ ওচৰত বিচাৰিছে প্ৰাৰ্থনা । এই দেৱালয়ৰ আছে বহু প্ৰবাদ তথা লোকবিশ্বাস । ভক্তই যি কামনা লৈ এইখন দেৱালয়ত আশিস বিচাৰে সেয়াই পূৰণ হয় বুলি এক লোকবিশ্বাস প্ৰচলিত হৈ আহিছে । সেয়েহে নতুন বছৰত মনৰ কামনা পূৰণ হোৱাৰ উদ্দেশ্যৰে দুৰ দুৰণিৰ পৰা ভক্তৰ সোঁত বৈছে এইখন দেৱালয়ত । আমিও নতুন বছৰত সমূহ ৰাইজৰ মংগল কামনা কৰি জনালো প্ৰাৰ্থনা ।

লগতে পঢ়ক: ৰাজ্যবাসীলৈ শুভেচ্ছা আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ - HAPPY NEW YEAR 2025

2025 চনৰ প্ৰথম সূৰ্যোদয়ৰে ভাৰতত নৱবৰ্ষক স্বাগতম - INDIA WELCOMES NEW YEAR 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.