হায়দৰাবাদ: 2025 চনটো অটো উদ্যোগৰ বাবে বিশেষ হ’ব বুলি আশা কৰা হৈছে । 2025 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া ম’বিলিটি গ্ল’বেল এক্সপ’ত বিভিন্ন গাড়ী কোম্পানীয়ে অংশগ্ৰহণ কৰিব । ইয়াৰ ভিতৰত পেট্ৰ’ল গাড়ীৰ লগতে ইলেক্ট্ৰিক গাড়ী কোম্পানীও আছে । গ্ল’বেল এক্সপ’ত মুকলি কৰা হ’ব টাটা, মহিন্দ্ৰা, মাৰ্চিডিজ আৰু মাৰুতিৰ বহু গাড়ী । মুকলি হ’বলগীয়া কিছুমান গাড়ীৰ বিষয়ে জানো আহক---
Hyundai Creta EV
17 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া অটো এক্সপ’ৰ সময়ত হুণ্ডাই ক্ৰেটা ইভি মুকলি কৰাৰ সম্ভাৱনা আছে । ইয়াত 60 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক লগোৱা হ’ব পাৰে । এই ইলেক্ট্ৰিক গাড়ীখনে 500 কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ দিব পাৰিব । জানিব পৰা মতে, ইয়াক একক মটৰেৰে মুকলি কৰা হ’ব ।
Maruti Suzuki e Vitara
মাৰুতীয়ে এতিয়ালৈকে কোনো ইলেক্ট্ৰিক গাড়ী মুকলি কৰা নাই । অৱশ্যে 2025 চনৰ ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ত ই ভিটাৰা মুকলি কৰাৰ প্ৰস্তুতি চলাইছে কোম্পানীটোৱে । ইয়াত 49 কিলোৱাট ঘণ্টা আৰু 61 কিলোৱাট ঘণ্টাৰ দুটা বেটাৰী পেক বিকল্প প্ৰদান কৰা হ’ব । মাৰুতি চুজুকি ই ভিটাৰাত বহু উন্নত বৈশিষ্ট্যৰে সজ্জিত হ’ব । ইয়াৰ ভিতৰত আছে 360 ডিগ্ৰী কেমেৰা, ৰিয়াৰভিউ মিৰ’ৰ, পেনোৰামিক ছানৰুফ, ডিজিটেল ইনষ্ট্ৰুমেণ্ট ডিছপ্লেৰ সৈতে বৃহৎ ইনফ’টেইনমেণ্ট চিষ্টেম আদিকে ধৰি বহু আধুনিক বৈশিষ্ট্য ।
Kia Syros
শেহতীয়াকৈ কিয়াই মুকলি কৰিছে ছাইৰ’ছ এছ ইউ ভি । এই গাড়ীৰ মূল্য অটো এক্সপ’ৰ সময়ত ঘোষণা কৰা হ’ব । ইয়াত 1.0 লিটাৰৰ টাৰ্বো-পেট্ৰল ইঞ্জিন আৰু 1.5 লিটাৰ ডিজেল ইঞ্জিনৰ বিকল্প আছে । কিয়া চাইৰ’ছত 6 স্পীড মেনুৱেল আৰু 7 স্পীড ডিচিটি ইউনিট দিয়া হৈছে ।
Mercedes EQS 450 SUV
মাৰ্চিডিজ বেঞ্জে 9 জানুৱাৰীত ভাৰতত মুকলি কৰিব নতুন ইলেক্ট্ৰিক এছইউভি EQS 450 SUV ।এইখন ডুৱেল ইলেক্ট্ৰিক মটৰৰ সৈতে আগবঢ়োৱা হ’ব । ইয়াত 17.7 ইঞ্চি টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট, 360 ডিগ্ৰী কেমেৰা, 5 জ’ন অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল আৰু বন্ধ দুৱাৰৰ সৈতে এডিএএছ ছেফটিৰ দৰে বৈশিষ্ট্য পোৱাৰ সম্ভাৱনা আছে ।
MG Cyberster
ইণ্ডিয়া মবিলিটি গ্ল’বেল এক্সপ’তো মুকলি হ’ব পাৰে এম জি চাইবাৰষ্টাৰ স্প’ৰ্টছ কাৰ । ইয়াত 77 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক আছে, যিটো কোম্পানীয়ে দাবী কৰিছে যে ইয়াৰ ৰেঞ্জ 510 কিলোমিটাৰ । ই এখন স্প’ৰ্টছ গাড়ী, যিয়ে 3.2 ছেকেণ্ডত ঘণ্টাত 100 মাইললৈ গতি কৰিব পাৰে ।