নগাঁও, ১৯ আগষ্ট :স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰো দুটাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে এক ই-মেইল বাৰ্তা প্ৰেৰণ কৰাৰ পাছতেই একপ্ৰকাৰ হাহাকাৰ লাগিছিল ৰাজ্যজুৰি । কোনো কোনো প্ৰান্তৰ পৰা বোমা সদৃশ সামগ্ৰী উদ্ধাৰো কৰিবলৈ সক্ষম হয় অসম আৰক্ষী । এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা নগাঁও আৰক্ষীয়েও ইজনৰ পিছত সিজন প্ৰাক্তন আলফা নেতাক সোধা-পোছা কৰে । ইয়াৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ গাতে লাগি থকা এখন সত্ৰৰ সত্ৰাধিকাৰকো জেৰা চলালে নগাঁও আৰক্ষীয়ে ।
সত্ৰাধিকাৰগৰাকীৰ ওপৰত আৰক্ষীৰ দৃষ্টি কিয় ?
আলফা স্বাধীনৰ বোমা সংস্থাপনৰ ঘটনাৰ অনুসন্ধান অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে ঘটনাৰ নিশাই ঘৰৰ পৰা নি সোধা-পোছা কৰে নগাঁৱৰ বটদ্ৰৱাৰ সমীপৰ ভেটিয়নী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অৰূপ দেৱগোস্বামীক । সত্ৰাধিকাৰ অৰূপ দেৱগোস্বামীক আৰক্ষীয়ে সোধা-পোছা কৰাৰ কাৰণ অৰূপ দেৱগোস্বামীও আছিল এগৰাকী প্ৰাক্তন আলফা ।
তেওঁ কয়,"১৯৯০ চনৰ পৰাই আলফাৰ সৈতে মই জড়িত হৈ আছিলো । পৰৱৰ্তী সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ কাৰ্যকালৰ শেষৰ সময়ত অৰ্থাৎ ২০০১ চনতেই মই আত্মসমৰ্পন কৰিছিলো । তাৰ পাছৰ পৰাই মই সামাজিক কাম-কাজৰ সৈতে জড়িত হওঁ । পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সৈতেও জড়িত হৈ পৰৱৰ্তী সময়ত ভেটিয়নি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰো । এনে অৱস্থাত হঠাৎ আলফাৰ যোগসূত্ৰ বিচাৰি আৰক্ষীয়ে অনুসন্ধান চলোৱাৰ সময়ত মোক আৰক্ষী থানালৈ নি দীঘলীয়া সময় বহুৱাই ৰাখি সোধা-পোছা কৰে ।"