গুৱাহাটী, ৪ মে’ : ধৰক, আপোনাৰ ওচৰে-পাজৰে ডাঙৰ জন্তু এটা মৰিল । দেখাত আপচু, কিন্তু উপকাৰী জন্তুটো আঁতৰাবলৈ আপোনাৰ কোনো উপায় নাই । তেতিয়া আপোনাৰ এটাই চিন্তা হ’ব- শটোত শগুন পৰিছেনে নাই ? শগুন পৰিলেই আপুনি ৰক্ষা পৰে । দৈত্যাকাৰ, আপচু এই চৰাইজাতে যে নিতৌ মানৱ সমাজৰ কিমান উপকাৰ সাধে তাৰ লেখ-জোখ নাই ৷
পূজাৰী মানৱ সমাজে শগুনৰ পূজা কেতিয়াবা কৰিব জানো ? শগুন কাৰো শ্ৰদ্ধাৰ পাত্ৰ নহ’লেও ইহঁতে মানৱ সমাজৰ প্ৰতি কৰা উপকাৰৰ তুলনা নাই । বানপানী, ভুঁইকপ আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত শই শই গৰু-ম’হ, মানুহ আদি মৃত্যুৰ মুখত পৰে । শগুনে এই মৰাশবিলাক খাই মানুহক উদ্ধাৰ নকৰাহঁতেন মহামাৰী ৰোগতে তেনে অঞ্চলৰ মানুহ শেষ হ’লহেঁতেন ।
দুখৰ কথা যে ইমানখিনি উপকাৰ পোৱা সত্ত্বেও আমাৰ সমাজত শগুন এবিধ আপচু, ঘৃণনীয় চৰাই হিচাপেহে পৰিচিত । মানৱজাতিৰ এই উপকাৰী চৰাইবিধে মৃত্যুৰ শেষ ক্ষণ গণি আছে, সেয়া হয়তো বহুতৰে অজ্ঞাত বা জনাৰ ইচ্ছুক নহয় । এই উপকাৰী প্ৰজাতিবিধ নিঃশেষ হোৱাৰ পৰা উদ্ধাৰৰ কাম কৰি আছে ‘বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটী’ নামৰ এটা সংস্থাই ।
সমগ্ৰ দেশৰ লগতে এই সংস্থাটোৰ এটা শাখা গুৱাহাটীৰ ৰাণীত স্থাপন কৰা হৈছে । এই সংস্থাটোৱে বহুত বছৰ ধৰি নীৰৱে শগুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ কাম কৰি আছে । শগুনৰ সকলো বিষয়ে জনাৰ বাবে মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ জ্যেষ্ঠ কেন্দ্ৰ প্ৰৱন্ধক শচীন পি ৰানাডেৰ কাষ চপা হৈছিল । আছুতীয়া সাক্ষাৎকাৰত তেওঁ বহুত কথাৰে উত্তৰ দিলে ৷ যিবোৰ হয়তো বহুত মূল্যবান আৰু জনাৰ প্ৰয়োজন ।
শগুনৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস :
সমগ্ৰ বিশ্বজুৰি মুঠতে পোন্ধৰ জাতমান শগুন আছে । ৰানাডে জনোৱা মতে ভাৰতত ৯ টা প্ৰজাতিৰ শগুন আছে । অসমত দুটা প্ৰজাতিৰ শগুন আছে । তেওঁ কয় যে ১৯৮০ চনত ভাৰতত ৪ কোটি শগুন আছিল । ২০ বছৰমানৰ আগেয়ে অসমত শগুনৰ সংখ্যা লাখৰ ঘৰত আছিল । এতিয়া ভাৰতত ৪ হাজাৰমানো শগুন নাই । এতিয়া অসমত প্ৰায় ২০০০ টা বগাপিঠীয়া আৰু ৫০০ মান লাহী ঠুটীয়া শগুন আছে ।
বগাপিঠীয়া, লাহী ঠুটীয়া আৰু ৰজা শগুন অসমৰ স্থানীয় প্ৰজাতিৰ শগুন । শীতকালত হিমালয়ান গ্ৰিফন আৰু চিনেৰিয়াছ শগুন পৰিভ্ৰমী চৰাইৰূপে অসমলৈ আহে । কেতিয়াবা দুই-এটা ইউৰেছিয়ান গ্ৰিফন প্ৰজাতিৰ শগুনো পৰিভ্ৰমী চৰাইৰূপে অসমলৈ আহে ।
কিয় হ্ৰাস পালে শগুনৰ সংখ্যা ?
ৰানাডে কয় যে পশুধনৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ডাইক্লফিনাক নামৰ বিষনাশক ৰাসায়ানিক দৰববিধৰ ব্যৱহাৰৰ ফলতেই ভাৰতৰ লগতে অসমত বহুত শগুনৰ মৃত্যু হৈছে । কাৰণ এই ঔষধেৰে চিকিৎসা কৰা পশুৰ যদি ২-৩ দিনৰ ভিতৰত মৃত্যু হয়, তেন্তে দৰববিধৰ ক্ৰিয়া মৰাশত থাকি যায় । এনে পশুৰ শ ভক্ষণ কৰিলে শগুনৰ বৃক্ক বিকল হৈ ভিচালে গ্ৰউট হৈ মৃত্যুমুখত পৰে । পশুধনৰ চিকিৎসাত ব্যৱহৃত এচিক্লোফেনাক আৰু কেটোপ্ৰফেলো শগুনৰ মৃত্যু হোৱাৰ মূল কাৰণ বুলি তেওঁ উল্লেখ কৰে ।
তেওঁ জনায় যে তিনিওবিধ দৰবেই নিষিদ্ধ কৰা হৈছে । ৰাণাডেৰ মতে, নিষিদ্ধ দৰব ক’ৰবাত ক'ৰবাত ফাৰ্মাচী আদিত মজুত আছে আৰু সেইবোৰ কম পৰিমাণে হ'লেও ব্যৱহাৰ হৈ আছে । এই ব্যৱহাৰ ৰোধ কৰিব লাগিব । ৰাইজো সচেতন হ’ব লাগিব বুলি তেওঁ মতপোষণ কৰে ।
শগুন নোহোৱা হোৱাৰ ফলত চৰিত্ৰ সলনি হৈ হিংস্ৰ হোৱা বাটৰ কুকুৰ, ভতুৱা কুকুৰে বিভিন্ন বিপদ মাতি আনিছে সমাজলৈ । গ্ৰামাঞ্চলত কেবাটাও কুকুৰে দল বান্ধি পথাৰ বা ৰাস্তাত থকা ছাগলী, দামুৰি আদি পোহনীয়া জীৱ-জন্তুক কামোৰে, আক্ৰমণ কৰে বা চিকাৰ কৰি খায় । শগুনৰ সংখ্যা লাখৰ ঘৰৰপৰা আহি মাত্ৰ কেইহেজাৰমান হৈছে । তাৰ ফলতে কুকুৰৰ চৰিত্ৰ সলনি হোৱা বুলি মন্তব্য কৰে শচীন পি ৰানাডে ৷