হাফলং,২৬ জুন:সমগ্ৰ বিশ্বৰ লগতে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস বা ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় । হাফলং সাংস্কৃতিক ভৱনৰ সন্মুখৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক অধিক সজাগ কৰাৰ উদ্দেশ্যে উলিওৱা এক সমদল সমগ্ৰ হাফলং চহৰ পৰিভ্ৰমণ কৰাৰ পাচত হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ সমীপত সামৰণি পৰে ।
এই সমদলত ডিমা হাছাও আৰক্ষী, এনচিচি, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আইনী সহায়তা প্ৰাধিকাৰীৰ সচিব তথা দণ্ডাধীশ গৌতম দৈমাৰীয়ে কয় যে ডিমা হাছাও জিলাত ক্ৰমাৎ ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি পাইছে । ২০২২ চনত ডিমা হাছাও জিলাত ড্ৰাগছৰ ২৩ টা গোচৰ ৰুজু হৈছিল আৰু ২০২৩ চনত ড্ৰাগছৰ গোচৰ বৃদ্ধি হৈ ৪৩ হৈছে । প্ৰায় ১০০ শতাংশ ড্ৰাগছৰ গোচৰ বৃদ্ধি হৈছে এটা বছৰত আৰু এয়া এক উদ্বেগজনক বিষয় বুলি অভিহিত কৰে দণ্ডাধীশগৰাকীয়ে ।
তেওঁ লগতে কয় যে বৃদ্ধি হোৱা গোচৰৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনা অত্যন্ত জৰুৰী হৈ পৰিছে । ড্ৰাগছৰ গোচৰসমূহত অধিকাংশ যুৱক ড্ৰাগছ আসক্ত হৈ পৰা দেখা গৈছে । তেওঁ জানোৱা অনুসৰি হাফলং কাৰাগাৰত বৰ্তমানলৈ ড্ৰাগছৰ গোচৰত কাৰাবন্দী হৈ আছে ১৯ বছৰৰ পৰা ২৯ বছৰৰ যুৱকসকল আৰু সেইসকলৰ ভিতৰত বেছিভাগেই ছাত্ৰ । কাৰাবন্দীসকল ড্ৰাগছ সৰবৰাহত জড়িত নহয় তেওঁলোক ড্ৰাগছত আসক্ত ।