গুৱাহাটী :ৰাজ্যখনৰ সমান্তৰালকৈ ৰাজধানী মহানগৰী গুৱাহাটীতো শীতৰ প্ৰকোপ কিছু বৃদ্ধি পাইছে । ক্ৰমাৎ শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত স্বাভাৱিক জনজীৱনত সামান্য প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । যোৱা ৯ ডিচেম্বৰৰ পৰা ৰাজ্যখনৰ লগতে মহানগৰীত হঠাতে বতৰৰ পৰিৱৰ্তন হৈছে ।
গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, বুধবাৰৰ পৰা ৰাজ্যখনৰ সমান্তৰালকৈ ৰাজধানী মহানগৰী গুৱাহাটীত শীতৰ প্ৰকোপ পূৰ্বতকৈ কিছু বৃদ্ধি পাইছে । আনকি চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশৰ লগতে অসমৰ কোনো কোনো ঠাইত পাতলীয়া বৰষুণ হোৱা দেখা গৈছে । অসমৰ ধেমাজি, লখিমপুৰ, যোৰহাট, বিশ্বনাথ জিলাত ঠাই বিশেষে পাতলীয়া বৰষুণ হৈছে ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জয় ওনিল শ্ব'ৱে কয়, ‘‘বর্তমান বেছিভাগ ঠাইতে তাপমাত্ৰা স্বাভাৱিক হৈ আছে যদিও আগন্তুক তিনি-চাৰিদিনত তাপমাত্ৰা স্বাভাৱিকতকৈ এক বা দুই ডিগ্ৰী চেলছিয়াছ কমি যোৱাৰ সম্ভাৱনা আছে । আনহাতে, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মেঘালয়ৰ লগতে অসমৰ ডিমা হাছাও, বৰাক উপত্যকা আৰু ধুবুৰীকে ধৰি পশ্চিম অসম, বি টি চি আৰু অৰুণাচল প্ৰদেশৰ সীমাৱর্তী অঞ্চলসমূহত শীতৰ প্ৰকোপ কিছু বৃদ্ধি পাব ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আগন্তুক তিনি-চাৰিদিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত অতি পাতলীয়া ধৰণৰ বৰষুণ হোৱাৰ লগতে দিনৰ ভাগত তাপমাত্ৰা যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ৰাজ্যৰ বিভিন্ন ঠাইত মাজনিশাৰ পৰা পুৱতি নিশালৈকে কোনো কোনো স্থানত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে ।