অসম

assam

ETV Bharat / state

ভাৰত-ভূটান সীমান্তৰ ইমিগ্ৰেচন তালাচী চকী উদ্বোধন - INDIA BHUTAN RELATIONS

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূমি বন্দৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকী উদ্বোধন । উদ্বোধন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ভূটানৰ প্ৰধানমন্ত্ৰী দাশো শ্বেৰিং টোবগে ।

India-Bhutan border immigration check post inaugurated
ভাৰত-ভূটান সীমান্তৰ ইমিগ্ৰেচন তালাচী চকী উদ্বোধন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 10:24 PM IST

বাক্সা: ভাৰত আৰু ভূটান অতীজৰে পৰাই মৈত্ৰী বন্ধনত আৱদ্ধ হৈ আহিছে । এই মৈত্ৰী বন্ধনক আৰু অধিক নিখুঁত আৰু সুদৃঢ় কৰাৰ লক্ষ্য আগত ৰাখি বৃহস্পতিবাৰে অসমৰ ভূমি বন্দৰ হিচাবে পৰিচিত দৰঙাত ইমিগ্ৰেচন তালাচী চকী ইমিগ্ৰেচন চেক পোষ্ট (আইচিপি) উদ্বোধন কৰা হয় । ভূটান সীমান্তৰ পৰা মাত্ৰ ৭০০ মিটাৰ দূৰৈত অৱস্থিত এই ভূমি বন্দৰটো আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে ।

উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দাশো শ্বেৰিং টোবগে উপস্থিত থাকে । ১৪.৫ একৰ ভূমি আৱৰি থকা এই আইচিপি দৰঙাত সীমান্ত পাৰ হৈ কৰা ভ্ৰমণ আৰু বাণিজ্য সুশৃংখলিত কৰাৰ অৰ্থে অত্যাধুনিক ব্যৱস্থা থাকিব । তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ ভূমি বন্দৰ দৰঙাত এক কাৰ্যসূচীৰ জৰিয়তে আন্তঃপ্ৰব্ৰজন তালাচী চকীক আৰু অধিক মজবুত কৰাৰ বাবে দুয়োখন দেশৰ তৰফৰ পৰা এক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ভাৰত-ভূটান সীমান্তৰ ইমিগ্ৰেচন তালাচী চকী উদ্বোধন (ETV Bharat Assam)

সেয়ে তামুলপুৰ জিলা প্ৰশাসন আৰু ভূটানৰ ছামদ্ৰুপ জোংখাৰ জিলাৰ তত্বাৱধানত তামুলপুৰ জিলাখনৰ দৰঙাত এই আন্তঃপ্ৰব্ৰজন তালাচী চকী উদ্বোধন কৰা হয় । সেয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দাশো শ্বেৰিং টোবগে তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূমি বন্দৰ দৰঙাত আন্তঃপ্ৰব্ৰজন তালাচী চকীটো উদ্বোধন কৰে ।

এই আন্তঃপ্ৰব্ৰজন তালাচী চকী উদ্বোধন উপলক্ষে ভাৰত-ভূটান সীমান্তৰ ভূমি বন্দৰ দৰঙাত আয়োজন কৰা হয় এক উদ্বোধনী অনুষ্ঠানৰ । এই উদ্বোধনী অনুষ্ঠানত দুয়োখন দেশৰে কেইবাগৰাকী উচ্চ-পদস্থ বিষয়াই অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে ।

লগতে পঢ়ক:ভাৰত-ভূটানৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে অসমৰ দৰঙাত নতুন চেক পোষ্ট মুকলি

ABOUT THE AUTHOR

...view details