শিৱসাগৰ :অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহক আজি প্ৰদান কৰা হয় এই বৰ্ষৰ 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা'। ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে প্ৰৱৰ্তন কৰা এই বঁটা দেওবাৰে প্ৰদান কৰে ।
- মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী ছহিদক স্মৰণ
দৰং জিলাৰ পৰা অহা এটা প্ৰতিনিধিৰ দলে কথাশিল্পীগৰাকীৰ শিৱসাগৰস্থিত বাসগৃহত এই বঁটা প্ৰদান কৰে । এই বঁটাত আছে এখন অংগবস্ত্ৰ, এটা জাপি, এটা স্মাৰক, এখন অভিনন্দন পত্ৰ, এখন শৰাই আৰু নগদ ধন । উল্লেখ্য যে অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম ছহিদ মোজাম্মিল হকৰ স্মৃতি ৰক্ষাৰ্থে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত ২০০৮ চনৰ পৰা ৬ অক্টোবৰৰ দিনা পালন কৰি অহা হৈছে কেন্দ্ৰীয় মাতৃভাষা দিৱস ।
- মোজাম্মিল হক অসমৰ ইতিহাস আৰু ঐতিহ্য়ৰ প্ৰতীক: ইমৰান শ্বাহ