অসম

assam

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 9:46 PM IST

ETV Bharat / state

মাৰ্ঘেৰিটাত অবৈধ কয়লাৰ সৰবৰাহ অব্যাহত, আৱদ্ধ কয়লাভৰ্তি ট্ৰাক

Coal Smuggling in Margherita : মাৰ্ঘেৰিটাত অবৈধ কয়লাৰ সৰবৰাহ অব্যাহত ৷ কয়লা মাফিয়া আৰু স্থানীয় সংগঠনৰ ধনৰ অংক নিমিলাত আৱদ্ধ কয়লাভৰ্তি ট্ৰাক ৷ আৰক্ষী-জিলা প্ৰশাসন-বনবিভাগৰ সন্মুখেৰেই সৰবৰাহ শ শ কয়লাভৰ্ত্তি ট্ৰাক ৷

Coal Smuggling in Margherita
ৰাজপথত আৱদ্ধ কয়লাভৰ্তি ট্ৰাক

অবৈধ কয়লাৰ সৰবৰাহ অব্যাহত

তিনিচুকীয়া, 21 ফেব্ৰুৱাৰী :ৰাজপথত আৱদ্ধ হৈ পৰিল শ শ কয়লাভৰ্তি ট্ৰাক ৷ কয়লা মাফিয়া আৰু স্থানীয় সংগঠনৰ ধনৰ অংক নিমিলাত কয়লাভৰ্তি ট্ৰাক এইদৰে আৱদ্ধ হৈ পৰিছে৷ 30খনতকৈও অধিক ট্ৰাক এইদৰে আৱদ্ধ পৰাত হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হয় সাধাৰণ পথচাৰী ৷ এই দৃশ্য তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৷

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন অথবা সৰবৰাহ কোনো নতুন বিষয় নহয় ৷ দীৰ্ঘদিন ধৰি আৰক্ষী, জিলা প্ৰশাসন, বন বিভাগৰ চকুৰ সন্মুখেৰেই দৈনিক নিশা হ’লেই পাৰ হয় শ শ কয়লাভৰ্তি ট্ৰাক ৷ অভিযোগ অনুসৰি মাৰ্ঘেৰিটাৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ পাহাৰ সমূহত আৰক্ষী, জিলা প্ৰশাসন আৰু বন বিভাগৰ মিতিৰালিত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ কয়লা খনন ৷

উল্লেখ্য যে, কয়লা ৰাণী খ্যাত মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত চলি থকা অবৈধ কয়লা খনন কোনো নতুন কথা নহয় ৷ মাৰ্ঘেৰিটাৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ পাহাৰ সমূহত আৰক্ষী, জিলা প্ৰশাসন আৰু বন বিভাগৰ মিতিৰালিত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ কয়লা খনন ৷ তদুপৰি মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলৰ পৰা নিতৌ সৰবৰাহ হয় শ শ কয়লাভৰ্তি ট্ৰাক ৷ ইয়াৰ মাজতে মঙলবাৰে নিশা দেখিবলৈ পোৱা গ’ল এক বিপৰীত ছবি ৷

কয়লা মাফিয়া আৰু স্থানীয় সংগঠনৰ মাজত চোৰাং কয়লাৰ এণ্ট্ৰী টকাক লৈ কিছু সংঘাতৰ সৃষ্টি হোৱাত মঙলবাৰে নিশাৰ ভাগৰ পৰাই টিপং আৰু পাহাৰপুৰ পথত আৱদ্ধ হৈ আছে অত্যাধিক বোজা কঢ়িওৱা অবৈধ কয়লাভৰ্তি ট্ৰাক ৷ যাৰ বাবে স্থানীয় ৰাইজে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হ’ব লগা হয় ৷ গতিকে এই দৃশ্যই সচেতন মহলক এতিয়া চিন্তিত কৰি তুলিছে শূন্য দুৰ্নীতিৰ কথা কোৱা চৰকাৰৰ দিনত এয়া আচলতে চলিছে কি ?

লগতে পঢ়ক :মৰিয়নীত সুৰামত্ত প্ৰধান শিক্ষকৰ বাবেই অনুষ্ঠিত নহ'ল বছৰেকীয়া পৰীক্ষা

ABOUT THE AUTHOR

...view details