মৰাণ:অসমক ড্ৰাগছমুক্ত কৰিবলৈ উঠিপৰি লাগিছে আৰক্ষী । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত দিনে-নিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জিলাই জিলাই ড্ৰাগছ দহন কাৰ্যসূচী কৰি একপ্ৰকাৰে অসমক ড্ৰাগছমুক্ত কৰা বুলি জাহিৰ কৰি আহিছে ।
কিন্তু চৰাইদেউৰ নামতোলাত সংঘটিত অপহৰণৰ ঘটনাই অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান কিমান সফল তাক লৈ প্ৰশ্ন উখাপন কৰিছে ।
অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ফোপোলা স্বৰূপ উদঙাই দিলে নগা দুৰ্বৃত্তই । নামতোলাত অসমৰ ড্ৰাগছ সৰবৰাহকাৰীক অপহৰণ কৰি উদঙাই দিলে অসমত চলি থকা ড্ৰাগছৰ গোপন বজাৰ । উল্লেখ্য় যে চৰাইদেউৰ অসম-নাগালেণ্ডৰ সীমান্তত অসম আৰক্ষীক অস্তিত্বহীন কৰি সোমবাৰে সন্ধিয়া নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰে অসমৰ ব্যৱসায়ীক ।
মুছলেক আলী নামৰ লোকজনক নিজা ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়ত অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰিছিল । ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি যায় দুৰ্বৃত্তৰ দলটোৱে । চি চি টিভিত বন্দী হৈছে অপহৰণৰ সমগ্ৰ দৃশ্য । ইয়াৰ মাজতেই সকলোকে আচৰিত কৰি ৰাজহুৱা হ'ল অপহৃত ব্যৱসায়ী মুছলেক আলীৰ বিস্ফোৰক ভিডিঅ' বাৰ্তা । অপহৰণকাৰীৰ কৱলত থকা গোপন স্থানৰ পৰা প্ৰেৰণ কৰা হৈছে ভিডিঅ'টো । ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ বাবে নগাৰ ৰোষত পৰিছে মুছলেক আলী, সেই কথা নিশ্চিত হৈছে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ।
নামতোলাত উপস্থিত জিৎমল দলে: