হোজাই, 12 জুন : স্বামী-স্ত্ৰীৰ সম্পৰ্ক সকলোতকৈ প্ৰিয় সম্পৰ্ক বুলি কোৱা হয় ৷ কিন্তু যেতিয়া স্বামী-স্ত্ৰী সম্পৰ্কই দুখন দেশ ভেদিবলগীয়া হয়তেতিয়া ই কিমান কঠিন হ’ব পাৰে ? এইবাৰ হোজাই জিলাৰ মোৰাঝাৰত সংঘটিত হৈছে এনে এক ঘটনা ৷ বাংলাদেশী পত্নীৰ নামত ভাৰতীয় নথি-পত্ৰ বনোৱাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় মোৰাঝাৰৰ শিৱপুৰ গাঁৱৰ আব্দুল বাতেন চৌধুৰী নামৰ এগৰাকী যুৱক ৷
ঘটনাৰ বিৱৰণী অনুসৰি, আব্দুল বাতেনৰ পত্নীৰ ঘৰ বাংলাদেশত ৷ ফলত তেওঁ পত্নীক ভাৰতীয় কৰিবলৈ লগালে বুদ্ধি ৷ তেওঁ পত্নীৰ প্ৰকৃত নামৰ সলনি হাজিৰা বেগম ছদ্মনামেৰে ভোটাৰ তালিকাত ভৰতীয় হিচাপে নাম অন্তৰ্ভুক্ত কৰাৰ লগতে আধাৰ কাৰ্ড, পেনকাৰ্ড, বেংক একাউন্টো বনাই দিলে স্বামীয়ে ৷
তাৰ পিচতে চলিত বৰ্ষৰ জানুৱাৰী মাহত আব্দুল বাতেনৰ পৰিয়ালে বাংলাদেশী মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপিত হৈছিল আৰু পাচত মুমূৰ্ষ অৱস্থাত মোৰাঝাৰ আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাইছিল ৷