অসম

assam

ETV Bharat / state

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পাহিৰ উচ্চ শিক্ষাক লৈ চিন্তিত পিতৃ-মাতৃ - Assam HS Result 2024 - ASSAM HS RESULT 2024

HS Result 2024: দৰিদ্ৰতা নেওচি খোৱাঙৰ পাহি ডেকা বৰুৱাই বিজ্ঞান শাখাত ৫ টাকৈ বিষয়ত লেটাৰ নম্বৰ লাভ কৰি লাভ কৰিলে সফলতা । গান গাই, কবিতা লিখি ভালপোৱা পাহিৰ সপোন এগৰাকী সু-চিকিৎসক হোৱাৰ । ইফালে পাহিৰ সপোন বাস্তৱ ৰূপ দিয়াক লৈ চিন্তিত পিতৃ-মাতৃ ।

Pahi Deka Baruah overcomes poverty and gets good results in HS examination
সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পাহিৰ উচ্চ শিক্ষাক লৈ চিন্তিত পিতৃ-মাতৃ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 10, 2024, 12:52 PM IST

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পাহিৰ উচ্চ শিক্ষাক লৈ চিন্তিত পিতৃ-মাতৃ (ETV Bharat Assam)

মৰাণ, ১০ মে' :মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতাই কেতিয়াও হেঙাৰ সৃষ্টি কৰিব নোৱাৰে । তাকেই যেন প্ৰমাণ কৰি দেখুৱালে মৰাণৰ সমীপৰ খোৱাং নাহৰণি গাঁৱৰ পাহি ডেকা বৰুৱাই । সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ ৮৭.৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰীগৰাকীয়ে ।

পিতৃ কুমুদ ডেকা বৰুৱা আৰু মাতৃ পূণ্যলতা ডেকা বৰুৱাৰ কন্যা পাহিয়ে ডিব্ৰুগড়ৰ আৰ কে মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল । খোৱাং নাহৰণি গাঁৱৰ ছাত্ৰীগৰাকীয়ে অনেক কষ্টৰে পঢ়া-শুনা কৰি এই ফলাফল লাভ কৰিবলৈ সক্ষম হয় । ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁ নিয়মিতভাৱে অধ্যয়ন কৰি গৈছিল ।

ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন কৃতি ছাত্ৰী পাহি ডেকা বৰুৱাৰ । কবিতা লিখি আৰু গান গাই ভালপোৱা ছাত্ৰীগৰাকীক এতিয়া বিভিন্নজনে তেওঁৰ গৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে । ছাত্ৰীগৰাকীৰ দেউতাক এজন সাধাৰণ খেতিয়ক । দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলাই নিছে পিতৃ কুমুদ ডেকা বৰুৱাই ।

মাতৃয়ে ব্ৰয়লাৰ আৰু অন্যান্য় পোহনীয়া জীৱজন্তু পোহপাল দি সন্তানৰ পঢ়াৰ খৰচ বহন কৰিছিল বুলি জানিবলৈ দিয়ে । নিজ কন্যাৰ সাফল্যত পিতৃ-মাতৃ আনন্দিত হৈছে যদিও আন এক দিশত তেওঁলোক চিন্তিত হৈ পৰা বুলি উল্লেখ কৰে । আনহাতে, গানেই শুনিব নে কবিতাই শুনিব ছাত্ৰীগৰাকীৰ মুখত ।

সাহিত্য চৰ্চাৰ ক্ষেত্ৰতো আগবঢ়া ছাত্ৰীগৰাকীয়ে চিকিৎসক হোৱাৰ সপোন দেখা পাচত এতিয়া কন্যাক পঢ়ুৱাবৰ বাবে সামৰ্থ নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰীগৰাকীক পঢ়ুৱাবৰ বাবে কোনো সুহৃদয়বান লোকৰ সহায় বিচাৰিছে পৰিয়ালটোৱে ।

লগতে পঢ়ক:দৰিদ্ৰতা নেওচি বৈষ্ণৱী হেমৰম জিলিকিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত - Assam HS Result 2024

দৰিদ্ৰতা নেওচি জিলিকিল বিহালীৰ টেলেঙনীয়া গাঁৱৰ লক্ষ্যমণি - Assam HS Result 2024

লাভ নকৰিলে আশানুৰূপ ফলাফল; ছাত্ৰীয়ে ল’লে চৰম পন্থা - Assam HS Result 2024

ABOUT THE AUTHOR

...view details