গুৱাহাটী,২৭ জুন:গৰমৰ দিনত বিশেষভাৱে প্ৰয়োজন হোৱা এবিধ আহিলা হৈছে ইনভাৰ্টাৰ । অৱশ্যে অসমত বাৰ মাহেই ইনভাৰ্টাৰৰ প্ৰয়োজন হয় । কাৰণ অসমত লোডশ্বেডিঙৰ প্ৰকোপ যথেষ্ট বেছি । গৰমৰ কেইদিনত বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লোডশ্বেডিঙৰ হাৰো বৃদ্ধি পায় । তেনেস্থলত ইনভাৰ্টাৰৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি । যাৰ বাবে প্ৰায় ঘৰতেই আছে ইনভাৰ্টাৰ । কিন্তু বহু লোকে ইনভাৰ্টাৰৰ বিষয়ে জানিব লগা কিছুমান কথা নজনাৰ বাবেই বহুসময়ত সমস্যাৰ সন্মুখীন হয় ।
আন ইলেক্ট্ৰনিক আহিলাৰ দৰে ইনভাৰ্টাৰতো যত্নৰ প্ৰয়োজন হয় । যদি ইয়াৰ সঠিক যত্ন লোৱা নহয় তেন্তে ইয়াৰ আয়ুস কমি যায় । এই প্ৰতিবেদনত ইনভাৰ্টাৰৰ ক্ষেত্রত ল'বলগীয়া কেতবোৰ প্ৰয়োজনীয় দিশৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে । ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইনভাৰ্টাৰৰ ব্যৱহাৰ আৰু ল'বলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰে ইটভাৰ্টাৰ আৰু বেটাৰীৰ ব্যৱসায়ৰ লগত জড়িত তাপস দাসে ।
কি দৰে যতন ল'ব ইনাভাৰ্টাৰৰ ?
ইনভাৰ্টাৰ এটা লগোৱাৰ পাচত প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে বেটাৰীত পানী আছে নে নাই চাব লাগে । পানী কমিলে ভৰাব লাগে । ইয়াৰ বাবে প্ৰয়োজন হোৱা আহিলা যিকোনো বেটাৰীৰ দোকানতে পোৱা যায় । তদুপৰি নিজৰ সুবিধা অনুসৰিও পানী ভৰাব পাৰি । আনহাতে বেটাৰীৰ টাৰ্মিনেল চাফা কৰি থাকিব লাগে ।
বেটাৰীত কেতিয়া পানী ভৰাব লাগে ?
ইনভাৰ্টাৰ এটা সঠিকভাৱে চলিবলৈ সংলগ্ন বেটাৰীত পানীৰ প্ৰয়োজন হয় । যাৰ বাবে নিয়মীয়াকৈ বেটাৰী পৰীক্ষা কৰি থাকিব লাগে । বছৰত দুই-তিনিবাৰ বেটাৰীত পানীৰ প্ৰয়োজন হয় । কিন্তু তথাপিও তিনি মাহৰ মূৰে মূৰে পৰীক্ষা কৰাটো ভাল । পানী কমিলে লগে লগে ভৰাব লাগে ।
পানী কমাটো কেনেকৈ গম পাব ?
সাধাৰণতে বেটাৰীত বছৰত তিনিবাৰ পানী ভৰোৱাৰ প্ৰয়োজন হয় । পানীৰ স্তৰ চোৱাৰ বাবে বেটাৰীৰ ওপৰৰ সূচক থাকে । সেই ৰঙা আৰু সেউজীয়া নাইবা নীলা ৰঙৰ সূচকৰ জড়িয়তে সহজতে পানীৰ স্তৰ পৰীক্ষা কৰিব পাৰি । ৰঙা আৰু সেউজীয়া ৰঙৰ সূচকৰ মাজত পানীৰ স্তৰ থাকিব লাগে । ৰঙা ৰঙৰ তলত পানীৰ স্তৰ গ'লে লগে লগে পানী সেউজীয়া ৰঙা সূচকলৈকে ভৰাব লাগে । পানী সদায় ৰঙা আৰু সেউজীয়াৰ মাজত থাকিব লাগে ।
বেটাৰীত কি পানী ভৰাব লাগে ?
বহু লোকে অজ্ঞতাৰ বাবে বেটাৰীত যিকোনো পানী ভৰাই দিয়ে । নিয়ম মতে বেটাৰীৰ বাবে কেৱল ডিষ্টিলড পানী ব্যৱহাৰ কৰাটো বাঞ্ছনীয় । সাধাৰণ পানী ব্যৱহাৰ কৰিলে বেটাৰীৰ ক্ষতি হ’ব পাৰে নাইবা আয়ুস কমিব পাৰে । পানী ভৰোৱাৰ সময়ত সূচক অনুসৰি ভৰাব লাগে । বেছিকৈ পানী ভৰালে ওপৰলৈ ওলাই আহি তলত পৰা সম্ভাৱনা থাকে । সাধাৰণতে বেটাৰীৰ ভিতৰৰ পৰা পানী খালী হাতেৰে স্পৰ্শ নকৰাটো ভাল ।