অসম

assam

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 1:30 PM IST

ETV Bharat / state

কলিয়াবৰ আৰু ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা - Road Accident

Accident News : কলিয়াবৰ আৰু ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথচাৰীক । আহত তিনিজন । ইফালে ৰঙাপৰাত নিয়ন্ত্ৰণ হেৰুৱাই বাগিচাত বাগৰি পৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ।

Horrific road accidents in Kaliabor and Rangapara, three injured
কলিয়াবৰ আৰু ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা (ETV Bharat Assam)

কলিয়াবৰ/ৰঙাপৰা, 20 জুলাই: শুকুৰবাৰে নিশা ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত আহত হয় কেইবাজনো লোক । কলিয়াবৰ আৰু ৰঙাপৰাতো সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । কলিয়াবৰত সংঘটিত পথ দুৰ্ঘটনাত আহত তিনিজন লোক । ইফালে ৰঙাপৰাত সংঘটিত পথ দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই যদিও নিয়ন্ত্ৰণ হেৰুৱাই বাগিচাৰ মাজত সোমালগৈ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ।

কলিয়াবৰ আৰু ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা (ETV Bharat Assam)

কলিয়াবৰ :

কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা । উলুৱনী চাৰিআলিত তেজপুৰৰ দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে পথৰ কাষত ৰৈ থকা এজন লোকক খুন্দিয়াই । তাৰ পাচত ৰৈ থকা আন এখন ট্ৰাকত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় ট্ৰাকখন । দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ চালক-হেণ্ডিমেন গুৰুতৰভাৱে আহত হয় ।

আহত আনজন লোক আন এখন ট্ৰাকৰ হেণ্ডিমেন বুলি জানিব পৰা গৈছে । তেজপুৰ দিশৰ পৰা অহা NL-01K-9336 নম্বৰৰ ট্ৰাকখনে ৰখাই থোৱা AS-05-AC-5018 নম্বৰৰ ট্ৰাকখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । ফলত ট্ৰাকখনত থকা চালক হেণ্ডিমেন গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন এখন ট্ৰাকৰ হেণ্ডিমেন এজনো গুৰুতৰভাৱে আহত হয় । আহতসকলৰ দুজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি 108 সেৱাৰে কলিয়াবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ৰঙাপৰা:

ইফালে শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক । ৰঙাপৰা-মিছামাৰী সংযোগী পথছোৱাৰে তীব্ৰ গতিত গৈ থকা AS-09 AC-5719 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বৰজুলি চাহ বাগিচাৰ মাজত বাগৰি পৰে । দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাচতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনে ভয়তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ইফালে ঘটনাৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া তিলক চন্দ্ৰ তেৰাং উপস্থিত হয় । গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ট্ৰাকখনত যাতে অগ্নিকাণ্ড সংঘটিত নহয় তাৰ বাবে ৰঙাপৰাৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বৰজুলিত উপস্থিত হয় । ইপিনে শনিবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় ট্ৰাকখনৰ চালক চনম বিশ্বকৰ্মা ।

ভালুকপুঙৰ পৰা গুৱাহাটী অভিমুখে খালী গেছৰ চিলিণ্ডাৰসমূহ লৈ গৈ আছিল বুলি জনাই চালকজনে । ঠিক তেনে সময়তে এখন সৰু গাড়ী সন্মুখৰ দিশৰ আহি থকাত উক্ত বাহনখন ৰক্ষা কৰিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন চাহ বাগিচাখনৰ মাজত বাগৰি পৰে । ট্ৰাকখনত 320 টা খালী গেছৰ চিলিণ্ডাৰ থকাৰ কথা সদৰী কৰে চালকজনে ।

লগতে পঢ়ক:ৰোগী থ’বলৈ আহি মাজুলীৰ পুৰণিবাৰীত দুৰ্ঘটনাত পতিত হ’ল এম্বুলেন্স - Accident In Majuli

শিলচৰত সুৰামত্ত চালকে মহতিয়াই নিলে ১০ জনৰো অধিক লোকক - Hit and run incident in Silchar

ABOUT THE AUTHOR

...view details