যোৰহাট:আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন । বৰদিন উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্ত মুখৰিত হৈ পৰে যীশুৰ বন্দনাৰে । একেই পৰিৱেশ দেখা যায় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰসমূহত । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাটতো খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলৰ মাজত পৰিলক্ষিত হয় উখল-মাখল পৰিৱেশ ।
যোৰহাট জিলাৰ বৰভেটাত থকা ১০০ বছৰীয়া পুৰণি গীৰ্জা ঘৰটিতো বুধবাৰে পুৱাৰে পৰা শুনিবলৈ পোৱা যায় কেৱল কেৰলৰ ধ্বনি । খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক যীশুৰ জন্মদিনৰ দিনা যুৱসমাজেও গীৰ্জালৈ ওলাই আহি গীত-মাতেৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । ইয়াৰোপৰি ব্যপ্তিষ্ট মণ্ডলীৰ বিষয়ববীয়াসকলে এই দিনটো তথা যীশুৰ মাহাত্মৰ কথা উল্লেখ কৰে ।
১০০ বছৰীয়া পুৰণি গীৰ্জাত উদযাপন পবিত্ৰ বৰদিন (ETV Bharat Assam) যীশুখ্ৰীষ্ট পৃথিৱীলৈ অহাৰ মূল উদ্দেশ্য কি আছিল ?
যীশুৰ জন্মদিনত তেওঁক সুঁৱৰি ব্যপ্তিষ্ট মণ্ডলীৰ এগৰাকী বিষয়ববীয়াই কয়, "বাইবেলৰ এটা অংশত লিখা আছে যে ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে, ফলত তেওঁ একমাত্ৰ পুত্ৰক জগতলৈ দান কৰিলে । যাতে তেওঁৰ দ্বাৰা মানৱ জাতিয়ে পাপৰ বান্ধোনৰ পৰা মুক্তি পায় । এয়াই হৈছে যীশুখ্ৰীষ্টৰ জন্ম তাৎপৰ্য । যীশু আহিছিল মানৱজাতিক উদ্ধাৰ বাবে । সেয়েহে বৰদিনৰ দিনটোত সকলোৱে আনন্দ-উল্লাস কৰে আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে ।"
উল্লেখ্য যে যীশুখ্ৰীষ্টৰ জন্মদিনটো পৱিত্ৰ বৰদিন হিচাপে উদযাপন কৰা হয় । কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেই নহয় বৰং পৃথিৱীৰ সকলো লোকৰ বাবে এতিয়া বৰদিন যেন এক ঐক্য-সম্প্ৰীতিৰ উৎসৱ ! ৰং-বিৰঙৰ আলোকসজ্জাৰে সজাই পৰাই তোলা গীৰ্জাঘৰ, ৰাজহুৱা স্থানসমূহে বিলাই এক শান্তিৰ পৰিৱেশ । যীশুৰ প্ৰাৰ্থনা, কেৰল গোৱা ইত্যাদি বিভিন্ন পৰম্পৰাগত ৰীতি-নীতিৰে খ্ৰীষ্টধৰ্মী লোকসকলে বৰদিন পালন কৰিছে । যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই বৰদিনত চৌদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশাল আয়োজন কৰা হৈছে ।