জোনাই, ২৩ জুলাই:ধেমাজি জিলাৰ জোনাইত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচ আই ভি আৰু হেপাটাইটিছ 'চি'ত আক্ৰান্তৰ সংখ্য়া । জিলাখনৰ জোনাইৰ ছটা নিচামুক্তি কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰি থকা প্ৰায় ৯৫ শতাংশ লোকই এইচ আই ভি আৰু হেপাটাইটিছ 'চি'ত আক্ৰান্ত বুলি সদৰী কৰিছে জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ চন্দ্ৰকান্ত মিলিয়ে । এই ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পিচতে জোনাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ চন্দ্ৰকান্ত মিলিয়ে মঙলবাৰে এখন সংবাদমেলত এই তথ্য প্ৰকাশ কৰি কয় যে জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত দিনক দিনে মাৰাত্মক ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে এইচ আই ভি আৰু হেপাটাইটিছ 'চি'ত আক্ৰান্তৰ সংখ্য়া বাঢ়িছে । বিশেষকৈ জোনাইৰ নিচামুক্তি কেন্দ্ৰসমূহত থকা ৰোগীসকলৰ শৰীৰত ইয়াৰ উপস্থিতি ধৰা পৰিছে বুলি তেওঁ সদৰী কৰে । তেওঁৰ এই সংবাদমেলৰ পিচতে এটা সাংবাদিকৰ দলে জোনাই সদৰত থকা ছটা নিচামুক্তি কেন্দ্ৰত চৰজমিন তদন্ত চলাই এই ভয়ংকৰ তথ্য পোহৰলৈ আনে ।
জোনাইৰ মহমৰাস্থিত 'দ্য় হিলিং হোম ট্ৰাষ্ট' নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৩০ জন নিচাসক্তৰ ভিতৰত দুজন এইচ আই ভিত আক্ৰান্ত হোৱাৰ সন্দেহ কৰাৰ লগতে ২৬ জনৰ হেপাটাইটিছ 'চি' ধৰা পৰিছে । আনহাতে, জোনাই উদয়পুৰস্থিত 'হিলিং ৰিক'ভাৰী ফাউণ্ডেচন' নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ১৫ গৰাকী নিচাসক্তৰ ভিতৰত কেন্দ্ৰটোৰ এজন কৰ্মচাৰীৰ এইচ আই ভি আৰু এজনৰ হেপাটাইটিছ 'চি' ধৰা পৰিছে । তদুপৰি অসম-অৰুণাচল সীমান্ত 'লেকুস্থিত ইণ্ডিপেণ্ডেন্ট ৰিহেবিলিটেচন' নামৰ নিচামুক্তি কেন্দ্ৰত মুঠ ২২ জন নিচাসক্তৰ ভিতৰত ছজন এইচ আই ভি পজিটিভ আৰু ১৬ জনৰ হেপাটাইটিছ 'চি' পোৱা বুলি উল্লেখ কৰিছে কেন্দ্ৰটোৰ বিষয়াই ।