নগাঁও : চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত পুত্ৰ তানজিল হুছেইনৰ শোচনীয় পৰাজয়ৰ পাছত প্ৰথমবাৰৰ বাবে দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হ'ল প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন । অৱশ্যে এইবাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা চামগুৰি সমষ্টিৰ বিপৰীতে ৰকিবুল হুছেইন উপস্থিত হ'ল ৰূপহীহাটত ।
পূৰ্বৰ ৰূপহীহাট সমষ্টি আৰু বৰ্তমানৰ নতুন চামগুৰি সমষ্টিৰ দলীয় কৰ্মীৰ সৈতে ৰূপহীহাট ৰাজীৱ ভৱনত বৈঠকত মিলিত হয় ৰকিবুল হুছেইন । দলীয় নেতা-কৰ্মীৰ সৈতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ চামগুৰি সমষ্টিৰ নতুন সীমা সন্দৰ্ভত আলোচনা কৰে ৰকিবুল হুছেইনে ।
সংখ্যালঘু ভোটাৰৰ সংখ্যাগৰিষ্ঠতা থকা পূৰ্বৰ চামগুৰি সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ অভিলেখ বিজয়ৰ পাছতেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ চামগুৰি সমষ্টিৰ লগতে ৰূপহীহাট, লাহৰীঘাটকে ধৰি ৰাজ্যৰ কেইবাটাও সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টিত পৰৱৰ্তী ২০২৬ ৰ বিধানসভা নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰি সমষ্টিকেইটা দখল কৰাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই যেন চামগুৰি সমষ্টিত তৎপৰতা আৰম্ভ কৰিয়েই দিছে কংগ্ৰেছৰ সাংসদ তথা চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী তানজিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইনে ।
মিঞাৰ পাল্লাত পৰা হিমন্ত বিশ্বৰ এইবাৰ পতন নিশ্চিত:ৰকিবুল হুছেইন (ETV Bharat) - উপ-নিৰ্বাচনত নতুন চামগুৰিত জয়ী হৈছে কংগ্ৰেছ !
উপ-নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতো মুখত অকৃত্ৰিম হাঁহি থকাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি নতুন চামগুৰি সমষ্টিৰ হিচাপ অনুসৰি ৮ হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ জয়ী হোৱা বুলি দাবী কৰে ৰকিবুল হুছেইনে । আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব সেয়া দলেহে চূড়ান্ত কৰিব বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুনৰ ৰাজনৈতিক আক্ৰমণৰ লক্ষ্য কৰি লয় একালৰ সতীৰ্থ ৰকিবুল হুছেইনে ।
- ২০২৬ত মিঞাই প্ৰত্যাহ্বান জনাব হিমন্ত বিশ্ব শৰ্মাক
ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ঋণৰ বোজাত পোত যোৱা বুলিও কটাক্ষ কৰি এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন নিশ্চিত বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এইবাৰ মিঞাৰ পাল্লাত পৰা বুলিও কটাক্ষ কৰি এইবাৰ মিঞাই হিমন্ত বিশ্ব শৰ্মাক ধুঁৱলি-কুঁৱলি দেখুৱাব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ।