অসম

assam

ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়লৈ ৩০০ কোটিৰ প্ৰকল্প ঘোষণা মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - ASSAM MEDICAL COLLEGE HOSPITAL

অসম চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজৰ খতিয়ান লৈ আবাসিক ক'লনি নিৰ্মাণৰ ঘোষণা মুখ্য়মন্ত্ৰীৰ ।

CM in Assam Medical College Hospital
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 4:25 PM IST

মৰাণ: উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য ক্ষেত্ৰৰ অন্য়তম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছে । ১৯৪৭ চনৰ ৩ নবেম্বৰত প্ৰতিষ্ঠা হোৱা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৭৭ টা গৌৰৱময় বছৰ সম্পূৰ্ণ কৰিলে । ৭৮ বছৰীয়া চিকিৎসা মহাবিদ্যালখনে ২৫ টা বিভাগৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক সেৱা আগবঢ়াই আহিছে ।

পৰ্যালোচনা সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ :

দেওবাৰৰ পৰা তিনিদিনৰ বাবে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত থাকি ৰাজ্যৰ কাম-কাজৰ তদাৰক কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত । মন্ত্ৰী প্ৰশান্ত ফুকন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈক লগত লৈ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ অধ্যক্ষ, অধীক্ষক আৰু চিকিৎসকসকলৰ লগত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

এই আলোচনাত মহাবিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰৰ পৰা ৰোগীক প্ৰদান কৰা সেৱালৈকে সকলো বিষয়ৰ বুজ ল'লে মুখ্য়মন্ত্ৰীগৰাকীয়ে । লগতে মহাবিদ্যালয়খনত চলি থকা উন্নয়নমূলক কাম-কাজ খতিয়ান লয় মুখ্যমন্ত্ৰীয়ে ।

অসম চিকিৎসা মহাবিদ্যালয়ত পৰ্যালোচনা সভা সামৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদ মাধ্যমৰ আগত কয়, "আজি মহাবিদ্যালয়খনৰ কাম-কাজৰ এটা খতিয়ান ল'লো । বৰ্তমান সময়ত মহাবিদ্যালয়খনৰ অৱস্থিতি আৰু আগলৈ গৈ কি কৰিব লাগিব তাৰ বিষয়ে আলোচনা কৰিলো । অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে এটা নতুন প্ৰকল্প আহি আছে । ৩০০ কোটি টকাৰে এটা আবাসিক ক'লনি নিৰ্মাণ কৰা হ'ব য'ত পুৰণি ঘৰ বিলাকৰ পৰিবৰ্তে অধ্যাপক, সহ অধ্যাপক, তৃতীয় আৰু চতুৰ্থ শ্ৰেণী কৰ্মচাৰীৰ আবাসিক ক'লনি বনোৱাৰ পৰিকল্পা কৰা হৈছে । তাৰ বিষয়ে আলোচনা কৰা হয় । মহাবিদ্যালয়খনৰ বহুকেইটা সমস্যাৰ কথা আমাক অৱগত কৰিছে, সেইসমূহ সমাধান কৰিবলৈ চেষ্টা কৰা হ'ব ।"

লগতে পঢ়ক:পূৰ্বৰ তুলনাত চলিত বৰ্ষত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ সংখ্যা হ্ৰাস

ABOUT THE AUTHOR

...view details