অসম

assam

ETV Bharat / state

লাহে লাহে সুস্থ হৈছে পদ্মশ্ৰী বিৰুবালা ৰাভা - Birubala Rabha In GMCH - BIRUBALA RABHA IN GMCH

Activist Birubala Rabha : দুৰাৰোগ্য জটিল ৰোগত আক্ৰান্ত সমাজকৰ্মী পদ্মশ্ৰী বিৰুবালা ৰাভাৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ সুস্থ হোৱা বুলি জনাই চিকিৎসালয় কৰ্তৃপক্ষই । ২২ এপ্ৰিলৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে বিশিষ্ট সমাজকৰ্মীগৰাকী ।

Padma Shri Birubala Rabha is slowly recovering from cancer
লাহে লাহে সুস্থ হৈছে কৰ্কট ৰোগত আক্ৰান্ত পদ্মশ্ৰী বিৰুবালা ৰাভা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 11, 2024, 7:52 PM IST

লাহে লাহে সুস্থ হৈছে কৰ্কট ৰোগত আক্ৰান্ত পদ্মশ্ৰী বিৰুবালা ৰাভা (ETV Bharat Assam)

গুৱাহাটী, ১১ মে': গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা বিৰুৱালা ৰাভাৰ স্বাস্থ্য আগতকৈ কিছু উন্নত হৈছে ৷ চিকিৎসালয় কৰ্তৃপক্ষই আজি জানিবলৈ দিয়ে এই কথা । দীৰ্ঘদিন ধৰি দুৰাৰোগ্য জটিল ৰোগত আক্ৰান্ত সংগ্ৰামী নাৰী সত্ত্বা বিৰুৱালা ৰাভাই বিগত ২২ এপ্ৰিলৰ পৰা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসাধীন হৈ আছিল ৷

৪ মে'ত তেওঁ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি কৰা হয় । বৰ্তমানো তেওঁ ICU তেই চিকিৎসাধীন হৈ আছে যদিও স্বাস্থ্য আগতকৈ কিছু উন্নত হৈছে চিকিৎসালয় কৰ্তৃপক্ষই আজি জানিবলৈ দিয়ে । ২০২১ বৰ্ষত পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালা ৰাভা বৰ্তমান কৰ্কট ৰোগৰ ৩য় পৰ্যায়ত আছে বুলিও চিকিৎসকে জানিবলৈ দিয়ে ৷

আনহাতে আজি বিৰুবালা ৰাভাৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ইপিনে ২০২১ বৰ্ষত পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালা ৰাভাৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে ইলোৰা বিজ্ঞান মঞ্চই । উল্লেখ্য যে গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল ।

শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল । ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰাভা ৷ ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে জনজাগৰণৰ সৃষ্টি কৰি আহিছে । প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম চলাই আহিছে ।

লগতে পঢ়ক:গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICU ত ভৰ্তি পদ্মশ্ৰী বিৰুৱালা ৰাভা - Birubala Rabha In GMCH

আন্তৰ্জাতিক নাৰী দিৱস: স্ব-মহিমাৰে উদ্ভাসিত অসমৰ ৫ গৰাকী মহিলা

ABOUT THE AUTHOR

...view details