অসম

assam

ETV Bharat / state

চৰকাৰী বিদ্যালয় : সময়মতে নাহে ছাৰ, হাৰাশাস্তি ভুগিছে শিক্ষাৰ্থীয়ে

Assam Govt school : কামপুৰৰ তেতেঁলীসৰা বামুনীজান নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত সময়মতে শিক্ষক উপস্থিত নোহোৱাৰ অভিযোগ । আনকি মধ্যাহ্ন ভোজন যোগান নধৰাৰো অভিযোগ তুলিলে বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে ।

Headmaster of Bamunijan nabajyoti lp school does not arrive on time
চৰকাৰী বিদ্যালয়ত সময়মতে শিক্ষক উপস্থিত নথকাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 8:30 AM IST

চৰকাৰী বিদ্যালয়ত সময়মতে শিক্ষক উপস্থিত নথকাৰ অভিযোগ

বঢ়মপুৰ, 1 মাৰ্চ :ৰাজ্যৰ শিক্ষা বিভাগতসংস্কাৰ অনাৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন ন ব্যৱস্থা গ্ৰহণ কৰি অহাৰ পিচতো আঁতৰা নাই বিভাগটোৰ আঁসোৱাহ ৷ অব্যাহত একাংশ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুষ্ঠানৰ প্ৰতি থকা অমনোযোগিতা ৷

এনে ঘটনা পুনৰ সংঘটিত হৈছে কামপুৰৰ তেতেঁলীসৰা বামুনীজান নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত । বিদ্যালয়খনত সময়মতে শিক্ষক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে । খোদ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে এই অভিযোগ তুলিছে ।

তেতেঁলীসৰা বামুনীজান নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সীমান্ত কাকতিৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষকগৰাকী সময়মতে বিদ্যালয়খনত উপস্থিত নোহোৱাৰ অভিযোগ আনিছে খোদ বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে ।

আনহাতে প্ৰধান শিক্ষকসহ এজন সহকাৰী শিক্ষকেৰে চলি থকা স্কুলখনত বৃহস্পতিবাৰে সহকাৰী শিক্ষকগৰাকীও অনুপস্থিতি আছিল ৷ যাৰ ফলত বিদ্যালয়ৰ কাম-কাজ 10 বজা পৰ্যন্ত আৰম্ভই হোৱা নাছিল ৷ পাঠ্যপুথিৰ পৰিৱৰ্তে সমনীয়াৰ সৈতে ওমলি-জামলি সময় পাৰ কৰে কণ কণ শিক্ষাৰ্থীসকলে ৷ ইফালে বাৰ্ষিক পৰীক্ষাৰ গইনা লৈ প্ৰধান শিক্ষকগৰাকীয়ে মধ্যাহ্ন ভোজন যোগান নধৰাৰ অভিযোগ তুলিলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ।

উল্লেখ্য যে, প্ৰায় 50/60 গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত সহকাৰী শিক্ষক মাত্ৰ এজন নিযুক্তি দিয়াত শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনত নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বুলি জানিবলৈ দিয়ে সচেতন মহলে । ইফালে মূৰৰ পৰা গেলিব ধৰা পৰিলক্ষিত হোৱা ৰাজ্যৰ শিক্ষা বিভাগটোৱে চৰকাৰী খণ্ডৰ এনে দায়িত্ব জ্ঞানহীন শিক্ষকৰ ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়াহে পৰৱৰ্তী সময়ত হ’ব এক গুৰুত্বপূৰ্ণ লক্ষণীয় বিষয় ।

লগতে পঢ়ক:ৰাজ্যত কোন ৭০ খন মহাবিদ্যালয়ত লাগিব তলা ?

ABOUT THE AUTHOR

...view details