অসম

assam

বিলাসী হোটেলত ব্ৰেকফাষ্ট ! চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজ আতিথ্য ? - Stock Trading scam

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 5:05 PM IST

Stock trading scam: প্ৰায় ১০ দিন ধৰি চলি থকা বিশাল ফুকনৰ ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰটোৰ বিতৰ্কৰ অন্তত আটক চুমী বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক । কিন্তু পুৱা দুয়োকে বিলাসী হোটেললৈ কিয় লৈ গৈছিল আৰক্ষীয়ে ? শীত-তাপ নিয়ন্ত্ৰিত কোঠাত কি কৰিছিল দুয়ো অভিযুক্তই ?

Stock Trading scam
চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজআতিথ্য (ETV Bharat)

ডিব্ৰুগড়, ১২ ছেপ্টেম্বৰ :ৰাজ্যত শেহতীয়া কিছুদিন ধৰি ট্ৰেডিং, বিশাল ফুকন, চুমী বৰা, চুমী বৰাৰ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক আদি বিষয়ক লৈ ব্যাপক চৰ্চা চলি আছে । ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত বিশাল ফুকনক গ্ৰেপ্তাৰৰ লগে লগে বিষয়টোত নাম সাঙোৰ খাইছিল অভিনেত্ৰী তথা কৰিঅ'গ্ৰাফাৰ চুমী বৰা আৰু তেওঁৰ স্বামী তাৰ্কিকৰ । কিন্তু ২ ছেপ্টেম্বৰৰ পৰাই আত্মগোপন কৰি আছিল চুমী আৰু তাৰ্কিক ।

চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজ আতিথ্য (ETV Bharat)

চুমী-তাৰ্কিকক আটক

পলাতক দম্পতীক আটকৰ বাবে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছিল । আনকি তেওঁলোকক আটক কৰিবলৈ এছ টি এফ গঠন কৰিছিল আৰক্ষীয়ে । তীব্ৰ উৎকণ্ঠাৰ পিছত হঠাৎ অভিযুক্ত চুমী বৰাই বুধবাৰে আত্মসমৰ্পণ কৰাৰ কথা কৈ এটা ভিডিঅ' মুকলি কৰে । ৰহস্যজনকভাৱে সেই ভিডিঅ'টোৰ পিছতে ডিব্ৰুগড়ত চুমী বৰা আৰু স্বামী তাৰ্কিকক এছ টি এফে আটক কৰে ।

আত্মসমৰ্পণ নে আটক ?

ইফালে চুমী বৰাই আত্মসমৰ্পণ কৰিম বুলি ভিডিঅ' প্ৰেৰণ কৰাৰ পিছতে নিশাৰে পৰা ডিব্ৰুগড় সদৰ থানাত ভিৰ কৰি থাকে বিভিন্ন সংবাদ মাধ্যমে । কিন্তু ৰহস্যজনকভাৱে পুৱা এছ টি এফে ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে চুমী আৰু তাৰ্কিকক । দুয়োগৰাকীয়ে আত্মসমৰ্পণ কৰিলে নে এছ টি এফে আটক কৰিলে তাক লৈ এতিয়া বিভিন্ন মহলত ৰহস্যৰ সৃষ্টি হৈছে । তেওঁলোকক ক'ত আৰু কেনেকৈ আটক কৰা হ'ল সেয়াও ৰহস্যৰ আৱৰ্তত । কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে যে চুমী আৰু তাৰ্কিকক সংবাদ মাধ্যমৰ পৰা লুকুৱাই লৈ যোৱা হৈছিল ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা বিলাসী হোটেল ডিব্ৰুগড় ক্লাৱ হাউছলৈ !

চুমী-তাৰ্কিকক ৰাজ আতিথ্য নেকি ?

জানিব পৰা মতে পুৱা প্ৰায় ৫.৩০ মান বজাত আৰক্ষীৰ এটা দলে ডিব্ৰুগড়ৰ ক্লাৱ হাউছলৈ লৈ গৈছিল চুমী আৰু তাৰ্কিকক । বিলাসী ডিব্ৰুগড় ক্লাৱ হাউছৰ ২১ নম্বৰ কোঠাটোত জিৰণি লৈছিল দুয়োগৰাকী । শীত-তাপ নিয়ন্ত্ৰিত কোঠাটোত দুয়ো ব্ৰেকফাষ্ট গ্ৰহণ কৰিছিল । প্ৰায় ২ ঘণ্টা ধৰি কোঠাটোতে আছিল চুমী আৰু তাৰ্কিক । এয়া আমাৰ কথা নহয়, খোদ ডিব্ৰুগড় ক্লাৱ হাউছৰ কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত এই কথা স্বীকাৰ কৰিলে ।

হোটেলৰ মেনেজাৰে কি কয় ?

সমগ্ৰ বিষয়টো সন্দৰ্ভত মেনেজাৰে কয়,"আৰক্ষীয়ে প্ৰায় ৫.৩০ মান বজাত তেওঁলোকক লৈ আহিছিল । সেই সময়ত আমাৰ কৰ্মচাৰীয়ে তেওঁলোকক চিনি পোৱা নাছিল । আৰক্ষীয়ে হোটেলৰ এটা কোঠা বিচাৰিছিল । আমাৰ কৰ্মচাৰীয়ে ২১ নম্বৰ কোঠাটো দিছিল । তেওঁলোকে ব্ৰেকফাষ্ট কৰিছিল আৰু গা ধুইছিল । আৰক্ষীয়ে প্ৰয়োজন হ'লে পুনৰ নিশা কোঠাটো ল'ব পাৰে বুলিও আমাক কৈছে ।"

উল্লেখ্য যে এছ টি এফে থানাৰ পৰিৱৰ্তে চুমী-তাৰ্কিকক বিলাসী হোটেললৈ লৈ যোৱা বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে । আৰক্ষীৰ ভূমিকাক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে । আৰক্ষীয়ে তেওঁলোকক ৰাজআতিথ্য দিয়া বুলিও একাংশ লোকে অভিযোগ কৰিছে ।

প্ৰায় ১০ দিন পলাতক হৈ থকা চুমী আৰু তাৰ্কিকক আৰক্ষীয়ে ক'ৰ পৰা কেনেকৈ আটক কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আৰক্ষীয়ে কোনো তথ্য এতিয়ালৈ মুকলি কৰা নাই । অৱশ্যে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক সকলো কথা স্পষ্ট কৰিব বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক :এছ টি এফে ডিব্ৰুগড় আৰক্ষীক গতালে চুমী-তাৰ্কিক: চিআইডিয়ে চলাব জেৰা - STF trap Sumi and Tarkik

ABOUT THE AUTHOR

...view details