গোলাঘাট, ১৪ আগষ্ট :৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ অধীনত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পৌৰসভাৰ পৰা এক সমদল উলিওৱা হয় । সমগ্ৰ দেশৰ লগতে গোলাঘাটতো বুধবাৰে অসম চৰকাৰৰ নিৰ্দেশনা অনুযায়ী গোলাঘাট পৌৰসভাৰ উদ্যোগত এই সমদল উলিওৱা হয় । ইয়াত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।
আনহাতে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে সংবাদ মাধ্যমৰ আগত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সমগ্ৰ দেশে ত্ৰিৰংগ পতাকাৰ প্ৰতি সন্মান জনাই হাতে হাতে জাতীয় পতাকা লৈ ৰাজপথলৈ ওলাই আহিছে । গোলাঘাটতো হাজাৰ হাজাৰ পুৰুষ-মহিলাই হাতে হাতে ত্ৰিৰংগ পতাকা লৈ ওলাই আহিছে । এই মুহূৰ্তত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ লগতে মুক্তিযুঁজাৰুসকলৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।"