ETV Bharat Assam

অসম

assam

ETV Bharat / state

উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ - PROTEST FOR SAVE DIGHALIPUKHURI

"মুখ্যমন্ত্ৰী মহোদয়, কটন কলেজৰ কথা মনত পেলাওক । কটন কলেজৰ সোঁৱৰণী ওলমি আছে এই গছকেইডালত, পানী কাউৰী, আবেলি আবেলি গোন্ধবোৰত ।" মাইনী মহন্ত ।

Protest For Save Dighalipukhuri
দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 4:05 PM IST

গুৱাহাটী : উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰে গুৱাহাটীৰ ঐতিহ্যবাহী দীঘলীপুখুৰীক ধ্বংস কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে ৰাজপথত নামিল গুৱাহাটীৰ সচতন ৰাইজ । দীঘলীপুখুৰীৰ চৌপাশে থকা গছ সুৰক্ষাৰ বাবে চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে ৰাজপথত মুখৰ হৈ পৰে মহানগৰৰ সচেতন নাগৰিক সমাজ । সাহিত্যিক, সাংবাদিক, চিত্ৰশিল্পী, শিক্ষক, ৰাজনীতিক- সকলোৱে দীঘলীপুখুৰীপাৰত সমবেত হৈ গছকটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে গুৱাহাটীৰ মণিৰাম দেৱান পথ আৰু গোপীনাথ বৰদলৈ পথ সংযোগী নির্মীয়মাণ উৰণ সেতুক কেন্দ্ৰ কৰি গুৱাহাটীবাসীৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ এই উৰণ সেতুৱে দীঘলীপুখুৰীপাৰৰ জৈৱ-বৈচিত্র্য, ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যত বিৰূপ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে । ঐতিহাসিক আৰু পাৰিপাৰ্শ্বিক দিশৰ পৰা এই অঞ্চলটোৰ বিশেষ গুৰুত্ব আছে ।

দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

তদুপৰি, স্থানীয় লোকসকলেও পুৱা-গধূলি খোজকঢ়া, ফুৰা-চকা আৰু জিৰণি লোৱাৰ বাবে এক উত্তম স্থান হিচাপে এই দীঘলীপুখুৰীপাৰটো পছন্দ কৰে । পৰ্যটকৰ বাবেও দীঘলীপুখুৰী এক আকর্ষণীয় ঠাই । ইয়াত ৰবীন্দ্ৰ ভৱন, অসম ৰাজ্যিক সংগ্ৰহালয়ৰ দৰে সাংস্কৃতিক কেন্দ্ৰও আছে ।

দীঘলীপুখুৰীটো আৰু ইয়াৰ চৌপাশে থকা শত বছৰ পুৰণি গছবোৰ বিভিন্ন প্ৰজাতিৰ বিহংগৰো আশ্রয়স্থল । উৰণ সেতু নিৰ্মাণৰ বাবে এই শতবছৰ পুৰণি গছবোৰ কাটিলে অঞ্চলটোৰ আৰু সামগ্রিকভাৱে গুৱাহাটীৰ জৈৱ-বৈচিত্ৰ্যত গুৰুতৰ নেতিবাচক প্ৰভাৱ পৰিব । আনহাতে, উৰণ সেতু নির্মাণে দীঘলীপুখুৰীপাৰৰ সৌন্দৰ্যও স্নান কৰি পেলাব ।

দীঘলীপুখুৰীৰ ২৫ ডাল গছ কটা যাব

ৰিজাৰ্ভ বেংকৰ কাষৰ পৰা নুনমাটিলৈ প্রায় ছয়মাইল দৈৰ্ঘ্যজোৰা উৰণ সেতু নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । ইয়াৰ মাজতে উৰণ সেতুৰ নক্সাৰ পৰিৱৰ্তন ঘটাই তৈয়বুল্লা পথক সামৰি লোৱাত দীঘলীপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্যক ক্ষতিগ্রস্ত কৰিব বুলি স্থানীয় জনসাধাৰণৰ লগতে গুৱাহাটীবাসী ক্ষুব্ধ হৈ পৰিছে ।

সোমবাৰে কর্তৃপক্ষই দীঘলীপুখুৰীৰ দুয়োকাষৰ মহম্মদ তৈয়বুল্লা পথ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ পথৰ প্ৰায় ২৫ ডাল গছ কটাৰ বাবে চিহ্নিত কৰি হালধীয়া ৰঙৰ ক্ৰছ চিহ্ন আঁকি দিছে । ইয়াৰ ভিতৰত প্ৰায় দুশ বছৰীয়া গছো আছে বুলি অভিযোগ উত্থাপন হৈছে ।

তথ্য জনাৰ অধিকাৰ আইন অনুসৰি কৰা এক আবেদনৰ উত্তৰত লোকনির্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই স্বীকাৰ কৰিছে যে উক্ত উৰণ সেতুৱে দীঘলীপুখুৰীপাৰৰ পাৰিপাৰ্শ্বিকতা আৰু ঐতিহ্যৰ ওপৰত পেলাব পৰা সম্ভাৱ্য প্রভাৱ সম্পর্কে কোনো ধৰণৰ অধ্যয়ন কৰা নাই আৰু ৰাজহুৱা শুনানিৰো ব্যৱস্থা কৰা নাছিল ।

আদালতৰ দ্বাৰস্থ হ'ব নাগৰিক সমাজ

ইফালে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ উদ্বিগ্ন হৈ পৰিছে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক আৰু সচেতন লোকসকল । 'Save the greenary and biodiversity of Dighalipukhuri' নামৰ সংগঠনটোৱে ইতিমধ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণলৈ ইমেল প্ৰেৰণ কৰিছে । লগতে এই সন্দৰ্ভত আদালততো সংগঠনটোৱে পি আই এল দাখিল কৰিব ।

উল্লেখ্য যে উদ্বিগ্ন একাংশ বিশিষ্ট ব্যক্তিয়ে ইতিমধ্যে এসপ্তাহ পূর্বে change.org ‘দীঘলীপুখুৰী : গুৱাহাটীৰ সেউজ হাঁওফাওঁ' শীৰ্ষক এক আবেদনৰ জৰিয়তে গুৱাহাটীবাসীক দীঘলীপুখুৰীপাৰত উৰণ সেতু নিৰ্মাণৰ বিৰোধিতা কৰিবলৈ এক স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে ।

এই অভিযানক সমর্থন জনাই তিনি সহস্ৰাধিক লোকে স্বাক্ষৰ কৰিছে । ইয়াৰ সমান্তৰালভাৱে দীঘলীপুখুৰীপাৰত উৰণ সেতু নিৰ্মাণৰ বিৰোধিতাৰে লেখক-শিক্ষাবিদ ইন্দ্রাণী দত্ত, অধিবক্তা শান্তনু বৰঠাকুৰ, সাংবাদিক মাইনী মহন্ত, শিক্ষাবিদ অপূৰ্ব বৰুৱা, শিক্ষাবিদ প্ৰদীপ আচাৰ্য, বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক নেত্ৰী মীৰা বৰঠাকুৰ, বিশিষ্ট সাহিত্যিক ৰত্না ভৰালী তালুকদাৰ, মছদ্দৰ হুছেইন আদি উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় একতা দিৱস; সৰুসজাইত ৰাষ্ট্ৰীয় একতা দৌৰ উদ্বোধন কৰি লৌহ মানৱক স্মৰণ সৰ্বানন্দ সোণোৱালৰ
লগতে পঢ়ক :বৈদ্যুতিক সামগ্ৰীৰ পয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীৰ জীৱন-জীৱিকালৈ

ABOUT THE AUTHOR

...view details