ETV Bharat / state

বৈদ্যুতিক সামগ্ৰীৰ পয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীৰ জীৱন-জীৱিকালৈ - DIWALI 2024

ৰং-বিৰঙী লাইট আৰু চাকিৰ প্ৰয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীসকলৰ । তথাপিও দীপান্বিতাৰ পূৰ্বে বৃদ্ধি পাইছে কুমাৰসকলৰ ব্যস্ততা ।

Moran Small potters
বৈদ্যুতিক সামগ্ৰীৰ পয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 1:42 PM IST

মৰাণ: সন্মুখত পোহৰৰ উৎসৱ দীপান্বিতা । প্ৰতিবছৰৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি ৰাইজে অনুষ্ঠিত কৰিব দীপাৱলী । দীপাৱলীৰ দিনা আপোনাৰ ঘৰৰ চৌপাশ আলোকেৰে উজলাই তুলিবলৈ দিন-ৰাতি একাকাৰ কৰিছে মৃৎশিল্পীসকলে । আপোনাৰ-মোৰ ঘৰ আৰু পদুলিমুখ আলোকোজ্বল কৰি তুলিবলৈ মৃৎশিল্পীসকলে সাজি উলিয়াইছে সৰু-বৰ বিভিন্ন আকৃতিৰ মাটিৰ চাকি । কিন্তু অসমৰ বহু শ বছৰ পুৰণি থলুৱা শিল্পী কুমাৰসকলৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে ।

ৰং-বিৰঙী লাইট আৰু চাকিৰ পয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীসকললৈ । তথাপিও দীপান্বিতাৰ পূৰ্বে বৃদ্ধি পাইছে কুমাৰসকলৰ ব্যস্ততা । অসমৰ পৌৰাণিক এই মৃৎশিল্প জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোকে । কিন্তু বজাৰত চীনা ৰং-বিৰঙী লাইট আৰু চাকিৰ পয়োভৰে থলুৱা উদ্যোগীসকলৰ ব্যৱসায়ত বিৰূপ প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰে মৃৎশিল্পীসকলে ।

সংকটত মৰাণৰ মৃৎশিল্পী (ETV Bharat Assam)

মৰাণত গ্ৰাহকৰ আশাত ৰৈছে মৃৎ সামগ্ৰীৰ বিক্ৰেতাসকল

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দীপাৱলী উপলক্ষে মৰাণতো মৃৎশিল্পীসকলৰ এতিয়া ভীষণ ব্যস্ততা । দিনে-নিশাই কুমাৰশালত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত এওঁলোক । ঘৰৰ ভিতৰে-বাহিৰে দমে দমে সজাই থোৱা হৈছে মাটিৰ চাকিসমূহ । পূৰ্বতে বিশেষকৈ দীপান্বিতাৰ পূৰ্বে ব্যাপক হাৰত বৃদ্ধি হৈছিল মাটিৰ চাকিৰ চাহিদা । কিন্তু এইবাৰ তেনে পৰিৱেশ নাই বুলি জনাইছে মৰাণৰ ব্যৱসায়ীসকলে ।

পূৰ্বে এইসকলৰ কুমাৰশালৰ পৰা মাটিৰ চাকি আন ব্যৱসায়ীসকলে লৈ গৈছিল অন্যান্য স্থানত বিক্ৰী কৰিবলৈ । বহু লোকে মৰাণৰ ঊষাপুৰত থকা কুমাৰশালৰ পৰা নিজেই ক্ৰয় কৰিছিল মাটিৰ চাকিৰ লগতে আন সামগ্ৰী । কিন্তু এইবাৰ পূৰ্বৰ তুলনাত দীপাৱলীৰ বজাৰ বেয়া বুলি জানিবলৈ দিয়ে মৃৎ সামগ্ৰীৰ বিক্ৰেতাসকলে ।

অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ'লেও কিন্তু মাটিৰ সামগ্ৰীৰ দাম বৃদ্ধি নোহোৱাত আক্ষেপ মৃৎশিল্পীৰ

দীপাৱলীলৈ মাজত মাত্ৰ দুটা দিন বাকী । মৃৎশিল্পীসকল এতিয়াও ব্যস্ত মাটিৰ চাকি বনোৱাত । নিজৰ পৰম্পৰাগত বৃত্তি এৰিব পৰা নাই মৃৎশিল্পীসকলে । ডিব্ৰুগড়ৰ লাহোৱালৰ আলিমূৰত বহুকেইটা পৰিয়াল এতিয়া ব্যস্ত হৈ পৰিছে মাটিৰ চাকি প্ৰস্তুত কৰাত ।

হাজাৰ হাজাৰ মাটিৰ চাকি প্ৰস্তুত কৰি লাহোৱাল, ডিকম, ঘোঁৰামৰা আৰু বিভিন্ন প্ৰান্তত বিক্ৰীৰ বাবে পঠাব চাকি । প্ৰত্যেক বছৰে আলিমূৰৰ এইসকল মৃৎশিল্পীয়ে প্ৰায় লক্ষাধিক মাটিৰ চাকি প্ৰস্তুত কৰি বিভিন্ন স্থানলৈ বিক্ৰী কৰি পৰিয়াল চলাই আহিছে । কিন্তু পূৰ্বৰ দৰে এইবাৰ মাটিৰ চাকি বিক্ৰী হোৱা নাই বুলি জানিবলৈ দিয়ে এইসকল ব্যৱসায়ীয়ে ।

ৰাজ্যত সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি হ'লেও কিন্তু মৃৎশিল্পীসকলৰ মাটিৰ সামগ্ৰীৰ দাম বৃদ্ধি নহ'ল । যাৰ ফলত লোচকানৰ সন্মুখীন হ'বলগীয়া হৈছে বুলিও আক্ষেপ কৰিছে এইসকল থলুৱা শিল্পীয়ে ।

চৰকাৰলৈ কি আহ্বান এইসকল মৃৎশিল্পীৰ

আধুনিকতা আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত সমাজত চলি অহা বহু পৰম্পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে । ইয়াৰ ভিতৰত আছে দীপান্বিতাত ব্যৱহাৰ কৰা মাটিৰ চাকিৰ লগতে মাটিৰ আন সামগ্ৰীসমূহো । পূৰ্বে দীপান্বিতা বুলি ক'লে মাটিৰ চাকি জ্বলাই ঘৰৰ চৌহদ উজলাই তোলা হৈছিল । এতিয়া মাটিৰ চাকিৰ সলনি ৰং-বিৰঙী লাইট আৰু বৈদ্যুতিক চাকি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ।

ফলত শ বছৰীয়া পুৰণি অসমৰ মৃৎশিল্প ধ্বংসৰ গৰাহত । সেয়ে এই শিল্পকৰ্মৰ লগত জড়িতসকলে চৰকাৰক ৰং-বিৰঙী লাইট আৰু বৈদ্যুতিক চাকিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ পোষ্ট দেখি উৎসাহিত বৰপেটাৰ আতচবাজী উদ্যোগী
লগতে পঢ়ক : হাজাৰ দুখ-কষ্টৰ মাজতো দীপাৱলীত পোহৰ বিলাবলৈ সাজু অনিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.